উপ-ৰাষ্ট্ৰপতি সচিবালয়
ভাৰত মণ্ডপমত আইচিএছআইৰ ৫৮তম প্ৰতিষ্ঠা দিৱসত উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণণৰ সম্বোধন
“সুশাসন হ’ল এক অদৃশ্য আন্তঃগাঁথনি, যিয়ে বিনিয়োগকাৰীৰ বিশ্বাস বৰ্তাই ৰাখে”: উপ-ৰাষ্ট্ৰপতি
“কোম্পানী সচিবসকল হ’ল শাসন ব্যৱস্থাৰ অভিভাৱক আৰু ভাৰতীয় ঔদ্যোগিক জগতৰ বিশ্বাসযোগ্য আন্তঃগাঁথনিৰ মূল চালিকাশক্তি”: উপ-ৰাষ্ট্ৰপতি
“আইচিএছআই, আইচিএআই আৰু আইচিএমএআই হ’ল এক বিকশিত ভাৰতৰ মূল প্ৰাতিষ্ঠানিক স্তম্ভ”: উপ-ৰাষ্ট্ৰপতি
“প্ৰযুক্তিয়ে সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া সলনি কৰিব পাৰে, কিন্তু সততা আৰু দায়বদ্ধতা সদায় মানৱীয় হৈয়েই থাকিব”: উপ-ৰাষ্ট্ৰপতি
পোষ্ট কৰা হৈছে:
04 OCT 2026 2:54PM by PIB Guwahati
উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণণে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ইনষ্টিটিউট অব্ কোম্পানী চেক্ৰেটাৰীজ অব্ ইণ্ডিয়া (আইচিএছআই)ৰ ৫৮তম প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। সমগ্ৰ আইচিএছআই পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ স্বচ্ছ, নৈতিক আৰু সৰ্বাংগীন ঔদ্যোগিক প্ৰশাসন ব্যৱস্থাক সুদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনে অতিক্ৰম কৰা প্ৰায় ছয় দশকৰ যাত্ৰাক প্ৰশংসা কৰে।
শ্ৰী চিপি ৰাধাকৃষ্ণণে কয় যে এই প্ৰতিষ্ঠানখনৰ পৰিৱৰ্তনে বৃত্তিটোৰ বিৱৰ্তনক প্ৰতিফলিত কৰে৷ ঔদ্যোগিক স্বচ্ছতা, বিনিয়োগকাৰীৰ বিশ্বাস আৰু বিশ্ব অৰ্থনীতিত ভাৰতৰ স্থিতিক সুদৃঢ় কৰাত ইয়াৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।
কৃত্ৰিম বুদ্ধিমত্তা, উন্নত ডাটা বিশ্লেষণ আৰু দ্ৰুতগতিত সলনি হোৱা ব্যৱসায়িক আৰ্হিৰ এই যুগত উপ-ৰাষ্ট্ৰপতিয়ে "শাসন ব্যৱস্থাৰ অভিভাৱক" হিচাপে কোম্পানী সচিবসকলক ভাৰতীয় ঔদ্যোগিক জগতৰ আইনী, কৌশলগত আৰু নৈতিক ভেটি সুৰক্ষিত ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয়, "তথ্য সৃষ্টিৰ পদ্ধতি আৰু সিদ্ধান্ত গ্ৰহণৰ সহায়ক ব্যৱস্থাক প্ৰযুক্তিয়ে হয়তো সলনি কৰিব পাৰে, কিন্তু সততা, দায়বদ্ধতা, স্বচ্ছতা আৰু দায়িত্ববোধ সদায় মানৱীয় হৈয়েই থাকিব।"
