বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

এক বৃহৎ সাফল্য অৰ্জনেৰে ডি.আৰ.আই.-য়ে উত্তৰ-পূব অঞ্চলৰ অন্যতম বৃহৎ অভিযানত এক বিশাল মেথামফেটামিন সৰবৰাহ চক্ৰ উৎখাত কৰে

ডি.আৰ.আই.-য়ে ২৩১ কিলোগ্ৰামতকৈ অধিক মেথামফেটামিন টেবলেট জব্দ কৰে; চাৰিখন ট্ৰাক জব্দ; তিনিজনক গ্ৰেপ্তাৰ
জব্দকৃত নিষিদ্ধ সামগ্ৰীখিনিৰ বজাৰ মূল্য কেইবাশ কোটি টকা হ’ব

পোষ্ট কৰা হৈছে: 16 SEP 2026 3:43PM by PIB Guwahati

অবৈধ মাদকদ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখি, ডাইৰেক্টৰেট অৱ ৰেভিনিউ ইনটেলিজেন্স (ডি.আৰ.আই.)-য়ে উত্তৰ-পূব অঞ্চলত এক বৃহৎ মাদকদ্ৰব্য সৰবৰাহ চক্ৰ উৎখাত কৰে, যাৰ ফলত অঞ্চলটোত মেথামফেটামিনৰ অন্যতম বৃহৎ জব্দ সম্ভৱ হৈ উঠে। জব্দকৃত নিষিদ্ধ সামগ্ৰীখিনিৰ আনুমানিক অবৈধ বজাৰ মূল্য কেইবাশ কোটি টকা হ’ব। চোৰাংচোৱা তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত সমন্বিত নজৰদাৰী আৰু একে সময়তে একাধিক স্থানত বাধা প্ৰদান কৰা হৈছিল, যাৰ জৰিয়তে বৃহৎ পৰিমাণৰ মেথামফেটামিন জব্দ কৰা হয়।

এক সুনিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰি, ডি.আৰ.আই.-ৰ বিষয়াসকলে ১৫.০৯.২০২৬ তাৰিখে অসম আৰু ত্ৰিপুৰাৰ একাধিক স্থানত চাৰিখন ট্ৰাক জব্দ কৰে, যিবোৰত বৃহৎ পৰিমাণৰ মেথামফেটামিন টেবলেট সৰবৰাহ কৰাৰ সন্দেহ কৰা হৈছিল।

 

১৫.০৯.২৬ তাৰিখে, প্ৰথমটো অভিযানত, অসম ৰাইফলছৰ ৩৮ বেটেলিয়নৰ সহযোগত শিলচৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৈৰ অসমৰ ৰামনাথপুৰত সন্দেহযুক্ত ট্ৰাকসমূহৰ এখন চিনাক্ত কৰি জব্দ কৰা হয়। ইয়াৰ পিছতে ওচৰতে একেধৰণৰ নিষিদ্ধ সামগ্ৰী কঢ়িয়াই অনা দ্বিতীয়খন সন্দেহযুক্ত ট্ৰাকো উদ্ধাৰ কৰা হয়। অৱশ্যে গাড়ীখনৰ চালক বা হেণ্ডিমেন—কোনো এজনো তাত উপস্থিত নাছিল।

প্ৰথমখন ট্ৰাকত পুঙ্খানুপুঙ্খ তালাচী চলাই চালকৰ কেবিনৰ ছাদত লুকুৱাই থোৱা অৱস্থাত মেথামফেটামিন টেবলেট বুলি সন্দেহ কৰা গুলপীয়া-কমলা ৰঙৰ টেবলেট ভৰ্তি মুঠ ৫৫ কেজি ওজনৰ ২৭৫ টা পেকেট উদ্ধাৰ কৰা হয়। দ্বিতীয়খন ট্ৰাকত বিশদ তালাচী চলাই অনুৰূপভাৱে চালকৰ কেবিনৰ ছাদত লুকুৱাই ৰখা একে ৰঙৰ টেবলেট ভৰ্তি ৫৪.২ কেজি ওজনৰ ২৭১ টা পেকেট উদ্ধাৰ কৰা হয়। এনেদৰে মুঠ ১০৯.২ কেজি সন্দেহযুক্ত মেথামফেটামিন টেবলেট উদ্ধাৰ কৰা হয় আৰু এন.ডি.পি.এছ. আইনৰ ব্যৱস্থাৱলীৰ অধীনত দুয়োখন বাহনসহ সেইবোৰ জব্দ কৰাৰ লগতে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়।

