ৰাষ্ট্ৰপতি সচিবালয়
ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিক আদৰণি জনালে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে
ভাৰত আৰু ছুইজাৰলেণ্ডৰ ঘনিষ্ঠ সহযোগিতাই দুয়োখন দেশৰ জনসাধাৰণৰ বাবে অপৰিসীম লাভ কঢ়িয়াই আনিব : ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
পোষ্ট কৰা হৈছে:
05 OCT 2026 10:40PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি( ৫ অক্টোবৰ) ৰাষ্ট্ৰপতি ভৱনত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি মহামান্য শ্ৰী গাই পাৰমেলিনক আদৰণি জনায়। ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিৰ সন্মানাৰ্থে ৰাষ্ট্ৰপতি মুৰ্মুৱে এক ভোজমেলৰো আয়োজন কৰে।
ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি পাৰমেলিনক ভাৰতলৈ আদৰণি জনাই ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে গণতন্ত্ৰ আৰু আইনৰ শাসনৰ উমৈহতীয়া মূল্যবোধৰ ওপৰত ভিত্তি কৰি ভাৰত-ছুইজাৰলেণ্ডৰ মাজত উষ্ম আৰু সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছে। দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান, প্ৰযুক্তি তথা উদ্ভাৱন, সংস্কৃতি আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত ব্যাপক সহযোগিতা অব্যাহত আছে। ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজত নিয়মীয়াকৈ হৈ থকা উচ্চপৰ্যায়ৰ মত-বিনিময়ে দ্বিপাক্ষিক সম্পৰ্কক অধিক গতিশীল কৰি তুলিছে বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ছুইজাৰলেণ্ড ভাৰতৰ এক গুৰুত্বপূৰ্ণ বাণিজ্য তথা বিনিয়োগৰ অংশীদাৰ। তেওঁ উল্লেখ কৰে যে ঐতিহাসিক ভাৰত-ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ বাণিজ্য চুক্তি আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি ৰূপায়ণৰ পিছত দ্বিপাক্ষিক বাণিজ্য তথা বিনিয়োগ সম্প্ৰসাৰণৰ বাবে অধিক সুযোগৰ পথ মুকলি হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ছুইজাৰলেণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানে ভাৰতৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহত বিনিয়োগ কৰিছে। বিশেষকৈ পথ, ৰে’ল দলং আৰু সুৰংগ নিৰ্মাণকে ধৰি ভাৰতৰ আন্তঃগাঁথনি খণ্ডত ছুইজাৰলেণ্ডৰ প্ৰতিষ্ঠানসমূহৰ উল্লেখযোগ্য উপস্থিতি আছে বুলি তেওঁ কয়। ইয়াৰ উপৰি পৰিষ্কাৰ আৰু সেউজ প্ৰযুক্তি তথা কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে উদীয়মান ক্ষেত্ৰতো ছুইজাৰলেণ্ডৰ প্ৰতিষ্ঠানসমূহে সুযোগৰ অন্বেষণ কৰিব পাৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।প্ৰব্ৰজন আৰু গতিশীলতা, গৱেষণা, আৰু প্ৰযুক্তি হস্তান্তৰৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ছোৱাত গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হোৱাৰ বিষয়লৈ মন কৰি ৰাষ্ট্ৰপতিয়ে আনন্দ প্ৰকাশ কৰে। দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে এই কথাত একমত প্ৰকাশ কৰে যে ভাৰত আৰু ছুইজাৰলেণ্ডৰ মাজত ঘনিষ্ঠ সহযোগিতাই দুয়োখন দেশৰ জনসাধাৰণৰ বাবে বিপুল লাভ কঢ়িয়াই আনিব পাৰে। তেওঁলোকে আশা প্ৰকাশ কৰে যে ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিৰ এই ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব।
****
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2319452)
অতিথি কক্ষ : 5