বিত্ত মন্ত্ৰালয়
লণ্ডনত অনুষ্ঠিত ভাৰত-যুক্তৰাজ্য বিত্তীয় বজাৰ আলোচনা ২০২৬-ৰ পাছত গৃহীত যৌথ বিবৃতি
পোষ্ট কৰা হৈছে:
07 OCT 2026 5:21PM by PIB Guwahati
২০২৬ চনৰ ২৯ ছেপ্টেম্বৰত লণ্ডনত চতুৰ্থ ভাৰত-যুক্তৰাজ্য বিত্তীয় বজাৰ আলোচনা (এফএমডি) অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয় আৰু যুক্তৰাজ্যৰ এইচএম ট্ৰেজাৰীৰ জ্যেষ্ঠ বিষয়াসকলে এই বৈঠকত নেতৃত্ব দিয়ে। ইয়াত ভাৰত আৰু যুক্তৰাজ্যৰ বিত্তীয় সেৱা নিয়ন্ত্ৰণকাৰী কৰ্তৃপক্ষসমূহ ক্ৰমে— ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অব্ ইণ্ডিয়া, ভাৰতীয় ৰিজাৰ্ভ বেংক, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ কৰ্তৃপক্ষ, পেঞ্চন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ, ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ, বেংক অব্ ইংলেণ্ড আৰু ফাইনেঞ্চিয়েল কণ্ডাক্ট অথ’ৰিটী-য়ে অংশগ্ৰহণ কৰে।

২০২৪ চনৰ ডিচেম্বৰত অনুষ্ঠিত পূৰ্বৰ বৈঠকৰ পাছত হোৱা বিকাশসমূহৰ পৰ্যালোচনাৰে এই আলোচনাৰ আৰম্ভণি হয়। অংশগ্ৰহণকাৰীসকলে নিজ নিজ অধিকাৰক্ষেত্ৰত হোৱা সংস্কাৰসমূহৰ অগ্ৰগতি আদান-প্ৰদান কৰে আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ, স্থিতিস্থাপক তথা মুকলি বিত্তীয় বজাৰ আৰু দ্বিপাক্ষিক বাণিজ্য তথা বিনিয়োগ বৃদ্ধিৰ যৌথ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। আলোচনাৰ মূল বিষয় আছিল মূলধন বজাৰ, বীমা আৰু পেঞ্চন, সম্পদ ব্যৱস্থাপনা আৰু ফিনটেক। দুয়োপক্ষই চলিত নিয়ন্ত্ৰণমূলক অংশীদাৰিত্ব আৰু ফিনটেক, কৃত্ৰিম বুদ্ধিমত্তা, সেউজ আৰু বহনক্ষম বিত্ত তথা সম্পদ ব্যৱস্থাপনাৰ দৰে ক্ষেত্ৰসমূহত নীতি নিৰ্ধাৰক, নিয়ন্ত্ৰক আৰু উদ্যোগসমূহৰ মাজত ব্যৱহাৰিক সহযোগিতাত ভাৰত-যুক্তৰাজ্য বিত্তীয় অংশীদাৰিত্বৰ ভূমিকাক আদৰণি জনায়।
মূলধন বজাৰ
অংশগ্ৰহণকাৰীসকলে নিজ নিজ মূলধন বজাৰৰ সংস্কাৰসমূহৰ অগ্ৰগতি পৰস্পৰৰ মাজত আদান-প্ৰদান কৰে। ভাৰতৰ হৈ ছেবিয়ে বজাৰ প্ৰৱেশ আৰু কাৰ্যপ্ৰণালী সৰল কৰি ভাৰতে কেনেদৰে বিশ্বব্যাপী বিনিয়োগকাৰীৰ অংশগ্ৰহণক নতুন ৰূপ দিছে সেই বিষয়ে উল্লেখ কৰে আৰু আৰবিআইয়ে চৰকাৰী তথা কৰ্প’ৰেট ঋণত বিদেশী প্ৰৱেশৰ উল্লেখযোগ্য সুচলতাৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে ভাৰতলৈ আন্তঃৰাষ্ট্ৰীয় মূলধন একত্ৰিত কৰাৰ ক্ষেত্ৰত গুজৰাট ইণ্টাৰনেচনেল ফাইনেঞ্চ টেক-চিটি ইণ্টাৰনেচনেল ফাইনেঞ্চিয়েল ছাৰ্ভিচেছ চেণ্টাৰৰ ক্ৰমবৰ্ধমান ভূমিকাৰ বিষয়ে আলোচনা কৰে আৰু এখন আন্তঃৰাষ্ট্ৰীয় বিত্তীয় কেন্দ্ৰ হিচাপে গিফ্ট আইএফএছচিৰ বিকাশৰ স্বাৰ্থত নিয়ন্ত্ৰণমূলক সহযোগিতা তথা জ্ঞানৰ আদান-প্ৰদান অব্যাহত ৰাখিবলৈ সন্মত হয়।
