বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

সীমান্তইদি চোৰাং সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে অভিযান: অসম আৰু মিজোৰামত ২০.৩১ কোটি টকাৰ ১২৫,০০০ কিলোগ্ৰামতকৈও অধিক বিদেশী মূলৰ তামোল আৰু ৪১,০০০ কিলোগ্ৰাম আফু গুটি জব্দ; চাৰিজনক গ্ৰেপ্তাৰ

উত্তৰ-পূৰ্বাঞ্চলত জব্দ হোৱা চোৰাং তামোলৰ ভিতৰতে সৰ্ববৃহৎ ঘটনা

পোষ্ট কৰা হৈছে: 25 SEP 2026 4:42PM by PIB Guwahati

সীমান্তইদি চোৰাং সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখি ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (ডিআৰআই) মিজোৰাম আৰু অসমত দুটা চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত চলোৱা অভিযানত মুঠ প্ৰায় ২০.৩১ কোটি টকা মূল্যৰ ১,২৫,৬৮০ কিলোগ্ৰাম বিদেশী মূলৰ তামোল আৰু ৪১,৬৯৭ কিলোগ্ৰাম বিদেশী মূলৰ আফু গুটি জব্দ কৰে। চোৰাং আফু গুটি কঢ়িয়াই অনাৰ অপৰাধত চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।

২৩ আৰু ২৪ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে মিজোৰামত চলোৱা এক বৃহৎ চোৰাংচোৱাভিত্তিক অভিযানত ডিআৰআইয়ে চাম্পাই শুল্ক, ১৪নং অসম ৰাইফলছ বেটেলিয়ন আৰু চাম্পাই আৰক্ষীৰ সহায়ত ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চাম্পাই জিলাৰ ৰুৱাণ্টলাং গাঁও আৰু তাৰ আশে-পাশে থকা তিনিটা গুদাম ঘৰত তালাচী চলায়। সকলো গৃহতে তলা মৰা আছিল আৰু তাত কোনো লোক উপস্থিত নাছিল। গৃহকেইটাত চলোৱা তালাচীত প্ৰায় ১৪ কোটি টকা মূল্যৰ ১,২৫,৬৮০ কিলোগ্ৰাম সন্দেহজনক বিদেশী মূলৰ তামোল আৰু ৩.৮১ কোটি টকা মূল্যৰ ২৫,৪৪০ কিলোগ্ৰাম আফু গুটি উদ্ধাৰ কৰা হয়। প্ৰাথমিক তদন্ত অনুসৰি সামগ্ৰীসমূহ ম্যানমাৰৰ পৰা ভাৰতলৈ চোৰাংভাৱে অনা হৈছিল। ১৯৯২ চনৰ শুল্ক আইনৰ বিধান অনুসৰি সামগ্ৰীসমূহ জব্দ কৰা হয়।

 

ইয়াৰ পূৰ্বে, ২২ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে মিজোৰাম সীমান্তৰ পৰা অসম অভিমুখে বিদেশী মূলৰ আফু গুটি কঢ়িয়াই অনা সন্দৰ্ভত পোৱা এক সুনির্দিষ্ট খবৰৰ ভিত্তিত ডিআৰআইৰ বিষয়াসকলে ৩৮নং অসম ৰাইফলছ বেটেলিয়নৰ সহায়ত শিলচৰৰ লাইলাপুৰৰ সমীপত দুখন ট্ৰাক জব্দ কৰে। বাহন দুখন তালাচী চলোৱাত ২৯০টা পলিথনিৰ বস্তাত ১৬,২৫৭ কিলোগ্ৰাম বিদেশী মূলৰ আফু গুটি উদ্ধাৰ হয়। বস্তাবোৰত বিদেশী উৎপাদন আৰু ব্যৱসায়ৰ চিন স্পষ্টকৈ আছিল আৰু এই চালানটোৰ লগত কোনো বৈধ আমদানি নথি-পত্ৰ নাছিল। প্ৰায় ২.৪৩ কোটি টকা মূল্যৰ আফু গুটিৰ লগতে গাড়ী দুখন ১৯৬২ চনৰ শুল্ক আইনৰ অধীনত জব্দ কৰা হয়। এই সামগ্ৰীসমূহ পৰিবহণৰ লগত জড়িত চাৰিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়।

 

বিদেশী মূলৰ চোৰাং তামোল জব্দৰ এই ঘটনাটো উত্তৰ-পূৰ্বাঞ্চলত শেহতীয়া বছৰবোৰত জব্দ কৰা সামগ্ৰীৰ ভিতৰতে সৰ্ববৃহৎ আৰু সীমান্তইদি চোৰাং ব্যৱসায় ৰোধ কৰাৰ ক্ষেত্ৰত ডিআৰআইৰ এক উল্লেখযোগ্য সাফল্য।

 

বৈদেশিক বাণিজ্য নীতিৰ আইটিতি(এইচএছ) শ্ৰেণীবিভাজনৰ অধীনত আফু গুটিক "নিষিদ্ধ" সামগ্ৰী হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। নির্দিষ্ট দেশৰ পৰা অনা আৰু গোৱালিয়ৰৰ নাৰ্কোটিকছ কমিছনাৰৰ ওচৰত আমদানি চুক্তি পঞ্জীয়ন কৰাকে ধৰি নিৰ্ধাৰিত নিয়ম অনুসৰিহে ইয়াৰ আমদানিৰ অনুমতি দিয়া হয়।

 

এই জব্দকৰণে সংবেদনশীল ভাৰত-ম্যানমাৰ সীমান্তৰে সক্ৰিয় হৈ থকা চোৰাং ব্যৱসায়ৰ নেটৱৰ্কক উৎখাত কৰা আৰু দেশখনত সংৰক্ষিত তথা বিদেশী মূলৰ কৃষি সামগ্ৰীৰ অবৈধ প্ৰৱেশ ৰোধ কৰাৰ ওপৰত ডিআৰআইৰ নিৰৱচ্ছিন্ন গুৰুত্বকে প্ৰতিফলিত কৰিছে।

 

****

SR/KMN/DB


(ৰিলিজ আই ডি : 2315180) অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , हिन्दी , Bengali