প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছত ৰূপৰ পদক জয় কৰা মিক্সড ৪x৪০০ মিটাৰ ৰিলে দলটোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
25 SEP 2026 11:17AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান গেমছত মিক্সড ৪x৪০০ মিটাৰ ৰিলে ইভেণ্টত ৰূপৰ পদক জয় কৰাৰ বাবে মনু টি এছ, পুভাম্মা এম আৰ, বিশাল টি কে, আৰু বিত্যা ৰামৰাজক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ গতি, সমন্বয় আৰু সংকল্পই এক ৰোমাঞ্চকৰ দৌৰৰ লগতে ভাৰতীয় এথলেটিকছৰ বাবে এক গৌৰৱৰ মুহূৰ্তৰ সৃষ্টি কৰিছে। শ্ৰী মোদীয়ে লগতে তেওঁলোকক উচ্চ শিখৰত উপনীত হোৱাৰ উদ্দেশ্যে প্ৰয়াস অব্যাহত ৰখাৰ বাবে শুভ কামনা জনায়।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছেঃ
"আমাৰ মিক্সড ৪x৪০০ মিটাৰ ৰিলে দলৰ এক ব্যতিক্ৰমী প্ৰদৰ্শন!
এছিয়ান গেমছত ৰূপৰ পদক জয় কৰাৰ বাবে মনু টি এছ, পুভাম্মা এম আৰ, বিশাল টি কে আৰু বিত্যা ৰামৰাজক অভিনন্দন জনাইছো। তেওঁলোকৰ গতি, সমন্বয় আৰু সংকল্পই এক ৰোমাঞ্চকৰ দৌৰৰ লগতে ভাৰতীয় এথলেটিকছৰ বাবে এক গৌৰৱৰ মুহূৰ্তৰ সৃষ্টি কৰিছে।
তেওঁলোকে উচ্চ শিখৰ স্পৰ্শ কৰাটো অব্যাহত ৰাখকঃ পিএম @narendramodi"
****
MJPS/SS/PRK/DD
(ৰিলিজ আই ডি : 2314803)
অতিথি কক্ষ : 4