ৰাষ্ট্ৰপতি সচিবালয়
২১-২৩ ছেপ্টেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰ গুজৰাট ভ্ৰমণ
পোষ্ট কৰা হৈছে:
20 SEP 2026 6:01PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে ২০২৬-ৰ ২১ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ গুজৰাট ভ্ৰমণ কৰিব।
ৰাষ্ট্ৰপতিগৰাকীয়ে ২২ ছেপ্টেম্বৰত কেভাদিয়াৰ একতা নগৰত অনুষ্ঠিত হ’বলগীয়া ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
অহা ২৩ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে বড়োদৰাত বড়োদা মহাৰাজা সয়াজীৰাও বিশ্ববিদ্যালয়ৰ ৭৫ সংখ্যক বাৰ্ষিক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। একেদিনাই তেওঁ বড়োদৰাত ব্ৰহ্মা কুমাৰীৰ অভিযান ‘বিশ্ব নবীকৰণৰ বাবে আধ্যাত্মিক জাগৰণ’ৰ শুভাৰম্ভ কৰাৰ লগতে ‘গ্ল’বেল আধ্যাত্মিক প্ৰাসাদ’ ৰিট্ৰিট চেন্টাৰ উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ ভাৰ্চুৱেল মাধ্যমেৰে ব্ৰহ্মা কুমাৰী নাদিয়াদৰ ‘বিকশিত ভাৰতৰ বাবে যুৱ সমাজঃ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অভ্যন্তৰীণ শক্তিক জাগ্ৰতকৰণ’ অভিযানৰো শুভাৰম্ভ কৰিব।
****
MJPS/SS/PRK/SB
(ৰিলিজ আই ডি : 2312873)
অতিথি কক্ষ : 4