বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

আগন্তুক ই এছ টি আই চি-২০২৬ (উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন) ২০২৬ চনৰ ২৭–২৯ অক্টোবৰত দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এই অনুষ্ঠানত তিনিজন নোবেল বঁটা বিজয়ী আৰু কেইবাজনো আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী বক্তাই অংশগ্ৰহণ কৰিব : ড° জিতেন্দ্ৰ সিং

মন্ত্ৰীগৰাকীয়ে কয় যে গোটেই বছৰজুৰি পৃথক পৃথক অনুষ্ঠান অনুষ্ঠিত কৰাতকৈই এছ টি আই চিক যোৱা বছৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিৱেশতন্ত্ৰৰ বিভিন্ন খণ্ডক এখন উমৈহতীয়া মঞ্চত একত্ৰিত কৰাৰ নতুন পদ্ধতি হিচাপে পৰিকল্পনা কৰা হৈছিল।

৫০-৬০ শতাংশ ষ্টাৰ্টআপ এতিয়া বৃহৎ চহৰৰ পৰিৱৰ্তে সৰু চহৰৰ পৰা আহিছে; তেওঁলোকে বিশেষজ্ঞ, উদ্যোগী, ব্যৱসায়িক নেতা আৰু আগবাঢ়ি যাবলৈ বজাৰৰ সৈতে অধিক সুবিধা লাভ কৰে : ড° জিতেন্দ্ৰ সিং

ভাৰতৰ পৰৱৰ্তী উদ্ভাৱনৰ ঢৌ আহিব লাগিব ডাঙৰ চহৰৰ বাহিৰৰ পৰা : কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিং

ব্ৰেক চাইল', গৱেষণাগাৰৰ পৰা বজাৰলৈ সাঁকো নিৰ্মাণ বৃদ্ধিৰে ড° জিতেন্দ্ৰ সিঙে ই এছ টি আই চি-২০২৬ কাৰ্যসূচীত অধিক শক্তিশালী গৱেষণা-ষ্টাৰ্টআপ-সংযোগী সহযোগিতাৰ আহ্বান জনায়

ড° জিতেন্দ্ৰ সিঙে উদ্ভাৱনক লাভান্বিত কৰিবলৈ বিজ্ঞানৰ সৈতে পৰিচালনা আৰু যোগাযোগৰ অধিক সংহতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

ড° জিতেন্দ্ৰ সিঙে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী লক্ষ্যৰে ই এছ টি আই ৰূপৰেখা প্ৰস্তুত কৰাৰ আহ্বান জনাই কয় যে নিৰ্ধাৰিত বাৰ্ষিক কাৰ্যসূচীৰ ঊৰ্ধ্বলৈ ইয়াক লৈ যাব লাগিব

পোষ্ট কৰা হৈছে: 10 SEP 2026 5:02PM by PIB Guwahati

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি তথা পৃথিৱী বিজ্ঞানৰ ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মী, ৰাজহুৱা অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি আৰু মহাকাশ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি ঘোষণা কৰে যে ইমাৰ্জিং ছায়েন্স, টেকন’লজি এণ্ড ইনোভেচন কনক্লেভ– ২০২৬ (ESTIC) ২৭-২৯ অক্টোবৰ, ২০২৬ত ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলগীয়া এই অনুষ্ঠানত তিনিজন নোবেল বঁটা বিজয়ী অধ্যাপক জোৱাচিম ফ্ৰেংক, ছাৰ ৰিচাৰ্ড জে ৰবাৰ্টছ আৰু অধ্যাপক কোষ্টিয়া ন’ভ’চেলভকে ধৰি কেইবাজনো আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী বক্তা উপস্থিত থাকিব।

ই এছ টি আই চি-২০২৬ৰ প্ৰিভিউ ইভেণ্টত ভাষণ দি ড০ জিতেন্দ্ৰ সিঙে কয় যে বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নতিৰ লগে লগে এই পৰিৱেশতন্ত্ৰই বৈজ্ঞানিক ক্ষমতাৰ উপৰি পৰিচালনা, যোগাযোগ আৰু অন্যান্য ক্ষেত্ৰত বিশেষজ্ঞতাৰ অধিক ব্যৱহাৰ কৰিব লাগিব।

ড০ জিতেন্দ্ৰ সিঙে কয় যে গোটেই বছৰটোত কেইবাটাও খণ্ডিত অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিৱেশতন্ত্ৰৰ একাধিক উপাদানক এখন উমৈহতীয়া মঞ্চত একত্ৰিত কৰাৰ নতুন পদ্ধতিৰ অংশ হিচাপে যোৱা বছৰ ইষ্টিৰ ৰ পৰিকল্পনা কৰা হৈছিল। তেওঁ কয় যে এই সন্মিলনে গৱেষক, উদ্ভাৱক, ষ্টাৰ্টআপ, উদ্যোগী, উদ্যোগ আৰু নীতি নিৰ্ধাৰকসকলৰ মাজত ঘনিষ্ঠভাৱে যোগাযোগৰ সুযোগ প্ৰদান কৰে, যাৰ লক্ষ্য হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে অধিক সংহত পৰিৱেশতন্ত্ৰ সৃষ্টি কৰা।

মন্ত্ৰীগৰাকীয়ে কয় যে উদ্ভাৱনক ত্বৰান্বিত কৰিবলৈ আৰু ভাৰতৰ বৈজ্ঞানিক সামৰ্থ্যক বহল অৰ্থনৈতিক আৰু সমাজৰ প্ৰভাৱলৈ ৰূপান্তৰিত কৰিবলৈ প্ৰতিষ্ঠানিক প্ৰত্যাহ্বানবোৰ ভাঙি বৈজ্ঞানিক গৱেষণা, ষ্টাৰ্টআপ, উদ্যোগ, বজাৰ আৰু সমাজৰ মাজত অধিক শক্তিশালী সংযোগ সৃষ্টি কৰাৰ সময় আহি পৰিছে।

ড° জিতেন্দ্ৰ সিঙে কয় যে ই এছ টি আই চি-২০২৬ৰ বিষয়বস্তু- “সৃষ্টিশীল চিন্তাধাৰা, বিজ্ঞানক ত্বৰান্বিত কৰা,  প্ৰযুক্তিৰ শক্তিশালীকৰণ”-এ বৈজ্ঞানিক উদ্ভাৱনত সৃষ্টিশীলতা আৰু কল্পনাশক্তিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। ড০ সিঙে কয় যে সৃষ্টিশীলতা আৰু কল্পনাই উদ্ভাৱনী ক্ষমতাক শক্তিশালী কৰে, আনহাতে ধাৰণাসমূহক অৰ্থপূৰ্ণ ফলাফললৈ ৰূপান্তৰিত কৰিবলৈ এক অনুকূল পৰিৱেশতন্ত্ৰৰ প্ৰয়োজন।

ভাৰতৰ ষ্টাৰ্টআপ বৃদ্ধিৰ কথা উল্লেখ কৰি ড০ জিতেন্দ্ৰ সিঙে কয় যে ২০১৪ চনত দেশত প্ৰায় ৩৫০-৪০০ ষ্টাৰ্টআপ আছিল, আনহাতে এতিয়া এই সংখ্যাই ২.৩ লাখ অতিক্ৰম কৰি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে এতিয়া ৫০-৬০ শতাংশতকৈ অধিক ষ্টাৰ্টআপ বৃহৎ চহৰৰ পৰিৱৰ্তে সৰু চহৰৰ পৰা উতপত্তি হৈছে, যিয়ে সমগ্ৰ দেশতে উদ্যোগীকৰণ আৰু উদ্ভাৱনৰ ক্ৰমবৰ্ধমান পৰিসৰক প্ৰতিফলিত কৰে। তেওঁ কয় যে এনে উদীয়মান ষ্টাৰ্টআপসমূহে বিশেষজ্ঞ, উদ্যোগী, আগশাৰীৰ ব্যৱসায় আৰু বজাৰসমূহৰ সৈতে অধিক সুবিধা লাভ কৰিব লাগে।

