প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুজৰাটৰ কচ্ছত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 09 OCT 2026 7:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কচ্ছত সংঘটিত এটা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে এইদৰে;

গুজৰাটৰ কচ্ছত সংঘটিত এটা দুৰ্ঘটনাত প্ৰাণহানি হোৱাৰ খবৰ শুনি দুখিত হৈছো। এই শোকাৱহ ঘটনাত যিসকলে নিজৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকলৈ মই সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁঃ প্ৰধানমন্ত্ৰী @narendramodi

****

MJPS/SS/VJ/MK


(ৰিলিজ আই ডি : 2321622) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Gujarati