প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চৰকাৰৰ মুৰব্বী হিচাপে ২৫ বছৰীয়া সেৱা সম্পূৰ্ণ কৰা উপলক্ষ্যে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিয়ে জনোৱা শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কৃতজ্ঞতা জ্ঞাপন
পোষ্ট কৰা হৈছে:
07 OCT 2026 9:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিয়ে জনোৱা আন্তৰিক শুভেচ্ছাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে।প্ৰধানমন্ত্ৰীয়ে চলিত বৰ্ষৰ জুলাই মাহত ছানায়ে তাকাইচিয়ে কৰা ভাৰত ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ এই ভ্ৰমণক অবিস্মৰণীয় বুলি অভিহিত কৰি কয় যে এই ভ্ৰমণে ভাৰত-জাপান অংশীদাৰিত্বক অধিক শক্তিশালী কৰি তুলিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে নিশ্চিত কৰে যে দীৰ্ঘদিনীয়া বন্ধুত্বৰ ভিত্তিত ভাৰত আৰু জাপানে বিশ্ব শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰি যাব। তেওঁ দৃঢ়বিশ্বাস প্ৰকাশ কৰে যে ভাৰত আৰু জাপানৰ কূটনৈতিক সম্পৰ্কৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কক নতুন উচ্চতালৈ লৈ যোৱাৰ এক সুযোগ প্ৰদান কৰিব।
শ্ৰী মোদীয়ে এক্সত এনেদৰে লিখিছে—
“প্ৰধানমন্ত্ৰী তাকাইচীজী, আপোনাৰ আন্তৰিক শুভেচ্ছাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। এই বছৰৰ জুলাই মাহত আপোনাৰ ভাৰত ভ্ৰমণ মোৰ বাবে অবিস্মৰণীয় হৈ ৰ’ব। এই ভ্ৰমণে ভাৰত-জাপান অংশীদাৰিত্বক অধিক শক্তিশালী কৰি তুলিছে। দুয়োখন দেশে নিজৰ দীৰ্ঘদিনীয়া বন্ধুত্বক আৰু অধিক আগুৱাই নি বিশ্ব শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ বাবে একেলগে প্ৰচেষ্টা অব্যাহত ৰাখিব।মই বিশ্বাস কৰোঁ যে আমাৰ কূটনৈতিক সম্পৰ্কৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিয়ে দ্বিপাক্ষিক সম্পৰ্কক এক নতুন উচ্চতালৈ লৈ যোৱাৰ সুযোগ প্ৰদান কৰিব।”
@takaichi_sanae
****
MJPS/SS/VJ/DM
(ৰিলিজ আই ডি : 2320539)
অতিথি কক্ষ : 2