মন্ত্ৰীগৰাকীয়ে কয় যে ইষ্টিকৰ ভৱিষ্যত সংস্কৰণসমূহে পৰিচালনা আৰু যোগাযোগ প্ৰতিষ্ঠানসমূহক অধিক ব্যাপকভাৱে অন্তৰ্ভুক্ত কৰিব পাৰে। পৰিচালনাৰ বিশেষজ্ঞতাই ষ্টাৰ্টআপ আৰু সম্ভাৱ্য উদ্যোগীসকলক বজাৰত প্ৰৱেশৰ বাবে কৌশল প্ৰস্তুত কৰাত সহায় কৰিব পাৰে, আনহাতে যোগাযোগ বিশেষজ্ঞতাই তেওঁলোকে বুজি পোৱা ভাষা আৰু মাধ্যমৰ জৰিয়তে যুৱক-যুৱতী আৰু সমাজৰ বহল শ্ৰেণীৰ লোকসকলক বৈজ্ঞানিক কৃতিত্ব প্ৰচাৰ কৰাত সহায় কৰিব পাৰে।

ড০ জিতেন্দ্ৰ সিঙে উল্লেখ কৰে যে এনে অনুকূল পৰিৱেশতন্ত্ৰ সৃষ্টিৰ বাবে চৰকাৰৰ প্ৰচেষ্টাত ৰাষ্ট্ৰীয় গৱেষণা ন্যাস আৰু ১ লাখ কোটি টকাৰ গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন (আৰ ডি এই) পুঁজিৰ দৰে পদক্ষেপ অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ কয় যে বিভিন্ন মন্ত্ৰ্যালয় আৰু অংশীদাৰসকলৰ একত্ৰিকৰণে গৱেষণা আৰু উদ্ভাৱনৰ পৰা প্ৰযুক্তি বিকাশ, উদ্যোগীকৰণ আৰু বজাৰ প্ৰয়োগলৈকে কৰা যাত্ৰাক শক্তিশালী কৰাত সহায় কৰিব পাৰে।

মন্ত্ৰীগৰাকীয়ে গভীৰ মহাসাগৰিক অভিযানকে ধৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ উদীয়মান ক্ষেত্ৰসমূহত ভাৰতৰ শেহতীয়া কৃতিত্ব আৰু নীলা অৰ্থনীতিৰ ওপৰত দেশৰ বিস্তাৰিত মনোযোগৰ কথাও উল্লেখ কৰে। ভাৰতৰ প্ৰথমখন থলুৱা গৱেষণা জাহাজ উৎক্ষেপণৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতে এতিয়া নীলা অৰ্থনীতিয়ে আগবঢ়োৱা সুযোগসমূহ অন্বেষণ কৰাৰ বাবে এক বৃহৎ দিশত আগবাঢ়িছে। ভাৰতৰ ক্ৰমবৰ্ধমান বৈজ্ঞানিক সামৰ্থ্যৰ পৰিসৰৰ উদাহৰণ হিচাপে মহাকাশ আৰু জৈৱ প্ৰযুক্তিৰ কৃতিত্বত প্ৰসংগও তেওঁ উল্লেখ কৰে।

তিনিদিনীয়া সন্মিলনৰ বাহিৰেও কাম অব্যাহত ৰাখিবলৈ আহ্বান জনাই ড০ সিঙে বৈজ্ঞানিক উপদেষ্টা আৰু আয়োজক দলসমূহক ইষ্টিকত হোৱা আলোচনা আৰু শিক্ষণৰ ভিত্তিত হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী লক্ষ্যৰে ৰূপৰেখা প্ৰস্তুত কৰিবলৈ কয়। তেওঁ কয় যে এটা সংস্কৰণৰ অভিজ্ঞতা পৰৱৰ্তী সংস্কৰণৰ বাবে লাভৱান হ’ব লাগে আৰু আন্তঃমন্ত্ৰ্যালয়ৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে যাতে সন্মিলনখন কেৱল বাৰ্ষিক অনুষ্ঠানত পৰিণত নহয়।

