প্ৰতিৰক্ষা মন্ত্ৰালয়
ডিআৰডিঅ’ৱে সম্পন্ন কৰিলে উন্নত হাই-আল্টিটিউড পেৰাছুটৰ প্ৰথম লাইভ জাম্প
পোষ্ট কৰা হৈছে:
06 OCT 2026 4:11PM by PIB Guwahati
প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই (ডিআৰডিঅ’) অন্যতম সৰ্বোচ্চ উচ্চতাৰ ড্ৰপ জ’ন ন্যোমাত (মুধ ডিজেড) এডভান্সড হাই-আল্টিটিউড পেৰাছুটৰ (এএইচএপি) প্ৰথম লাইভ জাম্প সফলতাৰে সম্পন্ন কৰিছে।
এই জাম্প সমুদ্ৰপৃষ্ঠৰ পৰা ১৬,০০০ ফুট উচ্চতাত সম্পন্ন কৰা হৈছিল। পেৰাছুটটো সমুদ্ৰপৃষ্ঠৰ পৰা ১৫,৫০০ ফুট উচ্চতাত মুকলি কৰা হৈছিল আৰু ১৩,৭০০ ফুট উচ্চতাত অৱস্থিত ন্যোমাত (মুধ ডিজেড) অৱতৰণ কৰা হৈছিল। এই জাম্পে অতি উচ্চ ভূখণ্ডত এএইচএপি পেৰাছুটৰ কাৰ্যকাৰীতা আৰু কৌশলগত ব্যৱহাৰযোগ্যতা প্ৰমাণ কৰিলে।
আগ্ৰাৰ এৰিয়েল ডেলিভাৰী ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্টে ডিজাইন আৰু বিকাশ কৰা এএইচএপি হৈছে পেৰাট্ৰুপাৰসকলক বৃহৎ সংখ্যাত নমাই দিয়াৰ বাবে ব্যৱহাৰ কৰা এক ষ্টেটিক লাইন পেৰাছুট প্ৰণালী।
এই প্ৰণালীটো কানপুৰৰ অৰ্ডনেন্স পেৰাছুট ফেক্টৰীয়ে নিৰ্মাণ কৰিছে, ডিজিএকিউএৰ দ্বাৰা পৰিদৰ্শিত হৈছে আৰু আৰচিএমএ কানপুৰ, চেমিলাকে ইয়াক প্ৰমাণীকৰণ কৰিছে।
এএইচএপিয়ে বিভিন্ন ধৰণৰ মুকলি প্ৰক্ৰিয়াৰ সুবিধা প্ৰদান কৰে, ইয়াৰ এক অতি বিস্তৃত কাৰ্যকৰী উচ্চতা সীমা (১৮,০০০ ফুটলৈকে) আছে আৰু ইয়াৰ অৱতৰণৰ গতি অত্যন্ত নিৰাপদ, যিটো অতি উচ্চ ভূখণ্ডৰ বাবে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ কৌশলগত প্ৰয়োজনীয়তাৰ সৈতে বিশেষভাৱে উপযোগী। অতি মাত্ৰাত প্ৰাৰম্ভিক জোকাৰণি আৰু তীব্ৰ অৱতৰণ গতিৰ বাবে এনে অতি উচ্চ স্থানসমূহত ষ্টেটিক লাইন পেৰাছুট জাম্প অত্যন্ত জটিল আৰু স্বাভাৱিকভাৱেই বিপদশংকূল।
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এএইচএপি থলুৱা পেৰাছুট প্ৰণালীৰ সফল প্ৰথম লাইভ জাম্পৰ বাবে ডিআৰডিঅ’, প্ৰতিৰক্ষা বাহিনী, প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ আৰু উদ্যোগজগতক অভিনন্দন জনায় আৰু ইয়াক আত্মনিৰ্ভৰশীল ভাৰতৰ দিশত আন এক ডাঙৰ পদক্ষেপ বুলি অভিহিত কৰে।
প্ৰতিৰক্ষা সচিব তথা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব আৰু ডিআৰডিঅ’ৰ অধ্যক্ষ শ্ৰী ৰাজেশ কুমাৰ সিঙে প্ৰণালীটোৰ ডিজাইন আৰু বিকাশৰ সৈতে জড়িত দলৰ সদস্যসকলক অভিনন্দন জ্ঞাপন কৰে।
_20261006161300_1f010f.jpeg)
_20261006161314_ef3085.jpeg)
SR/Kamlesh/MM
(ৰিলিজ আই ডি : 2319915)
অতিথি কক্ষ : 4