দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়
azadi ka amrit mahotsav

ৱৰ্ল্ডস্কিলছ ছাংহাই ২০২৬ ৰ বাবে ভাৰতৰ সৰ্ববৃহৎ দক্ষ যুৱ দলক উদেশ্যি যাত্ৰাৰ শুভাৰম্ভ

বিশ্বৰ সৰ্বোত্তম দক্ষতা প্ৰতিযোগিতাত ৬৩ টা দক্ষতাৰ বিপৰীতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৭০ জনীয়া টিম ইণ্ডিয়া ৰাওনা

ভাৰতে ১১ টা নতুন যুগৰ আৰু উদীয়মান দক্ষতা শ্ৰেণীত প্ৰথমবাৰলৈ অংশগ্ৰহণ কৰিব

দক্ষ, আত্মবিশ্বাসী আৰু উদ্ভাৱনীমূলক যুৱ ভাৰতীয়সকলৰ জৰিয়তে ‘বিকশিত ভাৰত–কুশল ভাৰত’ বাস্তৱায়িত হ’ব: শ্ৰী জয়ন্ত চৌধুৰী

পোষ্ট কৰা হৈছে: 15 SEP 2026 7:01PM by PIB Guwahati

ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ে (MSDE) আজি নতুন দিল্লীৰ কুশল ভৱনত ‘ৱৰ্ল্ডস্কিলছ ছাংহাই ২০২৬’ত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ বাবে বিদায়ী অনুষ্ঠানৰ আয়োজন কৰে।

২০২৬ চনৰ ২২ ৰ পৰা ২৭ ছেপ্টেম্বৰলৈ চীনৰ ছাংহিত অনুষ্ঠিত হ'বলগীয়া ৪৮ সংখ্যক ৱৰ্ল্ডস্কিলছ প্ৰতিযোগিতাত ভাৰতৰ সৰ্ববৃহৎ ৭০ জনীয়া দক্ষ যুৱ প্ৰতিযোগীৰ দলে ৬৩ টা দক্ষতা শ্ৰেণীত দেশক প্ৰতিনিধিত্ব কৰিব। এই প্ৰতিযোগীসকলে বিশ্বৰ মঞ্চত কাৰিকৰী উৎকৰ্ষতা, সৃজনশীলতা, নিখুঁততা, উদ্ভাৱন আৰু কাৰিকৰী দক্ষতাৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত সামগ্ৰী প্ৰদৰ্শন কৰিব।

নৃত্যু অনুষ্ঠানটোত ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জয়ন্ত চৌধুৰী; উত্তৰ প্ৰদেশ চৰকাৰৰ বৃত্তিমূলক শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী কপিল দেৱ আগৰৱাল; এনচিটি অব দিল্লী চৰকাৰৰ গৃহ, শিক্ষা, শক্তি, নগৰ উন্নয়ন, উচ্চ শিক্ষা আৰু প্ৰশিক্ষণ তথা কাৰিকৰী শিক্ষা মন্ত্ৰী শ্ৰী আশীষ সূদ; আৰু সংসদ সদস্য তথা জিন্দাল ষ্টীলৰ চেয়াৰমেন শ্ৰী নবীন জিন্দাল উপস্থিত থাকে।

অনুষ্ঠানত দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ সচিব সু্ৰী দেৱাশ্ৰী মুখাৰ্জী; প্ৰশিক্ষণ সঞ্চালকালয়ৰ মহাপ্ৰধান শ্ৰী দিলীপ কুমাৰ; দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী নিৰঞ্জন কুমাৰ সুধাংশু; দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ জ্যেষ্ঠ অৰ্থনৈতিক উপদেষ্টা শ্ৰীমতী মনীষা সেনশৰ্মা; ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অৰুণকুমাৰ পিল্লাই, লগতে জ্যেষ্ঠ চৰকাৰী বিষয়া, উদ্যোগ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰতিনিধি, বিশেষজ্ঞ, পৰামৰ্শদাতা, প্ৰতিযোগী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ উপস্থিত আছিল।

