প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চৰকাৰৰ মুৰব্বীৰূপে ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰা উপলক্ষ্যে বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বাৰ্ট ডি ৱেভাৰে জনোৱা শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কৃতজ্ঞতা জ্ঞাপন
পোষ্ট কৰা হৈছে:
07 OCT 2026 8:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেলজিয়ামৰ প্ৰধানমন্ত্ৰী বাৰ্ট ডি ৱেভাৰে জনোৱা আন্তৰিক শুভেচ্ছাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে।প্ৰধানমন্ত্ৰীয়ে ভাৰত-বেলজিয়াম সম্পৰ্কত সৃষ্টি হোৱা ইতিবাচক গতি আৰু অধিক শক্তিশালী কৰাৰ লগতে দুয়োখন দেশৰ দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ বাবে একেলগে কাম কৰাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিৰ কথা পুনৰ নিশ্চিত কৰে।
শ্ৰী মোদীয়ে এক্সত এনেদৰে লিখিছে—
“প্ৰধানমন্ত্ৰী বাৰ্ট ডি ৱেভাৰ, আপোনাৰ আন্তৰিক শুভেচ্ছাৰ বাবে ধন্যবাদ।আমাৰ দ্বিপাক্ষিক সম্পৰ্কত সৃষ্টি হোৱা ইতিবাচক গতি ত্বৰান্বিত কৰিবলৈ তথা দুয়োখন দেশৰ দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰিবলৈ আপোনাৰ সৈতে একেলগে কাম কৰি যাবলৈ মই আগ্ৰহী।”
@Bart_DeWever
***
MJPS/SS/VJ/DM
(ৰিলিজ আই ডি : 2320674)
অতিথি কক্ষ : 2