প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জীক প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা জ্ঞাপন
পোষ্ট কৰা হৈছে:
17 SEP 2026 8:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে জনোৱা আন্তৰিক জন্মদিনৰ শুভেচ্ছাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।শ্ৰী মোদীয়ে কয় যে প্ৰগতিশীল, সমৃদ্ধিশালী, আত্মনিৰ্ভৰশীল আৰু বিকশিত ভাৰত নিৰ্মাণৰ সংকল্পৰে দেশে নতুন উদ্যম তথা অধিক গতিৰে নিৰন্তৰ আগুৱাই গৈ আছে।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰ নিৰ্মাণৰ এই যাত্ৰাত মাননীয় ৰাষ্ট্ৰপতিৰ মাৰ্গদৰ্শন তথা প্ৰেৰণা অমূল্য আৰু ই জনসেৱাৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰি তুলিছে।
শ্ৰী মোদীয়ে ‘এক্স’ত এনেদৰে পোষ্ট কৰিছে—
“মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জী, আপোনাৰ আন্তৰিক শুভেচ্ছাৰ বাবে আপোনালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰগতিশীল, সমৃদ্ধিশালী, আত্মনিৰ্ভৰশীল আৰু বিকশিত ভাৰত নিৰ্মাণৰ সংকল্পৰে আমি নতুন উদ্যম তথা অধিক গতিৰে নিৰন্তৰ আগুৱাই গৈ আছোঁ।
ৰাষ্ট্ৰ নিৰ্মাণৰ এই যাত্ৰাত আপোনাৰ মাৰ্গদৰ্শন আৰু প্ৰেৰণা আমাৰ বাবে অমূল্য। ইয়াৰ জৰিয়তে জনসেৱাৰ প্ৰতি আমাৰ প্ৰচেষ্টাই অধিক শক্তি লাভ কৰিছে। জনসাধাৰণৰ অংশগ্ৰহণৰ সৈতে ভাৰতৰ সমৃদ্ধ ঐতিহ্য তথা আধুনিক উন্নয়নৰ সমন্বয় সাধন কৰি দেশক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে আমি সংকল্পবদ্ধ।”
@rashtrapatibhvn
****
MJPS/SS/VJ/DM
(ৰিলিজ আই ডি : 2311729)
অতিথি কক্ষ : 4