একে সময়তে, একেটা চোৰাংচোৱা তথ্যভিত্তিক অভিযানৰ অংশ হিচাপে, খোৱাইৰ পৰা আগৰতলা অভিমুখে গৈ থকা অৱস্থাত অসম ৰাইফলছৰ ২৮ বেটেলিয়নৰ সহযোগত আগৰতলাৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰৈৰ তেলিয়ামুৰাত চিমেণ্ট কঢ়িয়াই নিয়া আন এখন লক্ষ্য নিৰ্ধাৰিত সামগ্ৰী পৰিবহণকাৰী ট্ৰাক চিনাক্ত কৰি জব্দ কৰা হয়। বাহনখনত পুঙ্খানুপুঙ্খ পৰীক্ষা চলাই চালকৰ কেবিনৰ ছাদত লুকুৱাই থোৱা অৱস্থাত মেথামফেটামিন বুলি সন্দেহ কৰা ৭২.৬ কেজি গুলপীয়া-কমলা ৰঙৰ টেবলেট ভৰ্তি ২৯৫ টা প্লাষ্টিকৰ পেকেট উদ্ধাৰ কৰা হয়। নিষিদ্ধ সামগ্ৰীখিনি আৰু বাহনখন জব্দ কৰাৰ লগতে চালকজনক গ্ৰেপ্তাৰ কৰা হয়।

অভিযান চলি থকাৰ সময়তে লাভ কৰা অধিক চোৰাংচোৱা তথ্য আৰু ডি.আৰ.আই. বিষয়াৰ ক্ষিপ্ৰ কাৰ্যব্যৱস্থাৰ ফলত ত্ৰিপুৰাৰ পানীসাগৰৰ ওচৰত একেটা চক্ৰৰে আন এখন ট্ৰাক জব্দ কৰা হয়। বাহনখনত তালাচী চলাই ভিতৰত লুকুৱাই ৰখা ৫০ কেজি সন্দেহযুক্ত মেথামফেটামিন টেবলেট উদ্ধাৰ কৰা হয়। নিষিদ্ধ সামগ্ৰীখিনিৰ লগতে বাহনখন জব্দ কৰি চালকজনক গ্ৰেপ্তাৰ কৰা হয়।

ডি.আৰ.আই.-ৰ এই সমন্বিত অভিযানৰ ফলত মুঠ ২৩১.৮ কেজি সন্দেহযুক্ত মেথামফেটামিন টেবলেট জব্দ কৰা হয় আৰু তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা চাৰিওখন ট্ৰাকো জব্দ কৰা হৈছে।

ইয়াৰ পূৰ্বে, ২০২৬ চনৰ আগষ্ট মাহত ডি.আৰ.আই.-য়ে শিলচৰ আৰু মিজোৰামৰ সমীপত চোৰাংচোৱা তথ্যৰ ভিত্তিত চলোৱা দুটা পৃথক অভিযানত ৭৬ কেজি মেথামফেটামিন টেবলেট জব্দ কৰিছিল, যিবোৰো বাহনসমূহৰ বিভিন্ন স্থানত লুকুৱাই থোৱা অৱস্থাত পোৱা গৈছিল।

 

****

SR/KMN/RD


(ৰিলিজ আই ডি : 2311822) অতিথি কক্ষ : 20