‘টিম ইণ্ডিয়া’ক উদ্দেশ্যি ভাষণ প্ৰদান কৰি দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা শিক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জয়ন্ত চৌধুৰীয়ে কয়, “টিম ইণ্ডিয়াই বিশ্বৰ শ্ৰেষ্ঠসকলৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ সাজু থকা এক আত্মবিশ্বাসী, সৃজনশীল আৰু ডিজিটেলভাৱে তৎপৰ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিছে। নতুন যুগৰ দক্ষতাৰ ক্ষেত্ৰত আমাৰ অংশগ্ৰহণে ভাৰতৰ দক্ষতা বিকাশ পৰিৱেশৰ বৰ্ধিত গভীৰতাকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ, চৰকাৰে দক্ষতা প্ৰতিযোগিতা, কৌশল মহোৎসৱ আৰু ৰাজ্যসমূহ তথা উদ্যোগসমূহৰ সৈতে শক্তিশালী অংশীদাৰিত্বৰ জৰিয়তে দক্ষতাক ব্যাপক পৰিসৰলৈ নিছে। কোনোবা এটা সময়ত আমি এনেকুৱা বিশ্বমানৰ দক্ষতা প্ৰতিযোগিতাও আয়োজন কৰাৰ আশা পুহি ৰাখিব লাগিব। আমাৰ প্ৰতিযোগীসকলক মই কওঁ— আপোনালোকৰ প্ৰশিক্ষণৰ ওপৰত বিশ্বাস ৰাখক, মনোনিৱেশ কৰক আৰু অবিহনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক। ছাংহাই কেৱল এখন প্ৰতিযোগিতাই নহয়; ই আপোনালোকৰ দক্ষতাই আপোনালোকক কিমানদূৰলৈ লৈ যাব পাৰে সেয়া আৱিষ্কাৰ কৰাৰ এক সুযোগ। ‘কেতিয়াও হাৰ নামানিবা’ এই মনোভাৱক আঁকোৱালি লওক, আপোনালোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াওক আৰু আত্মবিশ্বাস তথা গৌৰৱেৰে দক্ষতা নিৰ্বাচন কৰিবলৈ এটা প্ৰজন্মক অনুপ্ৰাণিত কৰক।” ঐক্য আৰু দলীয় মনোভাৱ প্ৰদৰ্শন কৰি শ্ৰী জয়ন্ত চৌধুৰীয়ে ‘ৱৰ্ল্ডস্কিলছ ছাংহাই ২০২৬’ত টিম ইণ্ডিয়াই পৰিধান কৰিবলগীয়া শেহতীয়াকৈ উন্মোচন কৰা ভাৰতীয় প্ৰতিযোগীৰ পোছাকযোৰ পিন্ধে।

উত্তৰ প্ৰদেশ চৰকাৰৰ বৃত্তিমূলক শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী কপিল দেৱ আগৰৱালে গুণগত প্ৰশিক্ষণ, উদ্যোগ প্ৰসাৰ আৰু শক্তিশালী উদ্যোগিক সংযোগৰ জৰিয়তে ‘স্কিল ইণ্ডিয়া মিছন’ৰ প্ৰতি ৰাজ্যখনৰ নিৰন্তৰ সমৰ্থনৰ ওপৰত আলোকপাত কৰে। ‘ৱৰ্ল্ডস্কিলছ ছাংহাই ২০২৬’ত টিম ইণ্ডিয়াত উত্তৰ প্ৰদেশৰ প্ৰতিভাশালী যুৱক-যুৱতীসকলৰ অংশগ্ৰহণক লৈ তেওঁ গৌৰৱ প্ৰকাশ কৰে আৰু প্ৰতিটো জিলাতে দক্ষতা বিকাশৰ সুযোগ সম্প্ৰসাৰণ কৰিবলৈ আৰু যুৱক-যুৱতীসকলক ৰাষ্ট্ৰীয় তথা বিশ্বস্তৰত সাফল্য অর্জন কৰাত সক্ষম কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে ঘনিষ্ঠভাবে কাম কৰি যোৱাৰ ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰতিপন্ন কৰে।

