প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰাখণ্ডত আৰম্ভ হ’ল ভাৰত-ইউএই যৌথ সামৰিক অনুশীলন মাউণ্টেন গাৰ্ডিয়ান ২০২৬

পোষ্ট কৰা হৈছে: 05 OCT 2026 3:50PM by PIB Guwahati

উত্তৰাখণ্ডৰ চৌবতীয়াৰ ফৰেইন ট্ৰেইনিং নোডত আজি ভাৰত-ইউএইৰ যৌথ সামৰিক অনুশীলন মাউণ্টেন গাৰ্ডিয়ান ২০২৬ আৰম্ভ হয়। ০৫ৰ পৰা ১৮ অক্টোবৰ ২০২৬লৈ অনুষ্ঠিত হ’বলগীয়া এই অনুশীলনৰ লক্ষ্য হৈছে পাহাৰীয়া যুদ্ধক্ষেত্ৰৰ ওপৰত বিশেষ গুৰুত্ব দি পাৰস্পৰিক কাৰ্যক্ষমতা, পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতা বৃদ্ধি কৰা।

দুয়োখন দেশৰ সেনাবাহিনীৰ সমসংখ্যক প্ৰতিনিধিত্বৰে মুঠ ৯২ জন জোৱানে এই অনুশীলনত অংশগ্ৰহণ কৰিছে। ভাৰতীয় সেনাৰ দলটোত ভৈৰৱ বেটেলিয়নৰ জোৱানসকল থকাৰ বিপৰীতে ইউএই সেনাৰ দলটোত মাউণ্টেন ইনফেণ্ট্ৰি বেটেলিয়নৰ জোৱানসকল অন্তৰ্ভুক্ত হৈছে। দুয়োটা সেনাবাহিনীৰ মহিলা বিষয়া আৰু যুঁজাৰুসকলেও বিশেষজ্ঞ হিচাপে এই অনুশীলনৰ বিভিন্ন ভূমিকাত অংশগ্ৰহণ কৰিছে।

অনুশীলনৰ সময়ছোৱাত জোৱানসকলে যৌথ পৰিকল্পনা, কৌশলগত অনুশীলন, গুলীচালনাৰ অভ্যাস, নিৰীক্ষণ ব্যৱস্থা স্থাপন, ড্ৰোন পৰিচালনা, শাৰীৰিক সহনশীলতাৰ প্ৰশিক্ষণ, শিল বগোৱা, বাধা অতিক্ৰমৰ প্ৰশিক্ষণ আৰু সমন্বিত ক্ষেত্ৰভিত্তিক অনুশীলন সম্পন্ন কৰিব। এই প্ৰশিক্ষণত প্ৰযুক্তিসমৰ্থিত অভিযান আৰু প্ৰত্যাহ্বানজনক পাহাৰীয়া ভূখণ্ডৰ অভিযানৰ বাবে উপযোগী কৌশল, পদ্ধতি তথা কাৰ্যপ্ৰণালীৰ আদান-প্ৰদানো অন্তৰ্ভুক্ত কৰা হ’ব।

মাউণ্টেন গাৰ্ডিয়ান ২০২৬ অনুশীলনে দুয়োখন দেশৰ সেনাবাহিনীক পেছাদাৰী অভিজ্ঞতা বিনিময় কৰা, কৌশলগত দক্ষতা বৃদ্ধি কৰা আৰু কাৰ্যক্ষম কাৰ্যপদ্ধতিৰ সৰ্বোত্তম দিশসমূহ আদান-প্ৰদান কৰাৰ সুযোগ প্ৰদান কৰিব। এই অনুশীলনে ভাৰত আৰু ইউএইৰ মাজত সামৰিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ লগতে দুয়োখন দেশৰ মাজত বন্ধুত্ব আৰু বিশ্বাসৰ বান্ধোনক অধিক শক্তিশালী কৰিব।

***

Nishant / Ashish/MM


(ৰিলিজ আই ডি : 2319453) অতিথি কক্ষ : 8