মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়
অবৈধ দত্তক প্ৰতিৰোধ কৰিবলৈ মণিপুৰত কাৰা (CARA)-ৰ দ্বাৰা দত্তক সজাগতা কৰ্মশালাৰ আয়োজন
“আইনসংগত দত্তক, সুৰক্ষিত শৈশৱ, নিশ্চিত ভৱিষ্যত, অবৈধ দত্তক নস্যাৎ কৰক” মূল বিষয়বস্তুৰ আধাৰত অনুষ্ঠিত হ’ল কৰ্মশালা
আইনসংগত, সুৰক্ষিত আৰু শিশুকেন্দ্ৰিক দত্তক পদ্ধতি সম্পৰ্কে প্ৰায় ১৫০ গৰাকী অংশীদাৰক সজাগ কৰি তোলা হ’ল
পোষ্ট কৰা হৈছে:
23 SEP 2026 4:01PM by PIB Guwahati
ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনস্থ ‘কেন্দ্ৰীয় দত্তক সম্পদ প্ৰাধিকৰণ’ চমুকৈ কাৰা (CARA)-ই মণিপুৰ চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু মণিপুৰ ষ্টেট এডপচন ৰিচ’ৰ্ছ এজেন্সী (SARA)-ৰ সহযোগত ২০২৬ চনৰ ২৩ ছেপ্টেম্বৰত মণিপুৰৰ ইম্ফলস্থিত নৰ্থ এ.অ’.চি.-ত “আইনসংগত দত্তক - সুৰক্ষিত শৈশৱ - নিশ্চিত ভৱিষ্যত - অবৈধ দত্তকক নস্যাৎ কৰক!” (Legal Adoption. Safe Childhood. Secure Future. Say No to Illegal Adoption!) মূল বিষয়বস্তুৰ আধাৰত এখন দত্তক সজাগতা কৰ্মশালাৰ আয়োজন কৰে।

মণিপুৰ চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক শ্ৰী শ্বেখ আব্দুল হাকিম, পশ্চিম ইম্ফলৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (IUCAW) শ্ৰীমতী কে. সুন্দৰবালা, কাৰা (CARA)-ৰ সহকাৰী সঞ্চালিকা শ্ৰীমতী ৰূপাংশী পাণ্ডে, কাৰাৰ সহকাৰী সঞ্চালিকা শ্ৰীমতী অংকিতা ভৰদ্বাজৰ লগতে শিশু সুৰক্ষা আৰু দত্তক পৰিৱেশতন্ত্ৰৰ জ্যেষ্ঠ বিষয়া তথা অংশীদাৰসকলৰ উপস্থিতিত এই কৰ্মশালাখন অনুষ্ঠিত হয়। আইনসংগত, স্বচ্ছ আৰু শিশুকেন্দ্ৰিক দত্তক পদ্ধতি সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ লগতে অবৈধ দত্তক প্ৰথাৰ সৈতে জড়িত বিপদ আৰু পৰিণতিসমূহ আলোকপাত কৰিবলৈ এই কৰ্মশালাত প্ৰায় ১৫০ গৰাকী অংশগ্ৰহণকাৰী একত্ৰিত হয়।
এই কৰ্মশালাত অন্যান্যসকলৰ লগতে সমাজ কল্যাণ বিভাগ, চিডব্লিউচি (CWC), ডিচিপিউ (DCPU), এছএএ (SAA), চিচিআই (CCI), স্বাস্থ্য আৰু আৰক্ষী বিভাগ, ন্যায়পালিকা, আইনী সেৱা প্ৰাধিকৰণ, চিকিৎসালয় আৰু ব্যক্তিগত নাৰ্চিং হোমৰ প্ৰতিনিধি, আশা (ASHA) আৰু এএনএম (ANM) কৰ্মী, নাগৰিক সমাজ সংস্থা (চিভিল ছ’চাইটি) তথা সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়াই মণিপুৰ চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সঞ্চালক শ্ৰী শ্বেখ আব্দুল হাকিমে শিশুসকলক অনিয়ন্ত্ৰিত আৰু অবৈধ দত্তক ব্যৱস্থাৰ পৰা সুৰক্ষিত ৰখাটো নিশ্চিত কৰিবলৈ সকলো অংশীদাৰৰ সমন্বিত প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। কাৰা (CARA)-ৰ সহকাৰী সঞ্চালিকা শ্ৰীমতী ৰূপাংশী পাণ্ডেই প্ৰতিটো স্তৰতে সতৰ্কতা আৰু সমন্বিত পদক্ষেপৰ প্ৰয়োজনীয়তা দাঙি ধৰি কয়, “অবৈধ দত্তক প্ৰতিৰোধ কৰিবলৈ প্ৰতিটো স্তৰতে সতৰ্কতা আৰু সমন্বিত পদক্ষেপৰ প্ৰয়োজন।”
