কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত কৃষি সহযোগিতা সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে ডাচ্চ মন্ত্ৰী ছিলভিয়’ এৰকেনছৰ সৈতে আলোচনাত মিলিত হয়; উৎকৰ্ষ সাধন কেন্দ্ৰ, বীজ খণ্ডৰ সহযোগিতা, বজাৰত প্ৰৱেশাধিকাৰৰ বিষয়সমূহ আৰু কৃষি উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আলোচনা অনুষ্ঠিত হয়

পোষ্ট কৰা হৈছে: 02 OCT 2026 7:10PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ২০২৬ চনৰ ২৮ ছেপ্টেম্বৰত নতুন দিল্লীত নেদাৰলেণ্ডৰ কৃষি, মীন, খাদ্য সুৰক্ষা আৰু প্ৰকৃতি মন্ত্ৰী ছিলভিয়’ এৰকেনছৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়।

এই বৈঠকত কৃষি খণ্ডত চলি থকা সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহ অন্বেষণ কৰি কৃষি সহযোগিতা সুদৃঢ় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। উভয় পক্ষই আধুনিক প্ৰযুক্তি, উদ্ভাৱন আৰু জ্ঞান আদান-প্ৰদানৰ জৰিয়তে উৎপাদনশীলতা বৃদ্ধিৰ সংকল্প পুনৰ ব্যক্ত কৰে।

দুয়োপক্ষই কৃষি আৰু উদ্যানশস্য খণ্ডত ২৫ টা উৎকৰ্ষ সাধন কেন্দ্ৰ (চিঅ’ই) স্থাপনৰ অগ্ৰগতি সম্পৰ্কে আলোচনা কৰে। তদুপৰি, এক কাৰ্যকৰী ৰূপায়ণৰ স্পষ্ট পৰিকাঠামোৰ বাবে সহযোগিতাৰ প্ৰধান দিশসমূহ সামৰি এখন কৰ্মপৰিকল্পনা প্ৰস্তুত কৰি বীজ খণ্ডত সহযোগিতা আগবঢ়াই নিবলৈ উভয় পক্ষ একমত হয়।

কৃষি উদ্ভাৱনৰ ক্ষেত্ৰত, উভয় দেশে এই দিশত লাভ কৰা উল্লেখনীয় অগ্ৰগতি আৰু উত্তৰণক স্বীকৃতি দি সহযোগিতাৰ সম্ভাৱ্য দিশসমূহ চিনাক্তকৰণৰ বিষয়ে আলোচনা কৰে।

কৃষি মন্ত্ৰীগৰাকীৰ উপৰি ডাচ্চ প্ৰতিনিধি দলটোত কৃষি, মীন, খাদ্য সুৰক্ষা আৰু প্ৰকৃতি মন্ত্ৰালয়ৰ সঞ্চালকপ্ৰধান মাৰ্টেন ভান ডেন বাৰ্গ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াৰ লগতে ভাৰতত নেদাৰলেণ্ডৰ ৰাষ্ট্ৰদূত মেৰিছা জেৰাৰ্ডছ আৰু দূতাবাসৰ অন্যান্য বিষয়াসকলো উপস্থিত থাকে।

ভাৰতৰ তৰফৰ পৰা সচিব অতীশ চন্দ্ৰ, সচিব (ডিএআৰই) ড° এম এল জাট আৰু কৃষি আৰু কৃষক কল্যাণ বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

SS/DK/MM


(ৰিলিজ আই ডি : 2318506) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Malayalam