বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতজুৰি থকা সোণ সৰবৰাহ চক্ৰ উৎখাত ডি আৰ আইৰ, ১০ কোটি টকাৰো অধিক মূল্যৰ বিদেশী মূলৰ প্ৰায় ৬.৬ কিলোগ্ৰাম সোণ জব্দ, এজন মূল পৰিকল্পনাকাৰীকে ধৰি ১১ গৰাকীক গ্ৰেপ্তাৰ

চক্ৰটোৱে যোৱা ৯ মাহত কুৰিয়াৰ চেনেলৰ জৰিয়তে ৪৭৫ কোটি টকা মূল্যৰ ৩১৮ কেজি চোৰাং সোণ সৰবৰাহ কৰিছিল

পোষ্ট কৰা হৈছে: 28 SEP 2026 2:57PM by PIB Guwahati

সোণৰ সংগঠিত চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে কঠোৰ অভিযান অব্যাহত ৰাখি ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (ডি আৰ আই) সমগ্ৰ ভাৰতজুৰি বিস্তৃত হৈ থকা সোণৰ এটা চোৰাং ব্যৱসায়ৰ চক্ৰ উৎখাত কৰাৰ লগতে প্ৰায় ১০.৩৬ কোটি টকা মূল্যৰ ৬.৬১ কেজি বিদেশী মূলৰ চোৰাং সোণ জব্দ কৰিছে।

চক্ৰটোৱে কুৰিয়াৰ নেটৱৰ্কৰ জৰিয়তে কাম কৰিছিল আৰু যোৱা ৯ মাহত কুৰিয়াৰ চেনেলৰ জৰিয়তে ৪৭৫ কোটি টকা মূল্যৰ ৩১৮ কেজি সোণ সৰবৰাহ কৰিছিল। এজন মূল পৰিকল্পনাকাৰীকে ধৰি ১১ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

পশ্চিমবংগ আৰু অসমৰ ভাৰত-বাংলাদেশ সীমান্তৰ মাজেৰে বিদেশী মূলৰ সোণৰ নিয়মীয়াকৈ অব্যাহত থকা চোৰাং সৰবৰাহ আৰু কুৰিয়াৰৰ যোগেদি দেশৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ সৰবৰাহৰ বিষয়ে চোৰাংচোৱাৰ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত ডি আৰ আয়ে ২০২৬ৰ ২৩-২৪ ছেপ্টেম্বৰত কেইবাখনো চহৰত এক সমন্বিত অভিযান চলাইছিল। মুম্বাই, দিল্লী, কলকাতা, আহমেদাবাদ আৰু গুৱাহাটীত একে সময়তে তালাচী আৰু অনুসন্ধান চলোৱা হৈছিল।

অভিযানৰ সময়ত, মুম্বাই, দিল্লী আৰু আহমেদাবাদত ডেলিভাৰীৰ বাবে গুৱাহাটী আৰু কলকাতাৰ পৰা বুক কৰা চোৰাংকৈ সৰবৰাহ কৰা সোণ থকা কুৰিয়াৰৰ টোপোলাবোৰ জব্দ কৰা হয়। চালানসমূহৰ ৭ গৰাকী প্ৰাপকক গ্ৰেপ্তাৰ কৰা হয়, আনহাতে একে সময়তে কলকাতাত চালান/প্ৰেৰকসকলৰ পৰিসৰত অনুসন্ধান চলোৱাৰ জৰিয়তে আৰু তিনিগৰাকীক আটক কৰা হয়। এক তাৎক্ষণিক পদক্ষেপৰ জৰিয়তে চোৰাংকৈ সৰবৰাহ কৰা সোণৰ প্ৰেৰণ আৰু ডেলিভাৰীৰ সমন্বয় কৰা এগৰাকী মূল পৰিকল্পনাকাৰীকো মুম্বাইত গ্ৰেপ্তাৰ কৰা হয়।

তদন্তত প্ৰকাশ পাইছে যে চক্ৰটোৱে ঘৰুৱা বজাৰত যোগান ধৰিবলৈ গুৱাহাটী আৰু কলকাতাৰ পৰা মুম্বাই, দিল্লী আৰু আহমেদাবাদৰ বিভিন্ন গ্ৰহণকাৰীলৈ প্ৰেৰণৰ বাবে চোৰাং সোণ একাধিক সৰু কুৰিয়াৰ টোপোলাত বিভক্ত কৰি আছিল। প্ৰেৰণকাৰী/পৰিবহণকাৰী আৰু গ্ৰহণকাৰীসকল অকল কাগজে-পত্ৰইহে থকা প্ৰতিষ্ঠান/ব্যক্তি হিচাপে ওলাই পৰে, যাৰ বৈধভাৱে সোণৰ লেনদেন কৰিব পৰা অনুমতি নাই। চোৰাং সোণ গোপনে প্ৰেৰণৰ বাবে ইচ্ছাকৃতভাৱে কুৰিয়াৰ নেটৱৰ্ক ব্যৱহাৰ কৰাটো ইয়াৰ জৰিয়তে স্পষ্ট হয়।

জব্দ কৰা টোপোলাসমূহৰ পৰা প্ৰায় ১০.৩৬ কোটি টকা মূল্যৰ টুকুৰাৰ ৰূপত মুঠ ৬.৬১ কেজি বিদেশী মূলৰ সোণ উদ্ধাৰ কৰা হয় আৰু শুল্ক আইন, ১৯৬২ৰ সংশ্লিষ্ট ধাৰাৰ অধীনত জব্দ কৰা হয়। চক্ৰটোৰ সৈতে জড়িত ১১ গৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

লক্ষণীয়ভাৱে নথি-পত্ৰৰ সাক্ষ্যৰ প্ৰাৰম্ভিক পৰীক্ষণে চক্ৰটোৰ কাম-কাজৰ বিস্ময়কৰ পৰিসৰ প্ৰকাশ কৰিছে- চলিত কেলেণ্ডাৰ বছৰৰ মাত্ৰ ৯ মাহত ইতিমধ্যে একেটা কুৰিয়াৰ-আধাৰিত নেটৱৰ্কৰ জৰিয়তে প্ৰায় ৩১৮ কেজি চোৰাং সোণ পৰিবহণ আৰু বিতৰণ কৰা হয়, যাৰ মূল্য প্ৰায় ৪৭৫ কোটি টকা। বিষয়টোক লৈ অধিক তদন্ত চলি আছে।

এই অভিযানটোৱে অপৰম্পৰাগত লজিষ্টিক আৰু কুৰিয়াৰ চেনেলৰ ব্যৱহাৰ কৰি সোণৰ সংগঠিত চোৰাং সৰবৰাহ চক্ৰৰ দেশজুৰি চোৰাং সোণ প্ৰেৰণৰ প্ৰতিটো পৰ্যায়তে প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ ডি আৰ আইৰ ধাৰাবাহিক পদক্ষেপৰ ওপৰত আলোকপাত কৰে।

 

****

SR/KMN/HS


(ৰিলিজ আই ডি : 2316058) অতিথি কক্ষ : 6