প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
পোষ্ট কৰা হৈছে:
23 SEP 2026 11:31AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জনসাধাৰণৰ চেতনা আৰু ৰাষ্ট্ৰীয় গৌৰৱেৰে ভৰা তেওঁৰ শক্তিশালী কবিতাসমূহে আজিও দেশবাসীৰ হৃদয়ত বীৰত্ব, জেউতি আৰু আত্মসন্মান সঞ্চাৰ কৰে। তেওঁ উল্লেখ কৰে যে তেওঁৰ ৰচনাসমূহে কেৱল সাহিত্যকেই সমৃদ্ধ কৰা নাই, মাতৃভূমিৰ প্ৰতি ভক্তিকো অনুপ্ৰাণিত কৰে। শ্ৰী মোদীয়ে লগতে কয় যে তেওঁৰ স্মৰণীয় ব্যক্তিত্ব আৰু কালজয়ী সৃষ্টিয়ে অনাগত যুগবোৰত ভাৰতীয়সকলক পথ প্ৰদৰ্শন কৰি থাকিব।
এক্সত প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰিছেঃ
‘ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰক তেওঁৰ জয়ন্তী উপলক্ষে মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। জনসাধাৰণৰ মাজত সজাগতা আৰু ৰাষ্ট্ৰীয় আত্মসন্মানৰ মনোভাবেৰে পৰিপূৰ্ণ তেওঁৰ শক্তিশালী কবিতাবোৰে আজিও দেশবাসীৰ হৃদয়ত বীৰত্ব, উদ্যম আৰু আত্মগৌৰৱ সঞ্চাৰ কৰে। তেওঁৰ ৰচনাসমূহে সাহিত্যক সমৃদ্ধ কৰাৰ লগতে মাতৃভূমিৰ প্ৰতি ভক্তিক অনুপ্ৰাণিত কৰে। তেওঁৰ সুউচ্চ ব্যক্তিত্ব আৰু কালজয়ী সৃষ্টিয়ে যুগ যুগ ধৰি ভাৰতবাসীক পথ প্ৰদৰ্শন কৰি থাকিব।’
****
MJPS/SS/PRK/HS
(ৰিলিজ আই ডি : 2313763)
অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam