কেবিনেট
azadi ka amrit mahotsav

কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ মজুৰিৰ সীমা ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধিত কেবিনেটৰ অনুমোদন

৫১ লাখতকৈ অধিক অতিৰিক্ত কৰ্মচাৰী বাধ্যতামূলক কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ আওতালৈ অহাৰ সম্ভাৱনা

এই সিদ্ধান্তই আনুষ্ঠানিক কৰ্মসংস্থাপন শক্তিশালী কৰাৰ লগতে ভাৰতৰ দীৰ্ঘম্যাদী সামাজিক সুৰক্ষাৰ লক্ষ্যক আগুৱাই নিব

অৱসৰকালীন শক্তিশালী নিৰাপত্তা আৰু ২০৪৭ চনৰ বিকশিত ভাৰত গঢ়াৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ

পোষ্ট কৰা হৈছে: 16 SEP 2026 3:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে  শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে দাখিল কৰা কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ অধীনত বাধ্যতামূলক অন্তৰ্ভুক্তিৰ বাবে মজুৰিৰ সীমা মাহে ১৫ হাজাৰ টকাৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে।এই সিদ্ধান্তৰ ফলত ৫১ লাখতকৈ অধিক অতিৰিক্ত কৰ্মচাৰী বাধ্যতামূলকভাৱে কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ আওতালৈ অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত কৰ্মচাৰীসকলৰ সামাজিক সুৰক্ষাৰ পৰিসৰ যথেষ্ট বিস্তৃত হ’ব। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ এটা দশকজুৰি কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ মজুৰিৰ সীমাত কোনো পৰিৱৰ্তন হোৱা নাছিল। ইয়াৰ পাছত ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত এই সীমা বৃদ্ধি কৰি ১৫ হাজাৰ টকা কৰা হৈছিল।বৰ্তমানৰ সিদ্ধান্তই সেই সীমাক আগুৱাই লৈ গৈ মজুৰিৰ সীমা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰিছে। বিগত সময়ছোৱাত মজুৰি ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা, আয় বৃদ্ধি আৰু আনুষ্ঠানিক কৰ্মসংস্থাপন সম্প্ৰসাৰিত হোৱাৰ পৰিপ্ৰেক্ষিতত এই পৰিৱৰ্তন কৰা হৈছে। বৰ্তমান মাহে ১৫ হাজাৰ টকাৰ অধিক মজুৰিত নতুনকৈ চাকৰিত যোগদান কৰা কৰ্মচাৰী স্বয়ংক্ৰিয়ভাৱে কৰ্মচাৰী ভৱিষ্যনিধি ব্যৱস্থাৰ অধীনলৈ নাহে। ফলত তেওঁলোকে বাধ্যতামূলক ভৱিষ্যনিধি, পেঞ্চন আৰু ইয়াৰ সৈতে জড়িত বীমা সুৰক্ষাৰ পৰা বাহিৰত থাকিব পাৰে। মজুৰিৰ সীমা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ ফলত ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকাৰ ভিতৰত মজুৰি লাভ কৰা বৃহৎ সংখ্যক কৰ্মচাৰী বিধিবদ্ধ সামাজিক সুৰক্ষাৰ ব্যৱস্থাৰ অন্তৰ্ভুক্ত হ’ব।

 

এই অনুমোদনৰ ফলত কৰ্মচাৰীসকলে ভৱিষ্যনিধিৰ সঞ্চয়, কৰ্মচাৰী পেঞ্চন আঁচনিৰ অধীনত পেঞ্চন সুৰক্ষা আৰু কৰ্মচাৰী জমা-সংলগ্ন বীমা আঁচনিৰ অধীনত বীমা সুৰক্ষা লাভ কৰাৰ অধিক সুযোগ পাব। এই সুবিধাসমূহ সংশ্লিষ্ট আঁচনিৰ প্ৰযোজ্য বিধি অনুসৰি প্ৰদান কৰা হ’ব।ইয়াৰ লগতে বিধিবদ্ধ অৱদান আৰু পেঞ্চনৰ বাবে গণনা কৰা মজুৰিৰ ব্যৱস্থাই বৰ্তমানৰ মজুৰিৰ স্তৰৰ সৈতে অধিক সামঞ্জস্য স্থাপন কৰিব পাৰিব।

