উপ-ৰাষ্ট্ৰপতি সচিবালয়
উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণনে ২১ ছেপ্টেম্বৰত তামিলনাডু ভ্ৰমণেৰে ইউপিএএছআই চাহ গৱেষণা ফাউণ্ডেচনৰ শতবাৰ্ষিকী সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব
পোষ্ট কৰা হৈছে:
20 SEP 2026 4:48PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি. পি. ৰাধাকৃষ্ণনে ২০২৬-ৰ ২১ ছেপ্টেম্বৰত তামিলনাডু ভ্ৰমণ কৰিব আৰু নীলগিৰিৰ কুন্নুৰস্থিত ইউপিএএছআই (UPASI-দক্ষিণ ভাৰতৰ সংযুক্ত প্লেন্টাৰ্ছ সন্থা) চাহ গৱেষণা ফাউণ্ডেচনৰ (UPASI TRF) শতবাৰ্ষিকী সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
১৯২৬-ৰ অক্টোবৰৰ পৰাই আগশাৰীৰ বৈজ্ঞানিক গৱেষণা প্ৰতিষ্ঠান হিচাপে ইউপিএএছআই চাহ গৱেষণা ফাউণ্ডেচনে (UPASI TRF) দক্ষিণ ভাৰতৰ চাহ উদ্যোগক সেৱা আগবঢ়াই আহিছে। গুদালুৰুত চাহ পৰীক্ষামূলক ষ্টেচন হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল।
***
PR/ASM/VM/SB
(ৰিলিজ আই ডি : 2313290)
অতিথি কক্ষ : 6