বিশ্বাস, স্বচ্ছতা আৰু কৰ্পোৰেট প্ৰশাসনক এক আধুনিক অৰ্থনীতিৰ "অদৃশ্য আন্তঃগাঁথনি" বুলি অভিহিত কৰি শ্ৰী চিপি ৰাধাকৃষ্ণণে কয় যে নিৰন্তৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে বিনিয়োগকাৰীৰ আস্থা অপৰিহাৰ্য। তেওঁ উল্লেখ কৰে যে কোম্পানী সচিবসকল এই আন্তঃগাঁথনিৰ কেন্দ্ৰবিন্দুত আছে আৰু উদ্যোগ, ষ্টাৰ্টআপ, পাৰিবাৰিক ব্যৱসায় তথা তালিকাভুক্ত কোম্পানীবোৰক দায়িত্বশীলভাৱে আগুৱাই নিয়াত তেওঁলোকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এক বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত ডিজিটেল আন্তঃগাঁথনিৰ দৰেই শক্তিশালী প্ৰতিষ্ঠান আৰু সুদৃঢ় প্ৰশাসন ব্যৱস্থাও সমানেই গুৰুত্বপূৰ্ণ হ’ব। তেওঁ বিকশিত ভাৰত @২০৪৭ ৰ দিশত ভাৰতৰ যাত্ৰাত আইচিএআই, আইচিএমএআই আৰু আইচিএছআইৰ পৰিপূৰক ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এই পেছাদাৰী প্ৰতিষ্ঠানসমূহক এক শক্তিশালী ঔদ্যোগিক তথা অৰ্থনৈতিক পৰিৱেশতন্ত্ৰৰ মূল স্তম্ভ বুলি অভিহিত কৰে।
যুৱপ্ৰজন্মই এই বৃত্তিত প্ৰৱেশ কৰাৰ বাবে অধিক সুযোগ সৃষ্টিৰ আহ্বান জনাই শ্ৰী চিপি ৰাধাকৃষ্ণণে আইচিএছআইৰ মাচুল ৰেহাইৰ পদক্ষেপসমূহৰ প্ৰশংসা কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত অবিৰতভাৱে এনে কাৰ্যসূচী সম্প্ৰসাৰণৰ আহ্বান জনায়। তেওঁ এমএছএমই অনুপালন কেলেণ্ডাৰ ২০২৭ মুকলি কৰে আৰু আইচিএছআই এমএছএমই এণ্ড ষ্টাৰ্টআপ কেটালিষ্টকে ধৰি এমএছএমই তথা ষ্টাৰ্টআপসমূহৰ বাবে আইচিএছআইয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। লগতে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ 'শ্বহীদ কি বেটী' পদক্ষেপৰ অধীনত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ আৰু সশস্ত্ৰ বাহিনীৰ পতাকা দিৱসৰ পুঁজিলৈ আইচিএছআইৰ অৱদানকো তেওঁ প্ৰশংসা কৰি কয়, "যেতিয়া উদ্দেশ্য মহৎ হয়, তেতিয়া সকলোৰেই ভাল হয়।"
সামৰণিত উপ-ৰাষ্ট্ৰপতিয়ে এই পেছাৰ প্ৰতি থকা বিশ্বাস অক্ষুণ্ণ ৰাখিবলৈ আৰু এখন শক্তিশালী, আত্মনিৰ্ভৰশীল তথা বিকশিত ভাৰত @২০৪৭ গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আইচিএছআইক আহ্বান জনায়। তেওঁ কয় যে আনৰ ওপৰত চৰ্ত আৰোপ কৰিবলৈ নহয়, বৰঞ্চ "কোনেও যাতে আমাৰ ওপৰত অনাকাংক্ষিত চৰ্ত আৰোপ কৰিব নোৱাৰে, তাৰ বাবেই ভাৰত বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ দিশত আগুৱাই যাব লাগিব। তেওঁ "সত্যং ৱদ, ধৰ্মং চৰ"ৰ চিৰন্তন আদৰ্শ সোঁৱৰাই দিয়ে আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে আইচিএছআই পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰে।
অনুষ্ঠানত আইচিএছআইৰ সভাপতি চিএছ পৱন চান্দক, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ড° সোণাল মানসিং আৰু আইচিএছআইৰ সচিব চিএছ আশীষ মোহন প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
PR/ASM/VMJ/MM
(ৰিলিজ আই ডি : 2318923)
অতিথি কক্ষ : 2