প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চৰকাৰৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে বিশ্বনেতাসকলে জনালে উষ্ম অভিনন্দন

পোষ্ট কৰা হৈছে: 07 OCT 2026 4:56PM by PIB Guwahati

চৰকাৰৰ মুৰব্বী হিচাপে একেৰাহে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰনেতাসকলে উষ্ম শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। ২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি ২০১৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰালৈকে ২৫ বছৰীয়া এই যাত্ৰাৰ বাবে বিশ্বনেতাসকলে প্ৰধানমন্ত্ৰী মোদীৰ ৰূপান্তৰকাৰী নেতৃত্ব, সুশাসনৰ প্ৰতি নিষ্ঠা আৰু বিশ্বশান্তি তথা বহনক্ষম উন্নয়নৰ প্ৰতি তেওঁৰ অংগীকাৰৰ প্ৰশংসা কৰে।

ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাই কয়—

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আপুনি আমাৰ সময়ৰ এক অনন্য ব্যক্তিত্ব।”

নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৱে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাই কয়—

“নাইজেৰিয়া যুক্তৰাষ্ট্ৰীয় গণৰাজ্যৰ চৰকাৰ আৰু জনসাধাৰণৰ হৈ লগতে মোৰ নিজৰ ফালৰ পৰা ভাৰতীয় গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদীক এক ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰাৰ বাবে উষ্ম আৰু ভ্ৰাতৃত্বপূৰ্ণ অভিনন্দন জ্ঞাপন কৰিছোঁ।”

“আজি, ৭ অক্টোবৰ ২০২৬, ২০০১ চনত গুজৰাটৰ চৰকাৰৰ মুৰব্বী আৰু মুখ্যমন্ত্ৰী হিচাপে তেওঁ প্ৰথমবাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ দিন।”

“তেওঁৰ জনসেৱাৰ যাত্ৰা নিৰৱচ্ছিন্নভাৱে অব্যাহত আছে। গুজৰাটৰ জনসাধাৰণৰ সেৱাত ১২ বছৰতকৈও অধিক সময় অতিবাহিত কৰাৰ পাছত ২০১৪ চনৰ পৰা তেওঁ ভাৰতীয় প্ৰজাতন্ত্ৰৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আহিছে।”

“এখন গণতান্ত্ৰিক দেশত একেৰাহে এক চতুৰ্থাংশ শতিকাজুৰি নেতৃত্ব দি অহাটো এক বিৰল কৃতিত্ব। বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশখনত এয়া ভাৰতীয় জনসাধাৰণে তেওঁৰ ওপৰত দীৰ্ঘদিন ধৰি ৰখা আস্থাৰ এক শক্তিশালী প্ৰমাণ।”

গ্ল’বেল ছাউথৰ সহযোগী গণতন্ত্ৰ আৰু আগশাৰীৰ কণ্ঠ হিচাপে নাইজেৰিয়া আৰু ভাৰতে অধিক ন্যায্য, অধিক অন্তৰ্ভুক্ত আৰু অধিক প্ৰতিনিধিত্বমূলক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰতি এক উমৈহতীয়া প্ৰতিশ্ৰুতি ভাগ কৰে। মই আশাবাদী যে তেওঁৰ  নেতৃত্বত আমাৰ দুয়োখন দেশৰ জনসাধাৰণৰ মাজত থকা বন্ধুত্বৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উল্লেখযোগ্য মাইলৰ খুঁটি উদযাপন কৰাৰ সময়ত মই তেওঁক সুস্বাস্থ্য, অব্যাহত শক্তি আৰু ভাৰতৰ জনসাধাৰণৰ সেৱাত অধিক সফলতা কামনা কৰিছোঁ।

বোলা আহমেদ টিনুবু

ৰাষ্ট্ৰপতি তথা সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক

নাইজেৰিয়া যুক্তৰাষ্ট্ৰীয় গণৰাজ্য

আবুজা, ৭ অক্টোবৰ ২০২৬

ফিলিপাইনছৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই কয়—

“চৰকাৰৰ মুৰব্বী হিচাপে একেৰাহে ২৫ বছৰ ধৰি জনসেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।

গুজৰাটৰ পৰা বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ নেতৃত্ব প্ৰদান কৰালৈকে প্ৰধানমন্ত্ৰী মোদীৰ যাত্ৰা সুশাসন, উদ্ভাৱন, প্ৰযুক্তি, আন্তঃগাঁথনি আৰু উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপেৰে চিহ্নিত হৈছে। এই নেতৃত্বই ভাৰতৰ ৰূপান্তৰ আৰু বিশ্ব পৰ্যায়ত দেশখনৰ ক্ৰমবৰ্ধমান ভূমিকাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।”

মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ জনসাধাৰণৰ সেৱাত তেওঁৰ অব্যাহত সফলতাৰ বাবে শুভেচ্ছা জনাইছোঁ।

২০২৫ চনত আমাৰ মাজত কৌশলগত অংশীদাৰিত্ব স্থাপনৰ পৰা আৰম্ভ কৰি যোৱা মাহত ফিলিপাইনছে দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটত যোগদান কৰালৈকে আমাৰ দুয়োখন দেশৰ সম্পৰ্ক ক্ৰমাগতভাৱে অধিক শক্তিশালী হৈ আহিছে। নৱেম্বৰ মাহত দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন-ভাৰত আৰু পূব এছিয়া শীৰ্ষ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মেনিলালৈ আদৰণি জনাবলৈ মই আগ্ৰহী।

নেপালৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই কয়—

“নিষ্ঠাপূৰ্ণ জনসেৱাৰ ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ।আগন্তুক বছৰবোৰত আপোনাৰ আৰু আপোনাৰ চৰকাৰৰ  সফলতা আৰু সমৃদ্ধি কামনা কৰিছে নেপালে।”

বটছৱানা গণৰাজ্যৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই কয়—

“চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক অভিনন্দন জনাইছোঁ।ভাৰতৰ জনসাধাৰণৰ প্ৰতি আপোনাৰ নিষ্ঠা আৰু সেৱাৰ আমি শলাগ লৈছোঁ। আগন্তুক দিনবোৰত আপোনাৰ সফলতা কামনা কৰাৰ লগতে আমাৰ দুয়োখন দেশৰ মাজত থকা দীৰ্ঘস্থায়ী বন্ধুত্ব অধিক শক্তিশালী হৈ থকাৰ বাবে আমি আগ্ৰহী।”

 

বেলজিয়ামৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই কয়—

“গুজৰাটৰ পৰা নতুন দিল্লীলৈ চৰকাৰৰ নেতৃত্বত একেৰাহে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক অভিনন্দন জনাইছোঁ।

যোৱা মাহত মই ভাৰত ভ্ৰমণ কৰি ফলপ্ৰসূ আলোচনাত মিলিত হোৱাৰ পাছত, আমাৰ দুয়োখন দেশৰ মাজত থকা শক্তিশালী অংশীদাৰিত্বক আৰু অধিক গভীৰ কৰাৰ বাবে মই আগ্ৰহী।”

জাপানৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই কয়—

প্ৰশান্ত মহাসাগৰীয় অঞ্চল বাস্তৱায়িত কৰাৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মিলি কাম কৰিব বিচাৰোঁ, যাতে একে কৌশলগত দিশৰ অংশীদাৰ জাপান আৰু ভাৰতে মিলিতভাৱে আমাৰ অংশীদাৰিত্বক আৰু অধিক আগুৱাই নিব পাৰে।”

কমনৱেলথ অৱ ডমিনিকাৰ প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই কয়—

“মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, চৰকাৰৰ মুৰব্বী হিচাপে একেৰাহে ২৫ বছৰ ধৰি সেৱা আগবঢ়োৱাৰ বাবে আপোনালৈ আন্তৰিক অভিনন্দন জনাইছোঁ। গুজৰাটৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা ভাৰতৰ নেতৃত্ব প্ৰদানৰ জৰিয়তে অব্যাহত আছে।

এই উল্লেখযোগ্য মাইলৰ খুঁটি সম্পূৰ্ণ কৰাৰ সময়ত ডমিনিকাৰ প্ৰতি আপুনি আগবঢ়োৱা বন্ধুত্ব আৰু আমাৰ জনসাধাৰণৰ প্ৰতি দেখুওৱা উদাৰতাৰ বাবে মই মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ।আমাৰ দুয়োখন দেশৰ মাজত থকা বন্ধুত্বৰ সম্পৰ্কক মই যথেষ্ট মূল্য দিওঁ আৰু আগন্তুক বছৰবোৰত এই সম্পৰ্কক অধিক শক্তিশালী কৰাৰ বাবে আগ্ৰহী।ডমিনিকাৰ চৰকাৰ আৰু জনসাধাৰণৰ হৈ, লগতে ব্যক্তিগতভাৱেও, ভাৰতৰ জনসাধাৰণৰ সেৱাত আপোনাৰ সুস্বাস্থ্য, শক্তি আৰু অব্যাহত সফলতা কামনা কৰিছোঁ।”

ছাৰ্বিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই কয়—

“উচ্চতম পৰ্যায়ত জনসেৱাৰ ২৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে নৰেন্দ্ৰ মোদীলৈ অভিনন্দন জনাইছোঁ।

অতি কম সংখ্যক লোকেই এই কথা ক’ব পাৰে যে তেওঁলোকে নিজৰ দেশৰ সেৱাত এক চতুৰ্থাংশ শতিকা উৎসৰ্গা কৰিছে—প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আৰু তাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে। মই জানো যে আপুনি ভাৰত আৰু দেশখনৰ ভৱিষ্যতৰ প্ৰতি কিমান গভীৰভাৱে যত্নশীল। আপুনি ভাৰতক কিমান উচ্চতালৈ লৈ গৈছে, সেয়া সমগ্ৰ বিশ্বই দেখিবলৈ পাইছে।মই আপোনাৰ সুস্বাস্থ্য, শক্তি আৰু মহান ভাৰতীয় জনসাধাৰণৰ সেৱাত আগন্তুক বহু বছৰ ধৰি সফলতা কামনা কৰিছোঁ।

ভাৰতে আপোনাৰ দৰে এগৰাকী নেতা লাভ কৰাটো সৌভাগ্যৰ কথা।”

***

 

MJPS/SS/VJ/SS/DM


(ৰিলিজ আই ডি : 2320581) অতিথি কক্ষ : 3