প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুক কৃতজ্ঞতা জ্ঞাপন কৰে

পোষ্ট কৰা হৈছে: 07 OCT 2026 8:36PM by PIB Guwahati

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ উপলক্ষে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৱে জনোৱা আন্তৰিক শুভেচ্ছাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ভাৰত আৰু নাইজেৰিয়া ঘনিষ্ঠ অংশীদাৰ তথা  গ্ল’বেল ছাউথৰ আগশাৰীৰ কণ্ঠস্বৰ।

শ্ৰী মোদীয়ে ভাৰত আৰু নাইজেৰিয়াৰ মাজৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লগতে অধিক অন্তৰ্ভুক্তিমূলক, সমৃদ্ধিশালী আৰু শান্তিপূৰ্ণ পৃথিৱীৰ উমৈহতীয়া দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে সহযোগিতা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে ‘এক্স’ত লিখিছে—

ভাৰত আৰু নাইজেৰিয়া ঘনিষ্ঠ অংশীদাৰ তথা  গ্ল’বেল ছাউথৰ  আগশাৰীৰ কণ্ঠস্বৰ। অধিক অন্তৰ্ভুক্তিমূলক, সমৃদ্ধিশালী আৰু শান্তিপূৰ্ণ পৃথিৱীৰ বাবে  আমাৰ উমৈহতীয়া দৃষ্টিভংগীক আগুৱাই নিয়াৰ লগতে আমাৰ কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ অৰ্থে  সহযোগিতা অব্যাহত ৰখাৰ বাবে মই আগ্ৰহী।

 

MJPS/SS/VJ/DM


(ৰিলিজ আই ডি : 2320545) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Marathi , Gujarati , Telugu , Kannada