বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
মুম্বাইত ভাৰত-ইউ এ ইৰ উচ্চ পৰ্যায়ৰ যুটীয়া টাস্ক ফৰ্চৰ ১৪সংখ্যক বৈঠক অনুষ্ঠিত
বিনিয়োগ আৰু উদ্ভাৱনৰ জৰিয়তে উল্লেখযোগ্য পৰিৱৰ্তনৰ বাবে সাজু হৈছে ভাৰত-ইউ এ ইৰ অংশীদাৰিত্ব: কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰীযুত পীয়ুষ গোৱাল
ভাৰত-ইউএইয়ে চিইপিএৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে যুটীয়া বিনিয়োগ প্ৰকল্প আগুৱাই নিয়াৰ বিষয়ে আলোচনা কৰে
পোষ্ট কৰা হৈছে:
28 SEP 2026 3:56PM by PIB Guwahati
ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱাল আৰু আবুধাবি বিনিয়োগ প্ৰাধিকৰণৰ পৰিচালন সঞ্চালক মহামহিম শ্বেইখ হামেদ বিন জায়েদ আল নাহিয়ানৰ সহ-সভাপতিত আজি মুম্বাইত ভাৰত-ইউ এ ই উচ্চ পৰ্যায়ৰ যৌথ টাস্ক ফৰ্চৰ চতুৰ্দশ বৈঠক অনুষ্ঠিত হয়।
ভাৰত আৰু ইউ এ ইৰ মাজত বাণিজ্য, বিনিয়োগ আৰু অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি কৰাৰ উদ্দেশ্যে ২০১৩ চনত এই উচ্চস্তৰীয় যুটীয়া কাৰ্যদল গঠন কৰা হৈছিল।গঠনৰ পাছৰে পৰা এই কাৰ্যদলে ভাৰত আৰু সংযুক্ত আৰব ইউ এ ই উভয় দেশতে অধিক বিনিয়োগৰ সুযোগ আৰু সম্ভাৱনাৰ বিষয়ে আলোচনা কৰাৰ এক ফলপ্ৰসূ ব্যৱস্থা হিচাপে কাম কৰি আহিছে।ইয়াৰ লগতে দুয়োখন দেশৰ বিনিয়োগকাৰীয়ে সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবেও এই কাৰ্যদলে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ভূমিকা পালন কৰি আহিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০২৬ চনৰ মে’ মাহত ইউ এ ই ভ্ৰমণ আৰু আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেইখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত ভাৰত ভ্ৰমণকে ধৰি নিয়মীয়া উচ্চস্তৰীয় আদান-প্ৰদানে দুয়োখন দেশৰ ক্ৰমাৎ শক্তিশালী হৈ অহা দ্বিপাক্ষিক অংশীদাৰিত্বক কৌশলগত দিশ প্ৰদান কৰাৰ লগতে নতুন গতি প্ৰদান কৰিছে।আজিৰ বৈঠকত দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ প্ৰবাহ বৃদ্ধি কৰাৰ পদক্ষেপকে ধৰি বাণিজ্য আৰু বিনিয়োগৰ গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰসমূহৰ বিষয়ে আলোচনা কৰা হয়।ইয়াৰ লগতে সহযোগিতাৰ উদীয়মান ক্ষেত্ৰসমূহ চিনাক্ত কৰি সেইবোৰত সহযোগিতা বৃদ্ধিৰ সম্ভাৱনাও পৰ্যালোচনা কৰা হয়।ইউ এ ই আৰু ভাৰতৰ মাজৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ পৰিসৰ আৰু কৌশলগত গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পাই আহিছে।