কেবিনেট
azadi ka amrit mahotsav

ভৱিষ্যতৰ উদ্যমী উদ্যোগ গঢ়ি তুলিবলৈ লঘু আৰু মজলীয়া উদ্যোগসমূহত প্ৰত্যক্ষ ইকুইটি বিনিয়োগৰ বাবে 'এছএমই বিকাশ পুঁজি' গঠনত ১০,০০০ কোটি টকা অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

পোষ্ট কৰা হৈছে: 06 OCT 2026 3:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ ২৮নং অনুচ্ছেদ অনুসৰি ভাৰতৰ লঘু আৰু মজলীয়া উদ্যোগসমূহৰ বিকাশমুখী মূলধন যোগান ধৰাৰ উদ্দেশ্যে 'এছএমই বিকাশ পুঁজি'(এছজিএফ) গঠনৰ বাবে ভাৰত চৰকাৰৰ ১০,০০০ কোটি টকাৰ সমৰ্থনত অনুমোদন জনায়। ইয়াৰ মূল উদ্দেশ্য হৈছে উৎপাদন, সেৱা, প্ৰযুক্তি, উদ্ভাৱনভিত্তিক খণ্ড আৰু কৌশলগত মূল্য শৃংখলাসমূহত ভাৰতীয় উদ্যোগসমূহক বিশ্বমানৰ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। ২০২৬-২৭ বৰ্ষৰ বাজেটত সমগ্ৰ এমএছএমই পৰিৱেশটোৰ বাবে ইকুইটি, তাৰল্যতা আৰু পেছাদাৰী সমৰ্থন আগবঢ়াবলৈ যি সামগ্ৰিক ঘোষণা কৰা হৈছিল, ই তাৰেই এক গুৰুত্বপূৰ্ণ অংশ।

 

বৰ্তমান বিদ্যমান পুঁজিসমূহে ইকুইটি সমৰ্থন আগবঢ়ায় যদিও তাৰে অধিকাংশই প্ৰাৰম্ভিক পৰ্যায়ৰ আৰু মূলতঃ অতি ক্ষুদ্ৰ উদ্যোগসমূহক সামৰি লয়। লঘু আৰু মজলীয়া উদ্যোগসমূহৰ বিকাশৰ বাবে প্ৰয়োজনীয় মূলধনৰ ক্ষেত্ৰত এক গাঁথনিগত অভাৱ আছিল।

 

এই ঐতিহাসিক উদ্যোগে ভাৰতৰ উদ্যোগী পৰিৱেশটোক শক্তিশালী কৰা, বিকাশশীল উদ্যোগসমূহৰ বাবে ঘৰুৱা মূলধনৰ বজাৰখন সম্প্ৰসাৰিত কৰা আৰু বিশ্ব পৰ্যায়ত প্ৰতিযোগিতা কৰিব পৰা ভাৰতীয় কোম্পানীৰ এক নতুন প্ৰজন্ম সৃষ্টি কৰাৰ জৰিয়তে 'বিকশিত ভাৰত ২০৪৭'ৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে।

 

লঘু আৰু মজলীয়া উদ্যোগসমূহ ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ, যিয়ে সংস্থাপন সৃষ্টি, ৰপ্তানি, উৎপাদন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই আহিছে। যদিও বিভিন্ন কাৰ্যসূচীয়ে এই উদ্যোগসমূহৰ বাবে ঋণৰ সুবিধা সহজ কৰি তুলিছে, তথাপিও নিজৰ পৰিসৰ বৃদ্ধি, উদ্ভাৱন, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰসাৰণ, উন্নত প্ৰযুক্তি গ্ৰহণ আৰু উদ্যোগ খণ্ডৰ নেতৃত্ব বহন কৰিবলৈ প্ৰয়োজনীয় দীৰ্ঘম্যাদী মূলধনৰ অভাৱ দেখা গৈছিল। এছএমই বিকাশ পুঁজিৰ সজ্জা এনেদৰে কৰা হৈছে যাতে ই ব্যৱসায়িক স্থায়িত্ব আৰু সম্প্ৰসাৰণৰ সম্ভাৱনা থকা সক্ষম উদ্যোগসমূহক দীৰ্ঘম্যাদী বিনিয়োগ আগবঢ়াই এই নাটনি দূৰ কৰিব পাৰে।

 

