প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়া কাপ জয় কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
14 SEP 2026 8:45AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়া কাপ জয় কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলটোক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ প্ৰতিযোগিতাখনত দলটোৰ আত্মবিশ্বাস, ধাৰাবাহিকতা আৰু সমৰ্পিত মনোভাব সম্পূৰ্ণৰূপে প্ৰদৰ্শিত হৈছিল।
শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে যে এই বিজয়ে সমগ্ৰ দেশৰ লাখ যুৱক-যুৱতীক অধিক ক্ৰীড়াৰ প্ৰতি অধিক আকৰ্ষিত কৰাৰ লগতে উজলি উঠিবলৈ অনুপ্ৰাণিত কৰিব।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;
‘ভাৰতীয় ক্ৰিকেটৰ বাবে এক গৌৰৱৰ মুহূৰ্ত!
এছিয়া কাপ জয় কৰাৰ বাবে মহিলা দলটোক অভিনন্দন জনাইছো। সমগ্ৰ প্ৰতিযোগিতাখনত তেওঁলোকৰ আত্মবিশ্বাস, ধাৰাবাহিকতা আৰু সমৰ্পিত মনোভাব সম্পূৰ্ণৰূপে প্ৰদৰ্শিত হৈছিল।
এই বিজয়ে সমগ্ৰ দেশৰ লাখ যুৱক-যুৱতীক অধিক ক্ৰীড়াৰ প্ৰতি অধিক আকৰ্ষিত কৰাৰ লগতে উজলি উঠিবলৈ অনুপ্ৰাণিত কৰক।’
*****
MJPS/SS/ST/NB
(ৰিলিজ আই ডি : 2309981)
অতিথি কক্ষ : 3