২০২৫-২৬ বিত্তীয় বৰ্ষত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০১.২৫ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হয়।২০২৫ চনত তেলৰ বাহিৰে আন সামগ্ৰীৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ৭৬.২ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পায়।এই পৰিসংখ্যাই দুয়োখন দেশৰ মাজত শক্তিশালী হৈ অহা বাণিজ্যিক সম্পৰ্ক আৰু বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ প্ৰভাৱ প্ৰতিফলিত কৰিছে।২০৩২ চনৰ ভিতৰত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ২০০ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰাৰ উমৈহতীয়া লক্ষ্যত উপনীত হোৱাৰ বাবে ভাৰত আৰুইউ এ ই-এ নিৰন্তৰভাৱে কাম কৰি আছে।ভৱিষ্যতৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়া শক্তি, আন্তঃগাঁথনি, প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন ক্ষেত্ৰত দুয়োখন দেশে বিনিয়োগ সহযোগিতা অধিক সম্প্ৰসাৰিত কৰি আহিছে।
এই ইতিবাচক পৰিৱেশৰ পৰিপ্ৰেক্ষিতত বৈঠকৰ আৰম্ভণিতে সহ-সভাপতিদ্বয়ে সংযুক্ত আৰব আমীৰশ্বাহী আৰু ভাৰতৰ মাজত বাণিজ্যৰ পৰিমাণ বৃদ্ধি পোৱাৰ বিষয়টো উল্লেখ কৰে।দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি, দ্বিপাক্ষিক বিনিয়োগ চুক্তি আৰু কৰ ব্যৱস্থা, পাৰস্পৰিক আইনী সহায় আদি বিষয়ক অন্যান্য চুক্তিসমূহে পালন কৰা ভূমিকাও তেওঁলোকে স্বীকাৰ কৰে।দুয়োপক্ষই বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ অধীনস্থ সংশ্লিষ্ট উপ-সমিতিসমূহৰ কাম-কাজ পৰ্যালোচনা কৰে।ক্ৰমাৎ জটিল হৈ অহা ভূ-ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশৰ মাজত বাণিজ্যিক স্থিতিস্থাপকতা অধিক শক্তিশালী কৰাৰ উপায়সমূহৰ বিষয়েও আলোচনা কৰা হয়।যুটীয়া কাৰ্যদলে গুজৰাটৰ খাদ্য উদ্যান প্ৰকল্পকে ধৰি কেইবাটাও যুটীয়া বিনিয়োগ প্ৰকল্প আৰু সহযোগিতাৰ ক্ষেত্ৰত হোৱা ইতিবাচক অগ্ৰগতি পৰ্যালোচনা কৰে।দুয়োপক্ষই ২০২৬ চনৰ শেষৰ পূৰ্বে ইউ এ ইত ভাৰত বিনিয়োগ কাৰ্যালয় কাৰ্যক্ষম হোৱাৰ সম্ভাৱনাৰ বিষয়টো উল্লেখ কৰে।ভাৰতৰ আৰবিএল বেংকৰ সংখ্যাগৰিষ্ঠ অংশীদাৰিত্ব প্ৰায় ৩ বিলিয়ন মাৰ্কিন ডলাৰত এমিৰেটছ এনবিডিয়ে শেহতীয়াকৈ অধিগ্ৰহণ কৰা বিষয়টো দুয়োপক্ষই আদৰণি জনায়।ভাৰতৰ সম্মান কেপিটেলত ইণ্টাৰনেচনেল হোল্ডিং কোম্পানীয়ে ১ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ বিষয়টোও দুয়োপক্ষই আদৰণি জনায়।ইয়াৰ লগতে ওড়িশাত সংহত এলুমিনিয়াম উদ্যোগ স্থাপনৰ বাবে ১১.