জল শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণনে ২২ ছেপ্টেম্বৰত নতুন দিল্লীত ৯ম ভাৰত আন্তঃৰাষ্ট্ৰীয় জল সপ্তাহ, ২০২৬ উদ্বোধন কৰিব

পাঁচ-দিনীয়া এই কাৰ্য্যসূচীত জলবায়ু স্থিতিস্থাপক জল ব্যৱস্থাপনাত গুৰুত্ব আৰোপ কৰা হ’ব

পোষ্ট কৰা হৈছে: 20 SEP 2026 11:43AM by PIB Guwahati

ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ে মূল-মূল কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় সংস্থা, গৱেষণা আৰু শৈক্ষিক প্ৰতিষ্ঠান, উদ্যোগ সংস্থা, উন্নয়ন অংশীদাৰ, নাগৰিক সমাজ তথা ব্যক্তিগত খণ্ডৰ অংশীদাৰৰ সহযোগত ২০২৬-ৰ ২২–২৬ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত “জলবায়ু স্থিতিস্থাপক জল ব্যৱস্থাপনা" বিষয়বস্তুৰে ৯ম ভাৰত আন্তঃৰাষ্ট্ৰীয় জল সপ্তাহ (আইআইডব্লিউডব্লিউ), ২০২৬-ৰ আয়োজন কৰিছে। পাঁচ-দিনীয়া এই আন্তঃৰাষ্ট্ৰীয় কাৰ্য্যসূচীয়ে নীতি নিৰ্ধাৰক, বিশ্ব জল নেতা, বিশেষজ্ঞ, গৱেষক, অনুশীলনকাৰী, উদ্যোগ, নাগৰিক সমাজ আৰু যুৱ পেছাদাৰীসকলক একত্ৰিত কৰি উদীয়মান জল প্ৰত্যাহ্বানসমূহেৰে মোকাবিলা কৰাৰ দিশত আলোচনা, জ্ঞান বিনিময়, উদ্ভাৱন আৰু অংশীদাৰিত্বৰ বাবে এখনি বহু-মাত্ৰিক মঞ্চ প্ৰশস্ত কৰিব।

 