এই পুঁজি উদ্যোগসমূহৰ বিকাশৰ গুৰুত্বপূৰ্ণ মোৰত এক পৰিৱৰ্তনকাৰী মাধ্যম হিচাপে কাম কৰিবলৈ পৰিকল্পনা কৰা হৈছে। এছজিএফৰ মূল অংশ লঘু আৰু মজলীয়া উৎপাদনমুখী উদ্যোগসমূহলৈ আৱণ্টন কৰা হ'ব। তদুপৰি দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ ঔদ্যোগিক ক্লাষ্টাৰত কাৰ্যক্ষম হৈ থকা লঘু আৰু মজলীয়া উদ্যোগসমূহকো এই পুঁজিয়ে সামৰি ল'ব।

 

দীৰ্ঘম্যাদী মূলধন যোগান ধৰি এই উদ্যোগে ভাৰতীয় উদ্যোগসমূহক কাৰ্যক্ষমতা সম্প্ৰসাৰণ, প্ৰযুক্তি আৰু উৎপাদন ক্ষমতাত বিনিয়োগ, আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সম্প্ৰসাৰণ, গোলকীয় মূল্য শৃংখলাত অন্তৰ্ভুক্তিকৰণ আৰু কৌশলগত বিনিয়োগ কৰিবলৈ সক্ষম কৰি তুলিব। চৰকাৰে আশা কৰিছে যে এই পুঁজিয়ে নিজ নিজ খণ্ডত বিশ্বমানৰ উদ্যোগ হিচাপে গঢ়ি উঠিবলৈ প্ৰয়োজনীয় পৰিসৰ, উদ্ভাৱন ক্ষমতা আৰু প্ৰতিযোগিতামূলক দক্ষতা থকা ভাৰতীয় কোম্পানীসমূহৰ এক শক্তিশালী ভেটি গঢ়ি তুলিব।

 

এছএমই বিকাশ পুঁজিৰ প্ৰতি চৰকাৰৰ এই সমৰ্থনে উদ্যোগ খণ্ডটোক শক্তিশালী কৰিবলৈ চলাই থকা সংস্কাৰ, ডিজিটেলাইজেচন, ঋণ সমৰ্থন ব্যৱস্থা, ব্যৱসায় সহজকৰণ নিয়ম, ৰাজহুৱা ক্ৰয় সংস্কাৰ, ষ্টাৰ্টআপ প্ৰচাৰ আৰু উৎপাদন-সংযুক্ত উদগনি(পিএলআইI) আঁচনিসমূহক অধিক সক্ৰিয় কৰি তুলিব।

 

এই উদ্যোগৰ অধীনত, ভাৰত চৰকাৰে এছজিএফ কাঠামোগতভাৱে গঠন কৰা বিকল্প বিনিয়োগ পুঁজি (এআইএফ)ত মুঠ ১০,০০০ কোটি টকাৰ সমৰ্থন প্ৰদান কৰিব। উৎপাদনমুখী উদ্যোগসমূহক ক্ষমতা বৃদ্ধি, উন্নত প্ৰযুক্তি গ্ৰহণ আৰু বৃহৎ পৰিসৰ লাভত সহায় কৰি, এছজিএফে প্ৰতিষ্ঠানসমূহৰ উৎপাদনশীলতা বৃদ্ধি আৰু ৰপ্তানি প্ৰতিযোগিতা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহকে ধৰি বিভিন্ন ঔদ্যোগিক ক্লাষ্টাৰত কৰা বিনিয়োগে আঞ্চলিক ঔদ্যোগিক বিকাশৰ ভাৰসাম্য ৰক্ষা কৰিব, স্থানীয় যোগান শৃংখলা শক্তিশালী কৰিব আৰু উন্নত মানৰ কৰ্মসংস্থাপন সৃষ্টি কৰিব।

 

এই পদক্ষেপৰ জৰিয়তে চৰকাৰে ভাৰতৰ উদ্যোগীসকলক সবল কৰা আৰু এক নতুন প্ৰজন্মৰ প্ৰতিযোগিতামূলক উদ্যোগ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰিছে। দ্ৰুত বিকাশশীল লঘু আৰু মজলীয়া উদ্যোগসমূহত বিনিয়োগে উদ্ভাৱনমুখী ঔদ্যোগিকৰণ আৰু সমগ্ৰ দেশতে গুণগত কৰ্মসংস্থানৰ সুযোগ সৃষ্টিত সহায় কৰিব। 'বিকশিত ভাৰত @ ২০৪৭'ৰ দৃষ্টিভংগী আগবঢ়াই নিয়াত এই উদ্যোগে এক মূল আধাৰ হিচাপে কাম কৰিব।

.

 

****

MJPS/DB


(ৰিলিজ আই ডি : 2319727) অতিথি কক্ষ : 7