৫ বিলিয়ন মাৰ্কিন ডলাৰ যুটীয়া বিনিয়োগৰ অভিপ্ৰায়কো দুয়োপক্ষই স্বীকৃতি দিয়ে।ভাৰতৰ গিফ্ট চিটীত মাশৰেক বেংক, ফাৰ্ষ্ট আবুধাবি বেংক আৰু আবুধাবি নেচনেল ইঞ্চুৰেন্স কোম্পানীৰ শাখা কাৰ্যালয় সফলভাৱে মুকলি হোৱাৰ বিষয়টোও তেওঁলোকে উল্লেখ কৰে।২০২৬ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংযুক্ত আৰব আমীৰশ্বাহী ভ্ৰমণৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিসমূহৰ অধীনত শক্তি খণ্ডত হোৱা সহযোগিতাৰ অগ্ৰগতিও দুয়োপক্ষই পৰ্যালোচনা কৰে।পাৰস্পৰিক বিনিয়োগৰ বিস্তৃতি আৰু গভীৰতা বিবেচনা কৰিলে এই অংশীদাৰিত্ব দুয়োখন দেশৰ মাজত বহুমুখী সহযোগিতাৰ এক উল্লেখযোগ্য উদাহৰণ হিচাপে পৰিগণিত হৈছে।ভাৰত-সংযুক্ত আৰব আমীৰশ্বাহীৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে বিত্তীয় খণ্ডৰ সহযোগিতা অব্যাহত আছে।তেওঁলোকে ইউ এ ই আৰু ভাৰতৰ কেন্দ্ৰীয় বেংকৰ দ্বাৰা স্থানীয় মুদ্ৰাত লেনদেন, পৰিশোধ আৰু বাৰ্তা প্ৰেৰণ ব্যৱস্থাৰ সংহতি আৰু কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা সম্পৰ্কীয় পদক্ষেপসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে।এই পদক্ষেপসমূহে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগ অধিক দক্ষ, সহজলভ্য আৰু স্থিতিস্থাপক কৰি তোলাৰ সম্ভাৱনা থকা বুলি বৈঠকত উল্লেখ কৰা হয়।দুয়োপক্ষই এই পদক্ষেপসমূহ সময়মতে কাৰ্যকৰী কৰাৰ বাবে পৰস্পৰে সহযোগিতা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে।দুয়োপক্ষৰ মাজত বিনিয়োগৰ প্ৰবাহ বৃদ্ধি কৰাৰ সম্ভাৱনা থকা বিভিন্ন ক্ষেত্ৰৰ বিষয়েও প্ৰতিনিধিসকলে আলোচনা কৰে।ইয়াৰ ভিতৰত শক্তি, উদ্যোগ, পৰিবহণ আৰু সামগ্ৰী পৰিচালনা, আন্তঃগাঁথনি, প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ, খাদ্য সুৰক্ষা, কৃষি উদ্ভাৱন আৰু নতুন উদ্যোগৰ পৰিৱেশত একেলগে কাম কৰাৰ দৰে ক্ষেত্ৰসমূহ অন্তৰ্ভুক্ত।বৈঠকত আবুধাবি আৰু ভাৰতৰ মাজত অসামৰিক বিমান পৰিবহণ ক্ষেত্ৰত সহযোগিতাৰ বিষয়েও আলোচনা কৰা হয়।বৃহত্তৰ অৰ্থনৈতিক সম্পৰ্কক অধিক শক্তিশালী কৰাৰ বাবে বিমান যোগাযোগ ব্যৱস্থা উন্নত কৰাই ইয়াৰ মূল উদ্দেশ্য।এই একে পৰিপ্ৰেক্ষিতত ভাৰতৰ গুজৰাটৰ ধোলেৰাত বিমান পৰিবহণ আৰু সামগ্ৰী পৰিবহণৰ এক কেন্দ্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত বিনিয়োগৰ সুযোগ আৰু সহযোগিতাৰ সম্ভাৱনাও দুয়োপক্ষই পৰ্যালোচনা কৰে।গঠনৰ পৰাই বিনিয়োগ সম্পৰ্কীয় উদ্বেগসমূহ উত্থাপন আৰু সমাধানৰ ক্ষেত্ৰত উচ্চস্তৰীয় যুটীয়া কাৰ্যদলে ভাৰত আৰু সংযুক্ত আৰব আমীৰশ্বাহীৰ মাজত এক মুকলি আৰু ফলপ্ৰসূ ব্যৱস্থা হিচাপে নিৰন্তৰভাৱে কাম কৰি আহিছে।