প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় নৌসেনাৰ জাহাজৰ বাবে ব্ৰাহ্মছ ফায়াৰ কন্ট্ৰোল ছিষ্টেম আৰু লঞ্চাৰ ক্ৰয় কৰিবলৈ এমঅ'ডিৰ ৬৬১ কোটি টকাৰ চুক্তি স্বাক্ষৰ

পোষ্ট কৰা হৈছে: 06 OCT 2026 1:35PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় ক্ৰয় (আইডিডিএম) শ্ৰেণীৰ অধীনত ভাৰতীয় নৌসেনাৰ জাহাজৰ বাবে ব্ৰাহ্মছ ফায়াৰ কন্ট্ৰোল ছিষ্টেম আৰু লঞ্চাৰ ক্ৰয়ৰ লক্ষ্যৰে ২০২৬ চনৰ ৬ অক্টোবৰত নতুন দিল্লীত ব্ৰাহ্মছ এৰ’স্পেচ প্ৰাইভেট লিমিটেডৰ (বিএপিএল) সৈতে এখন চুক্তি স্বাক্ষৰ কৰে। প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত ৬৬১.৫০ কোটি টকা মূল্যৰ এই চুক্তিখনত স্বাক্ষৰ কৰা হয়।

ন্যূনতম ৬৮ শতাংশ স্বদেশী উপাদানসমৃদ্ধ এই প্ৰকল্পই এমএছএমইকে ধৰি বিভিন্ন ভাৰতীয় উদ্যোগৰ সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰিব। এই প্ৰকল্পই তিনি বছৰৰ ভিতৰত যথেষ্ট নিয়োগৰ সুযোগ সৃষ্টি কৰিব। ই ভাৰতৰ সামুদ্ৰিক নিৰাপত্তা ব্যৱস্থা আৰু প্ৰতিৰক্ষা সক্ষমতাক সুদৃঢ় কৰাৰ লগতে উন্নত সামৰিক প্ৰযুক্তিৰ স্বদেশীকৰণৰ বাবে চলাই থকা প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।

বিভিন্ন অগ্ৰণী যুদ্ধজাহাজত সংস্থাপিত ব্ৰাহ্মছ প্ৰণালী হৈছে সামুদ্ৰিক আক্ৰমণ অভিযানৰ বাবে ভাৰতীয় নৌসেনাৰ প্ৰাথমিক ভূপৃষ্ঠৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপ কৰা মিছাইল (এছএছএম) ব্যৱস্থা। এই অস্ত্ৰ প্ৰণালীয়ে ছুপাৰছনিক গতিত আৰু দূৰ-দূৰণিৰ পৰাই অতি নিখুঁতভাৱে স্থল আৰু জলভাগৰ লক্ষ্যস্থানত আঘাত হানিবলৈ সম্পূৰ্ণ সক্ষম।

 

SR/NJ/MM


(ৰিলিজ আই ডি : 2319916) অতিথি কক্ষ : 4