শিক্ষা, দক্ষতা আৰু নিয়োগৰ মাজৰ ব্যৱধান দূৰ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি, এনচিটি অব দিল্লী চৰকাৰৰ গৃহ, শিক্ষা, শক্তি, নগৰ উন্নয়ন, উচ্চ শিক্ষা আৰু প্ৰশিক্ষণ তথা কাৰিকৰী শিক্ষা মন্ত্ৰী শ্ৰী আশীষ সূদে উল্লেখ কৰে যে ‘ৱৰ্ল্ডস্কিলছ ছাংহাই ২০২৬’ত টিম ইণ্ডিয়াৰ অংশগ্ৰহণে প্ৰদৰ্শন কৰে যে সুসংগঠিত প্ৰশিক্ষণ আৰু সঠিক সুযোগ লাভ কৰিলে যুৱক-যুৱতীসকলে কেনেদৰে বিশ্বমানৰ উৎকৃষ্টতা অর্জন কৰিব পাৰে। দ্ৰুতগতিত পৰিৱৰ্তিত হৈ থকা অৰ্থনীতিৰ বাবে যুৱপ্ৰজন্মক প্ৰস্তুত কৰিবলৈ আৰু ভাগ বতৰা কৰা দক্ষতা বিকাশৰ এজেণ্ডাক আগুৱাই নিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে ঘনিষ্ঠভাবে কাম কৰি যোৱাৰ দিল্লী চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ উচ্চাৰণ কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিক অভিজ্ঞতা তথা নিয়োগ আৰু উদ্যোগৰ বাবে স্পষ্ট পথ প্ৰদান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই অংশীদাৰিত্বৰ সন্দৰ্ভত মন্তব্য কৰি জিন্দাল ষ্টীলৰ চেয়াৰমেন শ্ৰী নবীন জিন্দালে কয়, “ভাৰতৰ যুৱ দক্ষতা চেম্পিয়নসকলে আত্মবিশ্বাস, অনুশাসন আৰু উৎকৃষ্টতা প্ৰদৰ্শনৰ দৃঢ়তা প্ৰতিফলিত কৰে। ‘ৱৰ্ল্ডস্কিলছ ছাংহাই ২০২৬’ত টিম ইণ্ডিয়াই দেশৰ আশা-আকাংক্ষা কঢ়িয়াই নিয়াৰ সময়ত তেওঁলোকক সমৰ্থন আগবঢ়াবলৈ পাই আমি গৌৰৱান্বিত। বিশ্বৰ সমুখত ভাৰতীয় প্ৰতিভা আৰু উৎকৰ্ষতা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত মই প্ৰতিজন প্ৰতিযোগীয়েই যাতে সাফল্য লাভ কৰে, তাৰ বাবে শুভকামনা জ্ঞাপন কৰিছোঁ।” জিন্দাল ষ্টীল হৈছে ‘ৱৰ্ল্ডস্কিলছ ছাংহাই ২০২৬’ অভিযানৰ বাবে টিম ইণ্ডিয়াৰ চৰকাৰী মেৰ্চেণ্ডাইজ স্পনছাৰ যিয়ে ভাৰতীয় প্ৰতিযোগীসকলৰ আনুষ্ঠানিক আৰু প্ৰতিযোগিতামূলক পোছাকৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে।

প্ৰথমবাৰৰ বাবে ভাৰতে ১১ টা নতুন দক্ষতা শ্ৰেীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব: ডেণ্টেল প্ৰ'স্থেটিক্স (Dental Prosthetics), ডিজিটেল ইণ্টাৰেক্টিভ মিডিয়া ডিজাইন (Digital Interactive Media Design), ইণ্টেলিজেণ্ট চিকিউৰিটি টেকন'লজি (Intelligent Security Technology), লেণ্ডস্কেপ গাৰ্ডেনিং (Landscape Gardening), অপ্টোইলেক্ট্ৰনিক টেকন'লজি (Optoelectronic Technology), ৰিটেইল চেলছ (Retail Sales), আনমেনড এৰিয়েল চিষ্টেমছ (Unmanned Aerial Systems), ইণ্ডাষ্ট্ৰিয়েল মেকানিক্স (Industrial Mechanics), ছফটৱেৰ টেষ্টিং (Software Testing), হেভী ভেহিকল টেকন'লজি (Heavy Vehicle Technology) আৰু এয়াৰক্ৰাফ্ট মেইণ্টেনেন্স (Aircraft Maintenance)। ভাৰতৰ এই অংশগ্ৰহণে ইয়াৰ দক্ষতা বিকাশ পৰিৱেশৰ বৰ্ধিত গভীৰতা আৰু প্ৰাপ্তবয়স্কতাকে প্ৰতিফলিত কৰে, যি পৰম্পৰাগত ব্যৱসায়ৰ পৰা আগুৱাই গৈ জটিল প্ৰযুক্তি, বিশেষ সেৱা আৰু পৰৱৰ্তী প্ৰজন্মৰ শিল্প শক্তিশালী সামৰ্থ্যলৈ সম্প্ৰসাৰিত হৈছে।

