পৰ্যটন মন্ত্ৰালয়
পৰ্যটন মন্ত্ৰালয়ে স্বচ্ছতা আৰু আধৰুৱা কাম কাজ হ্ৰাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৬.০ বিশেষ অভিযানৰ বাবে সাজু হৈছে
২০২৬ ৰ ২-৩১ অক্টোবৰৰ সময়চোৱাত কাৰ্যকৰী হ’ব অভিযান; ই-আৱৰ্জনাৰ ফলপ্ৰসূ সংগ্ৰহ, পৃথকীকৰণ আৰু নিষ্কাষণ ওপৰত বিশেষ গুৰুত্ব
পোষ্ট কৰা হৈছে:
29 SEP 2026 11:37AM by PIB Guwahati
পৰ্যটন মন্ত্ৰালয়ে ২০২৬ চনৰ ২অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত বিশেষ অভিযান ৬.০ৰ ৰূপায়ণৰ বাবে সাজু হৈছে। ইয়াৰ জৰিয়তে স্বচ্ছতাৰ লগতে অমীমাংসিত হৈ থকা চৰকাৰী কাম কাজসমূহৰ পৰিমাণ হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। এই বছৰ, চৰকাৰৰ সকলো মন্ত্ৰালয় তথা বিভাগ সামৰি এই অভিযানে ই-আৱৰ্জনাৰ ফলপ্ৰসূ সংগ্ৰহ, পৃথকীকৰণ আৰু নিষ্পত্তিৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিব।
বিশেষ অভিযান ৬.০ৰ অংশ হিচাপে, ভাৰত চৰকাৰে মন্ত্ৰালয় তথা বিভাগসমূহৰ লগতে এই সমূহৰ সংলগ্ন আৰু অধীনস্থ কাৰ্যালয়, স্বায়ত্তশাসিত সংস্থা আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগৰ উপৰি ৰাজহুৱা সেৱা প্ৰদান কৰা ক্ষেত্ৰ আৰু বাহিৰৰ কাৰ্যালয়সমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ১৫ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ প্ৰস্তুতিমূলক পৰ্যায় আৰু ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ কাৰ্য্যকৰীকৰণ পৰ্যায় সামৰি এই অভিযান দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছে।
এই অভিযানৰ ৰূপৰেখাৰ সৈতে সংগতি ৰাখি পৰ্যটন মন্ত্ৰালয়ে ৰূপায়ণৰ লক্ষ্য নিৰূপণ কৰিবলৈ ইয়াৰ কাৰ্যসূচী বিভাগ, প্ৰতিষ্ঠান আৰু ঘৰুৱা কাৰ্যালয়সমূহৰ সৈতে ২০২৬ৰ ১৬ ছেপ্টেম্বৰত এক প্ৰস্তুতিমূলক বৈঠকৰ আহ্বান জনায়। প্ৰস্তুতিমূলক কাৰ্যকলাপবোৰৰ ভিতৰত আছে কাৰ্যালয়, বিষয়া আৰু তৃণমূল পৰ্যায়ৰ কৰ্মচাৰীসকলক একত্ৰিত কৰা; আধৰুৱা হৈ থকা বিষয় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ স্থানসমূহ চিনাক্ত কৰা; নিষ্কাষণৰ বাবে অপ্ৰয়োজনীয় সামগ্ৰীৰ মূল্যায়ন কৰা; দক্ষ স্থান ব্যৱস্থাপনাৰ বাবে পৰিকল্পনা কৰা; অপ্ৰয়োজনীয় সামগ্ৰী নিষ্পত্তি কৰা; ৰেকৰ্ড ব্যৱস্থাপনা আৰু ই-আৱৰ্জনাৰ ফলপ্ৰসূ সংগ্ৰহ তথা পৃথকীকৰণৰ বাবে উপায়ৰ দিহা কৰা।
মন্ত্ৰালয়ে বিশেষ অভিযান ৫.০ৰ সময়ত অপ্ৰয়োজনীয় সামগ্ৰী নিষ্পত্তিৰ জৰিয়তে ১২.৬৯ টকা লাখ উপাৰ্জন কৰাৰ উপৰি ৯২,৭৪৯ বৰ্গফুট স্থান মুক্ত কৰাৰ দৰে গুৰুত্বপূৰ্ণ ফলাফল লাভ কৰিছিল। ইয়াৰ উপৰি, ৪,৭০০ টা কাগজৰ ফাইল আঁতৰাই পেলোৱাৰ লগতে ১,১০০ টা ইলেক্ট্ৰনিক ফাইল বন্ধ কৰা হৈছিল। সমগ্ৰ দেশতে মুঠ ৪১৩টা স্বচ্ছতা অভিযানমূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল।
পূৰ্বৰ অভিযানৰ সাফল্যৰ ওপৰত ভিত্তি কৰি, পৰ্যটন মন্ত্ৰালয়ে বিশেষ অভিযান ৬.০ৰ সফল ৰূপায়ণ আৰু ইয়াৰ কাৰ্যালয়সমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা, দক্ষ ৰেকৰ্ড ব্যৱস্থাপনা আৰু আধৰুৱা হৈ থকা কাম হ্ৰাস কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।
*****
RK/DD
(ৰিলিজ আই ডি : 2316523)
অতিথি কক্ষ : 6