প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহিলাৰ ছান্দাৰ ৬০ কেজি শাখাত ৰূপৰ পদক লাভ কৰা নাওৰেম ৰশিবিনা দেৱীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 24 SEP 2026 11:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাওৰেম ৰশিবিনা দেৱীক মহিলাৰ ছান্দাৰ ৬০ কেজি শাখাত ৰূপৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে একেৰাহে তিনিখন এছিয়ান গেমছত পদক জয় কৰাটো এক উল্লেখযোগ্য সাফল্য। তেওঁ উল্লেখ কৰে যে খেলুৱৈগৰাকীৰ ধাৰাবাহিকতা, সাহস আৰু সংকল্প সঁচাকৈয়ে প্ৰশংসনীয়। শ্ৰী মোদীয়ে তেওঁক ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছেঃ

‘মহিলাৰ ছান্দাৰ ৬০ কেজি শাখাত ৰূপৰ পদক জয় কৰা নাওৰেম ৰশিবিনা দেৱীক অভিনন্দন জনাইছো। একেৰাহে তিনিখন এছিয়ান গেমছত পদক জয় কৰাটো এটা উল্লেখযোগ্য সাফল্য। তেওঁৰ ধাৰাবাহিকতা, সাহস আৰু সংকল্প সঁচাকৈয়ে প্ৰশংসনীয়।

ভৱিষ্যতৰ সকলো প্ৰচেষ্টাৰ বাবে শুভেচ্ছাঃ প্ৰধানমন্ত্ৰী @narendramodi’

***

MJPS/SS/PRK/DD


(ৰিলিজ আই ডি : 2314309) অতিথি কক্ষ : 8