প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জ্যোতি সুৰেখা ভেন্নম, পৃথিকা প্ৰদীপ আৰু চিকিতা তানিপাৰ্থীক এছিয়ান গেমছ ২০২৬ত মহিলাৰ কম্পাউণ্ড টীম ইভেণ্টত সোণৰ পদক জয় কৰাৰ বাবে অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
30 SEP 2026 1:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ ২০২৬ত মহিলা কম্পাউণ্ড টীম ইভেণ্টত স্বৰ্ণ পদক জয় কৰাৰ বাবে জ্যোতি সুৰেখা ভেন্নম, পৃথিকা প্ৰদীপ আৰু চিকিতা তানিপাৰ্থীক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ প্ৰদৰ্শনক বিশ্ব অভিলেখৰ সমান আখ্যা দি কয় যে ইয়াৰ জৰিয়তে এই কৃতিত্ব আৰু অধিক বিশেষ হৈ উঠিছে।
শ্ৰী মোদীয়ে এই কৃতিত্বক আৰ্চাৰসকলৰ বাবে এক বৃহৎ সাফল্য বুলি বৰ্ণনা কৰি সমগ্ৰ দলটোক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক্স পোষ্টত প্ৰকাশ কৰা হৈছে;
‘ভাৰতৰ বাবে এটা সোণ!
এছিয়ান গেমছ ২০২৬ত মহিলা কম্পাউণ্ড টীম ইভেণ্টত স্বৰ্ণ পদক জয় কৰাৰ বাবে জ্যোতি সুৰেখা ভেন্নম, পৃথিকা প্ৰদীপ আৰু চিকিতা তানিপাৰ্থীক অভিনন্দন জনাইছো। এয়া অতি বিশেষ ফলাফল, কাৰণ তেওঁলোকৰ প্ৰদৰ্শন বিশ্ব অভিলেখৰ সমান। এয়া আমাৰ আৰ্চাৰসকলৰ বাবে এক বৃহৎ সাফল্য। সমগ্ৰ দলটোক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছোঃ প্ৰধানমন্ত্ৰী @narendramodi’
****
MJPS/SS/ST/DD
(ৰিলিজ আই ডি : 2316994)
অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Malayalam