এক পাৰস্পৰিক ভাব-বিনিময়মূলক অংশ হিচাপে অংশগ্ৰহণকাৰীসকলক চাৰিটা গোটত বিভক্ত কৰা হৈছিল—আৰক্ষী আৰু মানৱ সৰবৰাহ বিৰোধী গোট (AHTU); মুখ্য স্বাস্থ্য বিষয়া (CMO), চিকিৎসালয়/ব্যক্তিগত নাৰ্চিং হোম, এএনএম (ANM) আৰু অংগনৱাড়ী কৰ্মী; আইনী/ন্যায়পালিকা আৰু চিডব্লিউচি (CWC); আৰু ছাৰা (SARA), ডিচিপিঅ’ (DCPO), এছএএ/চিচিআই (SAA/CCI) তথা অন্যান্য অংশীদাৰসকল। এই দলীয় আলোচনাই অংশগ্ৰহণকাৰীসকলক আইনসংগত দত্তক ব্যৱস্থা সম্পৰ্কে তেওঁলোকৰ বৰ্তমানৰ ধাৰণাক পুনৰীক্ষণ কৰিবলৈ, সজাগতা আৰু সমন্বয়ৰ ক্ষেত্ৰত থকা ফাঁকসমূহ চিনাক্ত কৰিবলৈ, আৰু প্ৰতিৰোধ, চিনাক্তকৰণ, ৰিপৰ্টিং তথা প্ৰতিক্ৰিয়া ব্যৱস্থাক সুদৃঢ় কৰাৰ বাবে ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াবলৈ এক মঞ্চ প্ৰদান কৰে।
পৰৱৰ্তী সময়ত প্ৰতিটো গোটে নিজৰ মূল পৰ্যবেক্ষণ আৰু পৰামৰ্শসমূহ দাঙি ধৰে, য’ত আন্তঃবিভাগীয় সমন্বয়, সময়োপযোগী তথ্যৰ আদান-প্ৰদান, দায়িত্বশীলভাৱে প্ৰেৰণ আৰু বিধিসন্মত দত্তক প্ৰক্ৰিয়াৰ কঠোৰ পালনৰ গুৰুত্বক আলোকপাত কৰা হয়।
ইম্ফলৰ এছএএ-ৰ মেনেজাৰ/সমন্বয়ক শ্ৰী থিংনাম ৰৌশন সিঙৰ এক বিশেষ বাস্তৱ অভিজ্ঞতা বিনিময়মূলক সত্ৰই অবৈধ দত্তকৰ সন্দেহজনক গোচৰসমূহ মোকাবিলা কৰাৰ ব্যৱহাৰিক অন্তৰ্দৃষ্টি প্ৰদান কৰে। এই সত্ৰখনে সময়োপযোগী হস্তক্ষেপৰ গুৰুত্ব আৰু শিশুসকলক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মাঠ পৰ্যায়ৰ শিশু সুৰক্ষা কৰ্মীসকলৰ ভূমিকা উজ্জ্বল কৰি তোলে।
অনুমোদিত দত্তক পদ্ধতি অনুসৰণ কৰাৰ গুৰুত্বক পুনৰ দৃঢ় কৰিবলৈ আৰু অবৈধ দত্তকৰ সৈতে জড়িত বিপদসমূহ সম্পৰ্কে অধিক সজাগতা সৃষ্টি কৰিবলৈ আইনসংগত দত্তকৰ ওপৰত নিৰ্মিত এখন চুটি কাহিনী-চিত্ৰও প্ৰদৰ্শন কৰা হয়। এই কৰ্মশালাত ষ্টেট বাল ভৱনৰ শিশুসকলে এক শিশুকেন্দ্ৰিক অনুষ্ঠান পৰিৱেশন কৰে, যাৰ জৰিয়তে পৰিয়ালভিত্তিক যত্নৰ বাৰ্তা আৰু শিশুসকলক সুৰক্ষিত, প্ৰতিপালনমূলক তথা সহায়ক পাৰিবাৰিক পৰিৱেশ প্ৰদান কৰাৰ গুৰুত্বৰ বিষয়ে প্ৰচাৰ কৰা হয়। চুটি নাটখনে দৰ্শকৰ হৃদয় স্পৰ্শ কৰে আৰু কৰ্মশালাখনৰ শিশুকেন্দ্ৰিক বাৰ্তাক অধিক শক্তিশালী কৰি তোলে।
মণিপুৰৰ এই কৰ্মশালাখনে শিশু সুৰক্ষা আৰু দত্তক পৰিৱেশতন্ত্ৰজুৰি নিৰন্তৰ সজাগতা, অধিক সুদৃঢ় সমন্বয় আৰু সময়োপযোগী পদক্ষেপৰ প্ৰয়োজনীয়তাক পুনৰবাৰ প্ৰতিপন্ন কৰে। অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ নিজ নিজ দায়িত্ব তথা যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজন হোৱা প্ৰতিটো শিশুৰ ক্ষেত্ৰতে কঠোৰভাৱে আইন অনুসৰি আৰু শিশুৰ সৰ্বোত্তম স্বাৰ্থক সৰ্বাধিক অগ্ৰাধিকাৰ হিচাপে গণ্য কৰি পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত কৰাৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰি তোলা হয়।
মণিপুৰত সতৰ্কতা বৃদ্ধি কৰা, অংশীদাৰসকলৰ মাজত সমন্বয় উন্নত কৰা আৰু কেৱল আইনসংগত, সুৰক্ষিত তথা শিশুকেন্দ্ৰিক দত্তক পদ্ধতিক প্ৰসাৰিত কৰাৰ এক নৱীকৃত সামূহিক প্ৰতিশ্ৰুতিৰে কৰ্মশালাখনৰ সামৰণি পৰে।

***
RC/PC
(ৰিলিজ আই ডি : 2314257)
অতিথি কক্ষ : 8