২০১৪ চনৰ ছেপ্টেম্বৰ মাহত মজুৰিৰ সীমা অন্তিমবাৰৰ বাবে সংশোধন কৰাৰ পাছৰে পৰা ভাৰতত মজুৰি ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে, আয় বৃদ্ধি হৈছে আৰু আনুষ্ঠানিক কৰ্মসংস্থাপনৰ পৰিসৰো সম্প্ৰসাৰিত হৈছে।কেইবাখনো ৰাজ্য আৰু বিভিন্ন কৰ্মক্ষেত্ৰত ন্যূনতম মজুৰিও পূৰ্বৰ সীমাৰ ওচৰ চাপিছে।সেয়েহে মজুৰিৰ সীমা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ ফলত কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ ব্যৱস্থাটো বৰ্ধিত মজুৰিৰ স্তৰৰ সৈতে সামঞ্জস্যপূৰ্ণ হ’ব আৰু কৰ্মশক্তিৰ অধিক বৃহৎ অংশলৈ আনুষ্ঠানিক সামাজিক সুৰক্ষাৰ সুবিধা সম্প্ৰসাৰিত হ’ব।এই পদক্ষেপে আনুষ্ঠানিক কৰ্মসংস্থাপন বৃদ্ধি, কৰ্মচাৰী ধৰি ৰখা আৰু দীৰ্ঘম্যাদী অৱসৰকালীন সুৰক্ষাক অধিক গতি দিয়াৰ সম্ভাৱনা আছে।বিধিবদ্ধ সামাজিক সুৰক্ষাৰ ব্যৱস্থাৰ অধীনত অধিক সংখ্যক কৰ্মচাৰী স্বয়ংক্ৰিয়ভাৱে অন্তৰ্ভুক্ত হোৱাৰ ফলত এই নীতিটো অধিক শক্তিশালী হ’ব যে আনুষ্ঠানিক কৰ্মসংস্থাপনৰ সৈতে সহজে স্থানান্তৰযোগ্য আৰু নিশ্চিত সামাজিক সুৰক্ষা সংযুক্ত হৈ থাকিব লাগে।নিয়োগকৰ্তাসকলৰ বাবেও অধিক বিস্তৃত সামাজিক সুৰক্ষা ব্যৱস্থাই কৰ্মচাৰী ধৰি ৰখা, কৰ্মশক্তিৰ স্থিৰতা, কৰ্মচাৰীৰ মনোবল আৰু অধিক সুৰক্ষিত তথা ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰ্মশক্তি গঢ়ি তোলাত সহায় কৰিব পাৰে।এই প্ৰস্তাৱটো সন্দৰ্ভত বিভিন্ন মন্ত্ৰালয়ৰ মাজত বিস্তৃত আলোচনা অনুষ্ঠিত হৈছিল।২০২৬ চনৰ ১৬ জুনত অনুষ্ঠিত ব্যয় বিত্ত সমিতিৰ বৈঠকতো প্ৰস্তাৱটো অনুমোদনৰ বাবে পৰামৰ্শ দিয়া হৈছিল।বৰ্তমানৰ বছৰি প্ৰায় ১০,২৫০ কোটি টকাৰ বাজেট সহায়ৰ বিপৰীতে চৰকাৰৰ বছৰি অতিৰিক্ত ব্যয় প্ৰায় ১১,৩৩৯ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।পাঁচ বছৰত এই ক্ষেত্ৰত আনুমানিক ব্যয় হ’ব প্ৰায় ৫৬,৬৯৬ কোটি টকা।কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনে বৰ্তমান বিশ্বৰ অন্যতম বৃহৎ সামাজিক সুৰক্ষা ব্যৱস্থা পৰিচালনা কৰি আছে।ইয়াৰ অধীনত কৰ্মচাৰী ভৱিষ্যনিধি, কৰ্মচাৰী পেঞ্চন আঁচনি আৰু কৰ্মচাৰী জমা-সংলগ্ন বীমা আঁচনি পৰিচালনা কৰা হয়।সাম্প্ৰতিক তথ্য অনুসৰি প্ৰায় ৭.৯৮ কোটি অৱদানকাৰী সদস্য ৭.৬৮ লাখৰো অধিক অৱদানকাৰী প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে।কৰ্মচাৰী পেঞ্চন আঁচনিৰ জৰিয়তে প্ৰায় ৮২ লাখ পেঞ্চনভোগীয়ে পেঞ্চন সুবিধা লাভ কৰি আছে।কৰ্মচাৰী জমা-সংলগ্ন বীমা আঁচনিয়ে ভৱিষ্যনিধিৰ সদস্যপদৰ সৈতে সংযুক্ত বীমা সুৰক্ষা প্ৰদান কৰে।ভাৰতৰ কৰ্মশক্তি দেশৰ বিকাশৰ কাহিনীৰ কেন্দ্ৰবিন্দু। মজুৰি বৃদ্ধি, আয়ৰ উন্নতি আৰু আনুষ্ঠানিক কৰ্মসংস্থাপনৰ সম্প্ৰসাৰণৰ লগে লগে চৰকাৰৰ কৰ্মসংস্থাপন সৃষ্টি আৰু আনুষ্ঠানিককৰণৰ ওপৰত অব্যাহত গুৰুত্বই কৰ্মীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে।কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ মজুৰিৰ সীমা বৃদ্ধি কৰাৰ ফলত সামাজিক সুৰক্ষাৰ ব্যৱস্থাটোৱেও এই অগ্ৰগতিৰ সৈতে খোজ মিলাই আগবাঢ়িব পাৰিব।ইয়াৰ ফলত আনুষ্ঠানিক কৰ্মসংস্থাপনত নিয়োজিত অধিক সংখ্যক কৰ্মচাৰীয়ে বিধিবদ্ধ সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰিব।এই অনুমোদন এক অন্তৰ্ভুক্তিমূলক, স্থিতিস্থাপক আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে প্ৰস্তুত সামাজিক সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপহিচাবে বিবেচিত হৈছে।ভাৰত ২০৪৭ চনৰ বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত অৰ্থনৈতিক বিকাশ, বৃদ্ধি পোৱা মজুৰি আৰু সম্প্ৰসাৰিত আনুষ্ঠানিক কৰ্মসংস্থাপনৰ সমান্তৰালভাৱে সামাজিক সুৰক্ষাৰ অগ্ৰগতিও নিশ্চিত কৰাই ইয়াৰ মূল উদ্দেশ্য।এই সিদ্ধান্ত ৰূপায়ণৰ বাবে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় তথা কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনে প্ৰয়োজনীয় বিধিবদ্ধ আৰু প্ৰশাসনিক পদক্ষেপ গ্ৰহণ কৰিব।

 

****

MJPS/DM


(ৰিলিজ আই ডি : 2311024) অতিথি কক্ষ : 8