প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত মহিলাৰ ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জয় কৰা হৰিতা ভদ্ৰাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
27 SEP 2026 8:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মহিলাৰ ২০০ মিটাৰ দৌৰত সুন্দৰ প্ৰদৰ্শনেৰে ব্ৰঞ্জৰ পদক জয় কৰা হৰিতা ভদ্ৰাক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এছিয়ান গেমছত অভিষেক ঘটায়েই হৰিতাই আত্মবিশ্বাস তথা দৃঢ় সংকল্পৰে দৌৰি পদকৰ তালিকাত প্ৰাপ্য স্থান সুনিশ্চিত কৰিছে। শ্ৰী মোদীয়ে এই সুন্দৰ সাফল্যৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰি কয় যে হৰিতাৰ সাফল্যত ভাৰত গৌৰৱান্বিত।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এটা পোষ্টত কয়—
“এছিয়ান গেমছত মহিলাৰ ২০০ মিটাৰ দৌৰত হৰিতা ভদ্ৰাৰ এক সুন্দৰ ব্ৰঞ্জৰ পদক! এছিয়ান গেমছত অভিষেক ঘটায়েই তেওঁ আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে দৌৰি পদকৰ তালিকাত প্ৰাপ্য স্থান সুনিশ্চিত কৰিছে। এই সুন্দৰ সাফল্যৰ বাবে তেওঁলৈ অভিনন্দন। তেওঁৰ সাফল্যত ভাৰত গৌৰৱান্বিত।”
PM @narendramodi"
***
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2315776)
অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam