ৰাষ্ট্ৰপতি সচিবালয়
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ‘পৰিবেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যৎ’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে
পৰম্পৰাগত জ্ঞানেৰে বদ্ধমূল জন-কেন্দ্ৰিক আৰু সমাজ-ভিত্তিক অভিযোজন পদ্ধতিৰে জলবায়ু স্থিতিস্থাপকতাক সুদৃঢ় কৰিব পাৰিঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু
পোষ্ট কৰা হৈছে:
20 SEP 2026 6:09PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে আজি (২০ ছেপ্টেম্বৰ, ২০২৬) নতুন দিল্লীত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ উদ্যোগত আয়োজিত ‘পৰিবেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যৎ’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে।

এই উপলক্ষে ভাষণ প্ৰদানেৰে ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে জলবায়ু পৰিৱৰ্তনে মানৱ অস্তিত্বৰ একাধিক স্তৰত ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে। জৈৱ বৈচিত্ৰ্যৰ ক্ষতি, জল সংকট আৰু ভূমিৰ অৱক্ষয় আদি উদ্বেগসমূহ ইয়াৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। জলবায়ু পৰিৱৰ্তনে খাদ্য সুৰক্ষা, স্বাস্থ্য আৰু জীৱিকাৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পেলাইছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এনে জটিল প্ৰত্যাহ্বানেৰে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ নীতি আৰু কাৰ্য্যৰ সু-গাঁথনিযুক্ত কাঠামো অতিশয় প্ৰয়োজনীয়। এই কাঠামোটোৱে কেৱল চৰকাৰ আৰু আইনী বিশেষজ্ঞসকলেই নহয়, বৰঞ্চ জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত সমাজসমূহৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিব লাগিব। গ্ৰাম্য আৰু বনবাসী সমাজ, ক্ষুদ্ৰ কৃষক, মহিলা আৰু আন-আন দুৰ্বল সমাজৰ প্ৰয়োজনীয়তাৰ প্ৰতি বিশেষ সংবেদনশীলতা অতি গুৰুত্বপূৰ্ণ, কিয়নো তেওঁলোকে প্ৰাকৃতিক দুৰ্য্যোগৰ বোজা বহন কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে আলোকপাত কৰে যে স্থানীয় সমাজৰ প্ৰথা আৰু সজীৱ অভিজ্ঞতাৰ লগতে পৰম্পৰাগত জ্ঞান ব্যৱস্থাই জলবায়ু অভিযোজন ক্ষমতা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পৰম্পৰাগত জ্ঞানেৰে বদ্ধমূল জন-কেন্দ্ৰিক আৰু সমাজ-ভিত্তিক অভিযোজন পদ্ধতিৰে জলবায়ু স্থিতিস্থাপকতাক সুদৃঢ় কৰিব লাগিব বুলিও তেওঁ কয়। জলবায়ু স্থিতিস্থাপকতা বৃদ্ধিত বহনক্ষম বনানীকৰণেও উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰে বুলিও তেওঁ কয়। জৈৱ বৈচিত্ৰ্যক লালন-পালন কৰা আৰু স্থানীয় পৰিস্থিতিৰ সৈতে মিল থকা বনানীকৰণৰ প্ৰচেষ্টা এই ক্ষেত্ৰত সহায়ক হ’ব পাৰে। তেওঁ কয় যে বহনক্ষম বনানীকৰণৰ প্ৰকৃত উদ্দেশ্য কেৱল গছপুলি ৰোপণ কৰাই নহয়, বৰঞ্চ সুস্থ আৰু আত্মনিৰ্ভৰ পৰিবেশ তন্ত্ৰৰ পুনৰুদ্ধাৰত ইয়াৰ গূঢ়াৰ্থ নিহিত হৈ থাকে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উন্নয়নশীল দেশসমূহে উন্নয়নৰ গতি অক্ষুণ্ণ ৰাখি স্থিতিস্থাপকতা বৃদ্ধি কৰা পথ নিৰ্ধাৰণ কৰিব লাগে। দায়িত্বশীল জলবায়ু কাৰ্য্যৰ অংগীকাৰ দেশৰ উন্নয়নৰ প্ৰয়োজনীয়তা আৰু অৰ্থনৈতিক আকাংক্ষাৰ সৈতে সংগতিপূৰ্ণ হ’ব লাগিব। কাৰিকৰীভাৱেও সম্ভৱপৰ হ’ব লাগিব। এই সন্মিলনত এনে বহু দিশৰ ওপৰত আলোচনা হোৱা কাৰ্য্যত তেওঁ সন্তোষ প্ৰকাশ কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতে সাধাৰণ নাগৰিক বিশেষকৈ যুৱক-যুৱতীসকলক জড়িত কৰি পৰিবেশ সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰশংসনীয় কাম কৰিছে। ভাৰত চৰকাৰৰ ‘মিছন লাইফ’ পদক্ষেপে প্ৰমাণ কৰিছে যে জনসাধাৰণৰ অংশগ্ৰহণ আৰু সমাজৰ মালিকীস্বত্বৰ জৰিয়তে পৰিবেশ পুনৰুদ্ধাৰৰ দিশত অৰ্থপূৰ্ণ অগ্ৰগতি লাভ কৰিব পৰা যায়।
ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গ্ৰহণ কৰা এনে প্ৰচেষ্টাৰ শলাগ লৈ কয় যে ন্যায়াধীকৰণে ভিন্ন দেশৰ বিশেষজ্ঞ, ন্যায়াধীশ, আইনবিদ আৰু ভিন্ন দেশৰ গুৰুত্বপূৰ্ণ অংশীদাৰসকলক এখন মঞ্চত উপৱিষ্ট কৰিছে। এই সন্মিলনৰ আলোচনা আৰু কাৰ্য্য পৰিকল্পনাই সৰ্বাংগীন নীতি আৰু ফলপ্ৰসূ কাৰ্য্যৰ ওপৰত ভিত্তি কৰি জলবায়ু-স্থিতিস্থাপক সমাজ গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰাত অৰিহণা যোগাব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।
Please click here to see the President's Speech
****
MJPS/SS/PRK/SB
(ৰিলিজ আই ডি : 2312869)
অতিথি কক্ষ : 11