ৰাজ্য চৰকাৰ, খণ্ড দক্ষতা পৰিষদ, প্ৰশিক্ষণ প্ৰতিষ্ঠান, উদ্যোগিক অংশীদাৰ, বিশেষজ্ঞ আৰু পৰামৰ্শদাতা সকলৰ এক বহল নেটৱৰ্কৰ দ্বাৰা টিম ইণ্ডিয়াৰ প্ৰস্তুতি প্ৰক্ৰিয়াক সহায় আগবঢ়োৱা হৈছে। বিশেষ সুবিধা, সঁজুলি, কাৰিকৰী পাৰদৰ্শিতা, চিমুলেচন আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনৰ জৰিয়তে এই অংশীদাৰসকলে প্ৰতিযোগীসকলক কঠোৰ বিশ্বমান অনুসৰি প্ৰশিক্ষণ লাভ কৰাত সহায় কৰিছে।

অনুষ্ঠানটোত ‘ৱৰ্ল্ডস্কিলছ ইণ্ডিয়া চেম্পিয়নছ ক্লাব’-লৈ ১৬ গৰাকী সদস্যৰে গঠিত প্ৰথমটো গোটৰ ঘোষণা কৰা হয়, যিয়ে ভাৰতৰ দক্ষতা আন্দোলনৰ ৰাষ্ট্ৰদূত হিচাপে বিশিষ্ট প্ৰাক্তন প্ৰতিযোগী আৰু পদক বিজয়ীসকলক একলগ কৰিছে। এই ক্লাবে এই চেম্পিয়নসকলক উদীয়মান প্ৰতিযোগীসকলক পথ প্ৰদৰ্শন কৰিবলৈ, তেওঁলোকৰ অভিজ্ঞতা বিনিময় কৰিবলৈ আৰু অধিক যুৱক-যুৱতীসকলক আত্মবিশ্বাস, উৎকৃষ্টতা তথা গৌৰৱেৰে দক্ষতা অৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰাত সক্ষম কৰি তুলিব।

বৃত্তিমূলক দক্ষতাত উৎকৃষ্টতা স্বীকৃতি দিয়া আৰু প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ৱৰ্ল্ডস্কিলছ হৈছে বিশ্বৰ আগশাৰীৰ মঞ্চ। ছাংহাই সংস্কৰণত ৬০ খনতকৈ অধিক দেশ আৰু অঞ্চলৰ ১,৪০০ গৰাকীতকৈ অধিক যুৱ প্ৰতিযোগীয়ে ৬৪ টা দক্ষতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

আন্তঃৰাষ্ট্ৰীয় দক্ষতা প্ৰতিযোগিতাত ভাৰতে ধাৰাবাহিকভাৱে প্ৰগতি প্ৰদৰ্শন কৰি আহিছে। ২০১৫ চনত ২৯ সংখ্যক স্থানত থকা দেশে ২০২৪ চনৰ ‘ৱৰ্ল্ডস্কিলছ লিয়ন’ত ১৩ সংখ্যক স্থান দখল কৰি চাৰিটা ব্ৰঞ্জৰ পদক আৰু ১২ টা উৎকৃষ্টতাৰ পদক লাভ কৰে। ইয়াৰোপৰি ভাৰতে ‘ৱৰ্ল্ডস্কিলছ এছিয়া ২০২৫’ত এছিয়াৰ ভিতৰত অষ্টম স্থান অর্জন কৰে।

৭০ জনীয়া প্ৰতিযোগীৰ দলটোৱে ছাংহাই অভিমুখে যাত্ৰা কৰাৰ সময়ত, ই কঢ়িয়াই লৈ গৈছে দেশৰ আশা-আকাংক্ষা, প্ৰশিক্ষক তথা পৰামৰ্শদাতা সকলৰ পাৰদৰ্শিতা, উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহৰ সমৰ্থন, লগতে সমগ্ৰ ভাৰতৰ পৰিয়ালসমূহৰ উৎসাহ। টিম ইণ্ডিয়া বিশ্বক প্ৰদৰ্শন কৰিবলৈ সাজু আছে যে ভৱিষ্যত সেইসকলৰেই যাৰ দক্ষতাৰে সৃষ্টি কৰাৰ, নিৰ্মাণ কৰাৰ, উদ্ভাৱন কৰাৰ আৰু প্ৰদৰ্শন কৰাৰ ক্ষমতা আছে।

 

***

SH/RD


(ৰিলিজ আই ডি : 2311194) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: हिन्दी , English , Urdu , Marathi , Bengali , Telugu