প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত মহিলাৰ লং জাম্পত ৰূপৰ পদক লাভ কৰা এন্সি ছোজানক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
27 SEP 2026 8:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মহিলাৰ লং জাম্পত ৰূপৰ পদক জয় কৰা অন্সি ছোজানক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে কয় যে অন্সি ছোজানৰ শক্তিশালী আৰু উদ্যমী প্ৰদৰ্শনে সমগ্ৰ দেশলৈ অপৰিসীম আনন্দ কঢ়িয়াই আনিছে।শ্ৰী মোদীয়ে লগতে আশা প্ৰকাশ কৰে যে আগন্তুক দিনসমূহতো তেওঁ অধিক সফলতা অৰ্জন কৰি যাব।
এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় :
“এছিয়ান গেমছত মহিলাৰ লং জাম্পত ৰূপৰ পদক জয় কৰাৰ বাবে অন্সি ছোজানলৈ অভিনন্দন! তেওঁৰ শক্তিশালী আৰু উদ্যমী প্ৰদৰ্শনে সমগ্ৰ দেশলৈ অপৰিসীম আনন্দ কঢ়িয়াই আনিছে। আগন্তুক দিনসমূহতো তেওঁ অধিক সফলতা অৰ্জন কৰি যাবলৈ সক্ষম হওক।”
PM @narendramodi"
***
MJPS/SS/PRK/DM
(ৰিলিজ আই ডি : 2315704)
অতিথি কক্ষ : 5