অংশগ্ৰহণকাৰীসকলে আন্তঃসীমান্ত বিনিয়োগ বৃদ্ধিৰ সুযোগ আৰু গিফ্ট আইএফএছচিৰ জৰিয়তে আন্তঃসীমান্ত ইকুইটি আৰু বণ্ড তালিকাভুক্তি তথা অধিক শক্তিশালী মূলধন বজাৰ সংযোগৰ মাধ্যমেৰে আন্তঃৰাষ্ট্ৰীয় মূলধনৰ সৈতে ভাৰতীয় কোম্পানীসমূহৰ সংযোগ সন্দৰ্ভত আলোচনা কৰে। পৰৱৰ্তী অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাৰ পূৰ্বেই ভৱিষ্যতৰ মূলধন বজাৰ সহযোগিতাৰ বাবে অগ্ৰাধিকাৰমূলক ক্ষেত্ৰসমূহ চিনাক্ত কৰিবলৈ দুয়োপক্ষ সন্মত হয়।
বীমা আৰু পেঞ্চন
অংশগ্ৰহণকাৰীসকলে নিজ নিজ বীমা আৰু পেঞ্চন সংস্কাৰ তথা বজাৰৰ সুযোগসমূহৰ বিষয়ে আলোচনা কৰে। বিত্তীয় সেৱা বৃদ্ধি আৰু প্ৰতিযোগিতামূলক কৌশলৰ অংশ হিচাপে যুক্তৰাজ্যই নিজৰ বীমা নিয়ন্ত্ৰণ কাঠামোৰ শেহতীয়া অগ্ৰগতি আৰু পেঞ্চন তথা বাৰ্ষিকী বজাৰৰ পৰিৱৰ্তনসমূহ তুলি ধৰে; আনহাতে ভাৰতে ইয়াৰ পৰিসৰ, বিনিয়োগ আৰু বজাৰ ক্ষমতা সম্প্ৰসাৰণৰ লক্ষ্য ব্যক্ত কৰে। বজাৰৰ বিকাশ, দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ স্বাৰ্থত ২০২৩ চনত স্থাপিত ‘বীমা আৰু পেঞ্চন কৰ্মপৰিকল্পনা’ৰ গুৰুত্বৰ ওপৰত দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে।
অংশগ্ৰহণকাৰীসকলে জটিল বিপদাশংকা ব্যৱস্থাপনা আৰু দীৰ্ঘম্যাদী ঘৰুৱা বিকাশৰ স্বাৰ্থত প্ৰতিযোগিতামূলক আৰু স্থিতিস্থাপক বজাৰ, বিশেষজ্ঞৰ পৰামৰ্শ, বিভিন্ন মূলধনৰ উৎস আৰু পুনৰ্বীমা ক্ষমতাৰ গুৰুত্ব স্বীকাৰ কৰে। ভাৰতৰ ক্ৰমবিকাশমান নিয়ন্ত্ৰণ পৰিকাঠামোৰ জৰিয়তে সৃষ্টি হোৱা পুনৰ্বীমাৰ সুযোগ আৰু লণ্ডন বজাৰ তথা ভাৰতীয় বীমাকাৰী আৰু পুনৰ্বীমাকাৰীসকলৰ মাজত গভীৰ সহযোগিতাৰ বিষয়ে দুয়োপক্ষই আলোচনা কৰে।
অংশগ্ৰহণকাৰীসকলে পেঞ্চন নিয়ন্ত্ৰণ, সুশাসন, পৰিসৰ আৰু দীৰ্ঘম্যাদী সঞ্চয় সংস্কাৰৰ অভিজ্ঞতাও বিনিময় কৰে। তেওঁলোকে অংশগ্ৰহণ বৃদ্ধি আৰু উৎপাদনশীল দীৰ্ঘম্যাদী বিনিয়োগত সহায়ক হোৱা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে আৰু নিজ নিজ ঘৰুৱা অগ্ৰাধিকাৰৰ সৈতে সংগতি ৰাখি জ্ঞানৰ আদান-প্ৰদান কৰিবলৈ সন্মত হয়।
নিয়ন্ত্ৰণমূলক সহযোগিতা: সম্পদ ব্যৱস্থাপনা আৰু বহনক্ষম বিত্ত
যুক্তৰাজ্য আৰু ভাৰতে সম্পদ ব্যৱস্থাপনা নিয়ন্ত্ৰণ আৰু বজাৰৰ শেহতীয়া অগ্ৰগতিৰ বুজ লয়। যুক্তৰাজ্যই বিকল্প বিনিয়োগ পুঁজি পৰিচালকসকলৰ বাবে নিয়ন্ত্ৰণমূলক কাঠামোৰ কাৰ্যপন্থা দাঙি ধৰে। ভাৰতে ছেবি আৰু আইএফএছচিএ-ৰ নিজ নিজ নিয়ন্ত্ৰণ কাঠামোৰ অধীনত গ্ৰহণ কৰা প্ৰধান সংস্কাৰসমূহৰ এক খতিয়ান দাঙি ধৰে। সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ধাৰাবাহিক নিয়ন্ত্ৰণমূলক সহযোগিতাক দুয়োপক্ষই আদৰণি জনায় আৰু সংস্কাৰ, বিনিয়োগকাৰীৰ প্ৰয়োজনীয়তা তথা বজাৰৰ পৰিস্থিতিৰ পাৰস্পৰিক বুজাবুজিয়ে কেনেদৰে আন্তঃসীমান্ত বিনিয়োগ বৃদ্ধিত সহায় কৰিব পাৰে সেই বিষয়ে আলোচনা কৰে।
দুয়োপক্ষই ভাৰতীয় টকাৰ অধিক আন্তঃৰাষ্ট্ৰীয়কৰণক আদৰণি জনায় আৰু সাগৰপাৰৰ টকা ব্যৱসায়ৰ প্ৰধান কেন্দ্ৰ হিচাপে লণ্ডনৰ ভূমিকাক স্বীকৃতি দিয়ে। বহনক্ষম বিত্তৰ সন্দৰ্ভত তেওঁলোকে কম কাৰ্বন আৰু জলবায়ু সহনশীল পৰিৱৰ্তনৰ বাবে ব্যক্তিগত মূলধন একত্ৰিত কৰাত বিশ্বাসযোগ্য বহনক্ষম বিত্তীয় কাঠামো, উচ্চমানৰ তথ্য প্ৰকাশ, বিশ্বমানৰ মানদণ্ড আৰু বিনিয়োগকাৰীৰ আস্থাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে।
অংশগ্ৰহণকাৰীসকলে আইইউকেএফপি সম্পদ ব্যৱস্থাপনা কাৰ্যধাৰাৰ অগ্ৰগতি পৰ্যালোচনা কৰে আৰু যুক্তৰাজ্য তথা ভাৰতীয় সম্পদ ব্যৱস্থাপকসকলৰ বাবে পৰস্পৰৰ বজাৰত গভীৰ অংশগ্ৰহণৰ ব্যৱহাৰিক সুযোগসমূহ চিনাক্ত কৰাত উদ্যোগিক তথ্যৰ গুৰুত্ব স্বীকাৰ কৰে।
ফিনটেক আৰু উদ্ভাৱন
অংশগ্ৰহণকাৰীসকলে ফিনটেক আৰু উদ্ভাৱনৰ নিজ নিজ দৃষ্টিভংগীৰ বিনিময় কৰে। ডিজিটেল পৰিচয়, ডিজিটেল লেনদেন, কেন্দ্ৰীয় বেংক ডিজিটেল মুদ্ৰা আৰু তথ্য আদান-প্ৰদানৰ গাঁথনিকে ধৰি ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ জৰিয়তে ফিনটেক গ্ৰহণ আৰু বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধিৰ অভিজ্ঞতা ভাৰতে সদৰী কৰে।
নিয়ন্ত্ৰণমূলক নিৰীক্ষণত কোনো আপোচ নকৰাকৈ দায়িত্বশীল উদ্ভাৱন আৰু প্ৰতিযোগিতাক উৎসাহিত কৰাৰ গুৰুত্বৰ বিষয়ে দুয়োপক্ষই সহমত প্ৰকাশ কৰে। বিত্তীয় সেৱাত কৃত্ৰিম বুদ্ধিমত্তা (এআই)-ৰ সম্ভাব্য সুযোগ আৰু বিপদাশংকাৰ বিষয়ে দুয়োপক্ষই দৃষ্টিভংগী বিনিময় কৰে আৰু প্ৰাসংগিক আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহৰ জৰিয়তে নিৰৱচ্ছিন্ন দ্বিপাক্ষিক আলোচনা আৰু সমন্বয়ৰ প্ৰয়োজনীয়তাত সন্মত হয়। ভাৰতে খুচুৰা বিত্তীয় সেৱাৰ ডিজিটেল অনব’ৰ্ডিং প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰে আৰু নিজৰ অভিজ্ঞতা অধিক ভাগ-বতৰা কৰিবলৈ প্ৰতিশ্ৰুতি দিয়ে। নতুন প্ৰযুক্তিৰ অপব্যৱহাৰে বিত্তীয় অপৰাধলৈ কঢ়িয়াই অনা ভাবুকি, বিশেষকৈ বিদেশী ৰাষ্ট্ৰসমূহত চলি থকা ভুৱা প্ৰতিষ্ঠানৰ জৰিয়তে বৃহৎ পৰিসৰত প্ৰতাৰণাৰ বাবে এআইৰ ব্যৱহাৰ আৰু চাইবাৰ সুৰক্ষা, তথ্য সুৰক্ষা তথা কাৰ্যক্ষমতাৰ স্থিতিস্থাপকতাৰ প্ৰতি অহা ভাবুকিৰ বিষয়ে দুয়োপক্ষই উদ্বেগ প্ৰকাশ কৰে। অংশগ্ৰহণকাৰীসকলে বিত্তীয় প্ৰতাৰণা চিনাক্ত আৰু প্ৰতিৰোধ কৰিবলৈ প্ৰযুক্তি তথা নিয়ন্ত্ৰণমূলক উদ্ভাৱনৰ ব্যৱহাৰৰ অভিজ্ঞতা বিনিময় কৰে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষসমূহৰ মাজত সহযোগিতা অব্যাহত ৰাখিবলৈ সন্মত হয়।
আন্তঃসীমান্ত লেনদেন বৃদ্ধিৰ বাবে জি২০ ৰোডমেপৰ প্ৰতি দুয়োপক্ষই পুনৰ সমৰ্থন ব্যক্ত কৰে। তেওঁলোকে জি২০ ৰোডমেপৰ সৈতে সংগতি ৰাখি জটিলতা হ্ৰাস কৰা, স্বচ্ছতা বৃদ্ধি কৰা আৰু আন্তঃসীমান্ত লেনদেনত অধিক দক্ষতা সুচল কৰাৰ ব্যৱহাৰিক অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোচনা কৰে। দুয়োপক্ষই নিজ নিজ খুচুৰা পৰিশোধ আন্তঃগাঁথনি সম্পৰ্কীয় বিকাশৰ খতিয়ান দাঙি ধৰে আৰু ইলেক্ট্ৰনিক লেনদেন আন্তঃগাঁথনিৰ পাৰস্পৰিক কাৰ্যক্ষমতা তথা আন্তঃসংযোগ বৃদ্ধিৰ বাবে জি২০-ৰ নিৰন্তৰ প্ৰচেষ্টাক স্বীকৃতি জনায়।
ভৱিষ্যত সহযোগিতা
যুক্তৰাজ্য আৰু ভাৰতে গঠনমূলক আলোচনাৰ শলাগ লয় আৰু বহনক্ষম বিকাশ, গভীৰ বাণিজ্য তথা বিনিয়োগ আৰু স্থিতিস্থাপক বিত্তীয় বজাৰৰ যৌথ আকাংক্ষাক আগুৱাই নিয়াত এফএমডিৰ গুৰুত্বপূৰ্ণ ভূমিকাক পুনৰ নিশ্চিত কৰে। বিত্তীয় সেৱাৰ সংযোগ গভীৰ কৰাৰ ব্যৱহাৰিক সমাধান চিনাক্তকৰণত দুয়োপক্ষই আইইউকেএফপি-ৰ অৱদানক আদৰণি জনায়। বিশেষকৈ ‘ভিজন ২০৩৫’ শুভাৰম্ভ আৰু ২০২৬ চনৰ ১৫ জুলাইৰ পৰা কাৰ্যকৰী হোৱা ভাৰত-যুক্তৰাজ্য সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (চিইটিএ) ৰূপায়ণৰ প্ৰেক্ষাপটত দুয়োপক্ষই এক সুদৃঢ় সম্পৰ্কৰ কথা ব্যক্ত কৰে।
অংশগ্ৰহণকাৰীসকলে প্ৰাসংগিক দ্বিপাক্ষিক ব্যৱস্থা আৰু পৰৱৰ্তী যুক্তৰাজ্য-ভাৰত অৰ্থনৈতিক আৰু বিত্তীয় আলোচনাত অগ্ৰগতি পৰ্যালোচনা কৰি বিভিন্ন কৰ্মক্ষেত্ৰসমূহ আগুৱাই নিবলৈ সন্মত হয়।

SR/KT/KMN/MM
(ৰিলিজ আই ডি : 2320573)
অতিথি কক্ষ : 2