প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গণেশ চতুৰ্থী উপলক্ষে ভগৱান গণেশৰ আশীৰ্বাদ বিচাৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

পোষ্ট কৰা হৈছে: 14 SEP 2026 8:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশ চতুৰ্থী উপলক্ষে জনসাধাৰণক আন্তৰিক শুভেচ্ছা জনাইছে। তেওঁ আশা প্ৰকাশ কৰে যে ভগৱান গণেশৰ উপাসনা আৰু আশীৰ্বাদ বিচৰা এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনত নতুন শক্তি আৰু উৎসাহ সঞ্চাৰ কৰিব। শ্ৰী মোদীয়ে প্ৰাৰ্থনা কৰে যে ভগৱান গণেশৰ ঐশ্বৰিক আশীৰ্বাদত সকলোৰে প্ৰচেষ্টা সফল হ’ব আৰু ৰাষ্ট্ৰই উন্নয়নৰ পথত আগুৱাই যাব।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে-

“मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम्।

अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम्॥”

সুভাশিতমত এইবুলি কোৱা হৈছে যে মই ভগৱান শ্ৰী বিনায়কক প্ৰণিপাত কৰিছো, যাৰ পবিত্ৰ হাত মোদকৰে অলংকৃত; যিয়ে চিৰকালৰ বাবে মুক্তিৰ পথ সন্ধানকাৰীসকলক বাট দেখুৱায়; যিয়ে নিজৰ কপালত অৰ্ধ চন্দ্ৰক অলংকাৰ হিচাপে পিন্ধি থাকে; যি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ ৰক্ষক আৰু বিশ্বব্ৰহ্মাণ্ডৰ একমাত্ৰ ঈশ্বৰ, যিয়ে ৰাক্ষস গজাসুৰক পৰাজিত কৰে আৰু যি তেওঁৰ ভক্তসকলক সকলো দুখ আৰু দুৰ্গতিৰ পৰা ৰক্ষা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘দেশৰ জনসাধাৰণক গণেশ চতুৰ্থীৰ শুভেচ্ছা জনালো। এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনত নতুন শক্তি আৰু উৎসাহৰ সঞ্চাৰ কৰক। তেওঁৰ ঐশ্বৰিক আশীৰ্বাদত সকলোৰে প্ৰচেষ্টা সফল হওক আৰু ৰাষ্ট্ৰই প্ৰগতিৰ পথত আগবাঢ়ি যাওক। গণপতি বাপ্পা মোৰিয়া!

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम्।

अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम्॥

 

******

MJPS/SS/ST/NB


(ৰিলিজ আই ডি : 2309973) অতিথি কক্ষ : 7