আইন আৰু ন্যায় মন্ত্ৰালয়
azadi ka amrit mahotsav

আবুধাবিত অনুষ্ঠিত ১৫সংখ্যক ৰাষ্ট্ৰসংঘৰ কংগ্ৰেছত ন্যায় সংস্কাৰ আৰু আন্তঃৰাষ্ট্ৰীয় আইনগত অংশীদাৰিত্বৰ কথা প্ৰতিফলিত কৰিলে ভাৰতে

পোষ্ট কৰা হৈছে: 30 SEP 2026 6:38PM by PIB Guwahati

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী অৰ্জুন ৰাম মেঘৱালে ১৫সংখ্যক ৰাষ্ট্ৰসংঘৰ অপৰাধ প্ৰতিৰোধ আৰু অপৰাধমূলক ন্যায় সম্পৰ্কীয় কংগ্ৰেছৰ সময়ত সংযুক্ত আৰব আমিৰশ্বাহীৰ ন্যায় মন্ত্ৰী শ্ৰী আব্দুল্লা ছুলতান বিন আওয়াদ আল নুআইমীৰ সৈতে বৈঠকত মিলিত হয়।আবুধাবিত অনুষ্ঠিত ১৫সংখ্যক ৰাষ্ট্ৰসংঘৰ অপৰাধ প্ৰতিৰোধ আৰু অপৰাধমূলক ন্যায় সম্পৰ্কীয় কংগ্ৰেছত ভাৰতে আধুনিক, নাগৰিককেন্দ্ৰিক, প্ৰযুক্তিনিৰ্ভৰ আৰু বিশ্বৰ সৈতে সংযুক্ত ন্যায় ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহ দাঙি ধৰে।

এই কংগ্ৰেছখনৰ মূল বিষয় আছিল— “ডিজিটেল যুগত জনসাধাৰণ আৰু পৰিৱেশৰ সুৰক্ষা তথা ২০৩০ চনৰ বহনক্ষম উন্নয়নৰ লক্ষ্য অৰ্জনৰ বাবে অপৰাধ প্ৰতিৰোধ, অপৰাধমূলক ন্যায় আৰু আইনৰ শাসন ত্বৰান্বিত কৰা।”ৰাষ্ট্ৰসংঘৰ কংগ্ৰেছত ভাষণ প্ৰদান কৰি শ্ৰী অৰ্জুন ৰাম মেঘৱালে ভাৰতৰ নতুন অপৰাধমূলক আইন— ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম—সম্পৰ্কে উল্লেখ কৰে। তেওঁ কয় যে এই আইনসমূহত প্ৰযুক্তিৰ ব্যৱহাৰ, দ্ৰুত ন্যায় প্ৰদান, বৈজ্ঞানিক অনুসন্ধান আৰু ডিজিটেল পদ্ধতিক বিশেষ গুৰুত্ব দিয়া হৈছে।তেওঁ ভাৰতত চাইবাৰ অপৰাধৰ বিৰুদ্ধে গ্ৰহণ কৰা ডিজিটেল ব্যৱস্থাৰ বিষয়েও উল্লেখ কৰে। ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেলৰ জৰিয়তে চাইবাৰ অপৰাধৰ অভিযোগ দ্ৰুতভাৱে দাখিল কৰা, প্ৰৱঞ্চনা প্ৰতিৰোধ কৰা আৰু সন্দেহজনক হিচাপত ধন জমা হোৱা বেংকৰ হিচাপসমূহ স্থগিত কৰাৰ ব্যৱস্থা কৰা হৈছে।

শ্ৰী মেঘৱালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ নীতিৰ কথা  পুনৰ দোহাৰে। তেওঁ সন্ত্ৰাসবাদ, মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ, আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰাণী অপৰাধ, অবৈধভাৱে গছ কটা, বিষাক্ত আৱৰ্জনা পেলোৱা আৰু অন্যান্য সংগঠিত তথা পৰিৱেশবিৰোধী অপৰাধৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ  বিষয়ত গুৰুত্ব আৰোপ কৰে।

ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত ক্ৰমবৰ্ধমান আইনগত অংশীদাৰিত্বৰ বিষয়টোও উত্থাপন কৰা হয়। বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা আৰু বিকল্প বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতা অধিক শক্তিশালী হৈছে।ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা কেন্দ্ৰ আৰু ডুবাই আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা কেন্দ্ৰৰ মাজৰ অংশীদাৰিত্বই জ্ঞানৰ আদান-প্ৰদান, পেছাদাৰী প্ৰশিক্ষণ, যৌথ কাৰ্যসূচী, গৱেষণা আৰু ডিজিটেল পদ্ধতিৰে বিবাদ নিষ্পত্তিৰ ব্যৱস্থা শক্তিশালী কৰি তুলিছে।ডুবাই আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা কেন্দ্ৰই প্ৰায় ৫,০০০টা গোচৰ পৰিচালনা কৰে, যাৰ মুঠ মূল্য ৮০ বিলিয়ন সংযুক্ত আৰব আমিৰশ্বাহীৰ দিৰহামতকৈ অধিক, অৰ্থাৎ প্ৰায় ২১.৮ বিলিয়ন মাৰ্কিন ডলাৰ।ভ্ৰমণকালত শ্ৰী মেঘৱালে ৰাষ্ট্ৰসংঘৰ মাদক দ্ৰব্য আৰু অপৰাধ সম্পৰ্কীয় কাৰ্যালয়ৰ কাৰ্যবাহী সঞ্চালক শ্ৰীমতী মণিকা জুমাৰ সৈতেও বৈঠকত মিলিত হয়। বৈঠকত মাদক দ্ৰব্য আৰু সংগঠিত অপৰাধৰ বিৰুদ্ধে সহযোগিতা তথা আইনগত আৰু ন্যায়িক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰা হয়।এই পদক্ষেপসমূহে ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত ক্ৰমাৎ গভীৰ হৈ অহা ব্যাপক কৌশলগত অংশীদাৰিত্বক প্ৰতিফলিত কৰে। এই অংশীদাৰিত্ব এতিয়া বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰযুক্তি, প্ৰতিৰক্ষা, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ লগতে আইন, ন্যায় আৰু সু-শাসনৰ ক্ষেত্ৰলৈও বিস্তৃত হৈছে।১৫সংখ্যক ৰাষ্ট্ৰসংঘৰ কংগ্ৰেছত ভাৰতৰ অংশগ্ৰহণে আধুনিক আইন, ডিজিটেল উদ্ভাৱন, শক্তিশালী প্ৰতিষ্ঠান, ফলপ্ৰসূ আইন প্ৰয়োগ আৰু অৰ্থপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পুনৰ প্ৰকাশ কৰিছে। ইয়াৰ লক্ষ্য হৈছে দ্ৰুতগতিত পৰিৱৰ্তিত ডিজিটেল বিশ্বৰ বাবে উপযুক্ত ন্যায় ব্যৱস্থাৰ এক শক্তিশালী কাঠামো গঢ়ি তোলা।আজিৰ যুগত ফলপ্ৰসূ ন্যায় ব্যৱস্থাৰ বাবে কেৱল আইনেই যথেষ্ট নহয়। ইয়াৰ বাবে প্ৰযুক্তি, দক্ষ প্ৰতিষ্ঠান, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু ন্যায়সংগত ব্যৱস্থাৰ প্ৰতি অটুট দায়বদ্ধতাও প্ৰয়োজন।

 

 

 

 

 

 

***

Samrat/Sagar/DM


(ৰিলিজ আই ডি : 2317434) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: हिन्दी , English , Urdu , Marathi , Kannada