ভাৰতত ইউ এ ইৰ বিনিয়োগ আৰু কোম্পানীসমূহৰ লগতে সংযুক্ত আৰব আমীৰশ্বাহীত ভাৰতীয় বিনিয়োগ আৰু কোম্পানীসমূহক প্ৰভাৱিত কৰা অমীমাংসিত বিষয়সমূহ সমাধানৰ বাবে ভাৰত-ইউ এ ই দ্ৰুত সমাধান ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও দুয়োপক্ষই উল্লেখ কৰে।এই বিষয়সমূহ সময়মতে সমাধান কৰাৰ বাবে দুয়োপক্ষই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লয়।বৈঠকৰ সামৰণিত সহ-সভাপতিদ্বয়ে উচ্চস্তৰীয় যুটীয়া কাৰ্যদলৰ সফলতাৰ বাবে নিৰন্তৰভাৱে অৱদান আগবঢ়াই অহা দুয়োখন দেশৰ ৰাষ্ট্ৰদূত, বিষয়া আৰু কাৰিকৰী দলসমূহক ধন্যবাদ জ্ঞাপন কৰে।উচ্চস্তৰীয় যুটীয়া কাৰ্যদলৰ ১৪সংখ্যক বৈঠকৰ বিষয়ে মন্তব্য কৰি ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী তথা কাৰ্যদলৰ সহ-সভাপতি পীয়ূষ গোৱেলে কয়—“বিশ্বৰ দ্ৰুততম বিকাশশীল বৃহৎ অৰ্থনীতি হিচাপে ভাৰতে সৰ্বাংগীন, বহনক্ষম আৰু স্থিতিস্থাপক বিকাশৰ প্ৰতি নিজৰ দায়বদ্ধতা অব্যাহত ৰাখিছে।এই যাত্ৰাত সংযুক্ত আৰব আমীৰশ্বাহী ভাৰতৰ এক বিশ্বাসযোগ্য বন্ধু আৰু অংশীদাৰ।আজিৰ যুটীয়া কাৰ্যদলৰ বৈঠকে বিভিন্ন পদক্ষেপৰ ক্ষেত্ৰত হোৱা ইতিবাচক অগ্ৰগতিৰ ছবি দাঙি ধৰাৰ লগতে ভৱিষ্যতে সহযোগিতাৰ নতুন সম্ভাৱনাসমূহৰ বিষয়েও আলোচনা কৰে।বিনিয়োগ, উদ্ভাৱন, উন্নয়ন আৰু আমাৰ জনসাধাৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত আধাৰিত এই অংশীদাৰিত্ব দুয়োপক্ষৰ দূৰদৰ্শী নেতৃত্বৰ অধীনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে।”উচ্চস্তৰীয় যুটীয়া কাৰ্যদলৰ সহ-সভাপতি তথা আবুধাবি বিনিয়োগ প্ৰাধিকৰণৰ পৰিচালন সঞ্চালক শ্বেইখ হামেদ বিন জায়েদ আল নাহিয়ানে কয়—“ইউ এ ই আৰু ভাৰতৰ মাজত দীৰ্ঘদিনীয়া আৰু ক্ৰমাৎ শক্তিশালী হৈ অহা অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ সময়ত এই বৈঠক অনুষ্ঠিত হৈছে।২০১৩ চনত গঠনৰ পৰাই আমাৰ যুটীয়া কাৰ্যদলে মুকলি আলোচনাৰ, ব্যৱহাৰিকভাৱে সমস্যাৰ সমাধানৰ আৰু উমৈহতীয়া অৰ্থনৈতিক অগ্ৰাধিকাৰসমূহ আগুৱাই নিয়াৰ এক মূল্যৱান মঞ্চ হিচাপে কাম কৰি আহিছে।বিগত বছৰসমূহত বিনিয়োগকাৰীসকলক সহায় কৰা, বিভিন্ন প্ৰত্যাহ্বানৰ সমাধান কৰা আৰু সহযোগিতাৰ নতুন সুযোগ চিনাক্ত কৰাৰ জৰিয়তে এই কাৰ্যদলে আমাৰ দুয়োখন দেশক অধিক ওচৰলৈ অনাত সহায় কৰিছে।”
***
Abhishek Dayal/ Abhijith Narayanan/ Ishita Biswas/DM
(ৰিলিজ আই ডি : 2316777)
অতিথি কক্ষ : 8