আইআইডব্লিউডব্লিউ-২০২৬ ৰ উল্লেখযোগ্য দিশসমূহ

  • উদ্বোধনঃ ২০২৬-ৰ ২২ ছেপ্টেম্বৰত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় জল শক্তি দপ্তৰৰ মন্ত্ৰী আৰু আন-আন বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই কাৰ্য্যসূচী উদ্বোধন কৰিব।
  • বিশ্বব্যাপী অংশগ্ৰহণ আৰু অংশীদাৰ দেশসমূহঃ ইয়াত নেদাৰলেণ্ড আৰু জাৰ্মানীয়ে অংশীদাৰ দেশ হিচাপে অংশগ্ৰহণ কৰিব। লগতে মন্ত্ৰী, নীতি নিৰ্ধাৰক, বিশ্ব জল নেতা, আন্তঃৰাষ্ট্ৰীয় সংস্থা, বিশেষজ্ঞ, গৱেষক, অনুশীলনকাৰী, উদ্যোগ প্ৰতিনিধি, নাগৰিক সমাজ, ষ্টাৰ্ট-আপ, যুৱক-যুৱতী আৰু ভাৰত তথা বিদেশৰ আন-আন অংশীদাৰসকলে অংশগ্ৰহণ কৰিব। ইয়াৰ ফলশ্ৰুতিত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশ্ব অভিজ্ঞতাৰ বিনিময় সমৃদ্ধ হ’ব।
  • ৰাষ্ট্ৰীয় অংশগ্ৰহণ আৰু অভিসৰণঃ ইয়াত চৈধ্যখন ৰাজ্যই অংশীদাৰ ৰাজ্য হিচাপে অংশগ্ৰহণ কৰিব। একেদৰে ছটা কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগক অংশীদাৰ মন্ত্ৰালয় আৰু বিভাগ হিচাপে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ ফলশ্ৰুতিত জলবায়ু স্থিতিস্থাপক জল ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰ-ৰাজ্যৰ সহযোগিতা আৰু খণ্ডৰ মাজৰ অভিসৰণ ব্যাপক হৈ উঠিব।
  • দহ গুৰুত্বপূৰ্ণ ফৰামঃ এই কাৰ্য্যসূচীত মন্ত্ৰীসভাৰ পূৰ্ণাংগ সভা, বিশ্ব জল নেতাসকলৰ পূৰ্ণাংগ সভা, কান্ট্ৰি ফৰাম, ৱাটাৰ লীডাৰ্ছ ফৰাম, অনুশীলনকাৰী ফৰাম, বিষয়ভিত্তিক ফৰাম, ষ্টাৰ্টআপ ফৰাম, যুৱ ফৰাম, ঔদ্যোগিক ফৰাম আৰু চাইড ইভেন্টৰ আয়োজন কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত নীতি, প্ৰযুক্তি, গৱেষণা আৰু কাৰ্য্যকৰীকৰণৰ মাজেৰে আলোচনাৰ সুবিধা প্ৰশস্ত হ’ব।
  • সাতটা মূল উপ-বিষয়ঃ ইয়াৰ আলোচনাই সৰ্বাংগীন আৰু সমতাপূৰ্ণ জল শাসন কাৰ্য্য; জলসম্পদৰ অনুকূল ব্যৱহাৰৰ বাবে সহযোগিতা; জল সুৰক্ষাৰ বাবে প্ৰযুক্তি আৰু সমাজ; জলবায়ু-সম্পৰ্কীয় বিপদাশংকাত জল; জল আন্তঃগাঁথনি আৰু আধুনিকীকৰণৰ বাবে উদ্ভাৱনীমূলক বিত্তীয় আৰ্হি; বহনক্ষম জলসম্পদ ব্যৱস্থাপনা তথা মানুহ আৰু গ্ৰহৰ বাবে জলক সামৰি ল’ব।
  • আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী আৰু প্ৰযুক্তি প্ৰদৰ্শনীঃ ২০২৬-ৰ ২২–২৫ ছেপ্টেম্বৰত অনুষ্ঠিতব্য চাৰি-দিনীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীয়ে বহনক্ষম আৰু জলবায়ু-স্থিতিস্থাপক জল ব্যৱস্থাপনাৰ বাবে উদ্ভাৱনীমূলক প্ৰযুক্তি, সামগ্ৰী আৰু সমাধান প্ৰদৰ্শনৰ এখনি মঞ্চ প্ৰশস্ত কৰিব।
  • আন্তঃৰাষ্ট্ৰীয় ৱাছ সন্মিলনঃ খোৱাপানী আৰু অনাময় বিভাগে ২২–২৪ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় ৱাছ সন্মিলন, ২০২৬-ত খোৱাপানীৰ সুবিধা, অনাময় আন্তঃগাঁথনি, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ আচৰণ আৰু জনস্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। ইয়াত স্কেলেবল, সুলভ আৰু বহনক্ষম সমাধানৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব।
  • ফলাফলমুখী আলোচনাঃ আইআইডব্লিউডব্লিউ-২০২৬ এ জ্ঞান আৰু আলোচনাক কাৰ্য্যকৰী পৰামৰ্শ, অংশীদাৰিত্ব আৰু স্কেলেবল সমাধানলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। ইয়াৰ লক্ষ্য হৈছে নীতি, বিত্তীয়, প্ৰযুক্তি আৰু সমাজৰ অংশগ্ৰহণক একত্ৰিত কৰি জল সুৰক্ষা আৰু জলবায়ু স্থিতিস্থাপকতাক সুদৃঢ় কৰা।
  • ভেলেডিক্টৰী আৰু ষ্টাডি ট্যুৰঃ ২০২৬-ৰ ২৫ ছেপ্টেম্বৰত সামৰণি অধিৱেশনৰ আয়োজন কৰা হৈছে। ইয়াৰ পিছত ২০২৬-ৰ ২৬ ছেপ্টেম্বৰত ষ্টাডি ট্যুৰৰ আয়োজন কৰা হৈছে।

 

ভাৰত আন্তঃৰাষ্ট্ৰীয় জল সপ্তাহে ভাৰত আৰু সমগ্ৰ বিশ্বৰ ভিন্ন অংশীদাৰসকলক একত্ৰিত কৰি অভিজ্ঞতা বিনিময়, উদ্ভাৱন প্ৰদৰ্শন আৰু জল খণ্ডত সহযোগিতা গভীৰ কৰাৰ ক্ষেত্ৰত এখনি গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। আইআইডব্লিউডব্লিউ-২০২৬ এ জলবায়ু স্থিতিস্থাপকতাক জল বক্তৃতাৰ কেন্দ্ৰবিন্দুত ৰাখি বহনক্ষম জল ব্যৱস্থাপনাৰ বাবে আলোচনাৰ পৰা ব্যৱহাৰিক, সহযোগিতামূলক আৰু কাৰ্য্যকৰী সমাধানলৈ অগ্ৰসৰ হোৱাত গুৰুত্ব আৰোপ কৰিব।

****

ND/HM/SB
 


(ৰিলিজ আই ডি : 2313297) অতিথি কক্ষ : 6