 

ড০ জিতেন্দ্ৰ সিঙে যুৱ উদ্ভাৱকসকলৰ মাজত ষ্টাৰ্টআপ পঞ্জীয়ন, পেটেণ্ট আৰু অন্যান্য উদ্ভাৱন প্ৰক্ৰিয়াৰ সৈতে জড়িত পদ্ধতিসমূহৰ বিষয়েও অধিক সজাগতাৰ আহ্বান জনায়। তেওঁ কয় যে বহু সম্ভাৱ্য উদ্যোগীৰ ধাৰণা আৰু সামৰ্থ্য থাকিব পাৰে কিন্তু তেওঁলোকৰ উদ্ভাৱনক আগুৱাই নিয়াৰ প্ৰয়োজনীয় পদ্ধতিসমূহ অচিনাকি হৈ থাকে আৰু এনে তথ্যৰ সহজ প্ৰৱেশে এই সম্ভাৱনাক মুকলি কৰাত সহায় কৰিব পাৰে।

দ্ৰুতগতিত বিকশিত হৈ অহা প্ৰযুক্তিৰ পৰিৱেশ বিশেষকৈ কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে কোৱাৰ সময়ত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰযুক্তিয়ে যুৱক-যুৱতীসকলৰ বাবে কেৱল প্ৰযুক্তিৰ দ্বাৰা সৃষ্টি হোৱা সুযোগ বিচৰাতকৈ নতুন সম্ভাৱনা সৃষ্টিৰ সুবিধা প্ৰদানকাৰী হৈ পৰিছে। তেওঁ কয় যে ইষ্টিক সমাজৰ প্ৰতিটো প্ৰজন্ম, বিশেষকৈ যুৱক-যুৱতীসকলৰ বাবে আগ্ৰহৰ এক কাৰ্যসূচীৰূপে পৰিগণিত হ’ব লাগে।

প্ৰিভিউ অনুষ্ঠানত উপস্থিত আছিল ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অধ্যাপক অজয় ​​কে ছুড; বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ সচিব তথা চি এছ আই আৰৰ সঞ্চালকপ্ৰধান ড০ এন কালাইচেলভি আৰু চি এছ আই আৰৰ সঞ্চালক প্ৰধান ড০ এন কালাইচেলভি; জৈৱ প্ৰযুক্তি বিভাগৰ সচিব ড০ ৰাজেশ এছ গোখলে, বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব শ্ৰী এছ কৃষ্ণন আৰু প্ৰধান বৈজ্ঞানিক উপদেষ্টাৰ কাৰ্যালয়ৰ বৈজ্ঞানিক সচিব ড° পাৰবিন্দৰ মাইনীৰ লগতে বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু প্ৰতিনিধিবৰ্গ।

ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অধ্যাপক অজয় ​​কে ছুডে উল্লেখ কৰে যে ই এছ টি আই চি-২০২৬ ইয়াৰ প্ৰথম সংস্কৰণৰ সফলতাৰ আধাৰত নিৰ্মাণ কৰা হৈছে। প্ৰথম সংস্কৰণত ১৩টা মন্ত্ৰ্যালয়, আগশাৰীৰ প্ৰতিষ্ঠান, উদ্যোগৰ অংশীদাৰ আৰু ৫,০০০ৰো অধিক প্ৰতিনিধিক একত্ৰিত কৰা হৈছিল। তেওঁ কয় যে এই সন্মিলনে সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগীক সামৰি লৈছে আৰু ভাৰতৰ বাবে মূল উদীয়মান সুযোগসমূহ সামৰি লোৱা ১২টা বিষয়ভিত্তিক ক্ষেত্ৰক একলগ কৰা এক অংশীদাৰী ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ অধীনত যুৱ উদ্ভাৱক, নীতি নিৰ্ধাৰক, প্ৰতিষ্ঠান, আৰু উদ্যোগক একত্ৰিত কৰে।

ডি এছ আই আৰৰ সচিব আৰু চি এছ আই আৰৰ সঞ্চালকপ্ৰধান ড০ এন কালাইচেলভিয়ে কয় যে চি এছ আই আৰে ই এছ আই আৰ-এন আই আই এছ টি, তিৰুৱনন্তপুৰমক ন’ডেল লেবৰেটৰী হিচাপে লৈ ই এছ টি আই-২০২৬ আয়োজনৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু এই পদক্ষেপৰ বাবে ১৩টা মন্ত্ৰ্যালয় একত্ৰিত হৈছে। তেওঁ কয় যে এই সন্মিলনে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰৰ ভিতৰত সমন্বয় শক্তিশালী কৰিব আৰু ২০৪৭ চনৰ ভিতৰত ‘বিকশিচ ভাৰত’ গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় লক্ষ্যত অৰিহণা যোগাব।

ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টাৰ কাৰ্যালয়ৰ নিৰ্দেশনাত আৰু আয়োজক অংশীদাৰ হিচাপে চিএছআইআৰ-এনআইআইএছটিৰ সৈতে চিএছআইআৰৰ দ্বাৰা আয়োজিত ইষ্টিক-২০২৬ত নোবেল বঁটা বিজয়ী, বিশ্বৰ বৈজ্ঞানিক নেতা, ডিপ-টেক ষ্টাৰ্টআপ, মহিলা উদ্যোগী, যুৱ বিজ্ঞানী আৰু গৱেষক, উদ্যোগপতি, নীতি নিৰ্ধাৰক আৰু একাডেমী তথা ৰাজহুৱা খণ্ডৰ প্ৰতিনিধিসকলক একত্ৰিত কৰা হ’ব।

তিনিদিনীয়া এই সন্মিলনত পূৰ্ণাংগ আলোচনা, ১২খন বিষয়ভিত্তিক কাৰিকৰী অধিবেশন, পেনেল আলোচনা, বিজ্ঞান আৰু প্ৰযুক্তিৰ নেতা আৰু ডিপ-টেক ষ্টাৰ্টআপৰ উপস্থাপন, প্ৰদৰ্শনী, পোষ্টাৰ উপস্থাপন আৰু বি টু বি/বি টু জি বৈঠক আদি অনুষ্ঠিত হ’ব। বিষয়ভিত্তিক ক্ষেত্ৰসমূহে উন্নত উৎপাদন, শক্তি প্ৰযুক্তি, কৃত্ৰিম জীৱবিজ্ঞান, সাগৰ আৰু সাগৰীয় প্ৰযুক্তি, কোৱাণ্টাম যোগাযোগ, অৰ্ধপৰিবাহী, কৃষি প্ৰযুক্তি, উৎপাদনশীল আৰু স্বায়ত্তশাসিত এআই, ৰবটিক্স, উন্নত স্বাস্থ্যসেৱা, নিমজ্জিত প্ৰযুক্তি, আৰু মহাকাশ বিজ্ঞান আদি উদীয়মান ক্ষেত্ৰসমূহ সামৰি লৈছে।

ই এছ টি আই চি-২০২৬ত তিনিজন বিশিষ্ট নোবেল বঁটা বিজয়ী অধ্যাপক জোৱাচিম ফ্ৰেংক, ছাৰ ৰিচাৰ্ড জে ৰবাৰ্টছ আৰু অধ্যাপক কোষ্টিয়া নভোচেলভে অংশগ্ৰহণ কৰিব। এই সন্মিলনত ভাৰতৰ উদীয়মান ষ্টাৰ্টআপ আৰু ডিপ-টেক ইক’চিষ্টেম প্ৰদৰ্শন কৰা প্ৰযুক্তিমুখী প্ৰদৰ্শনীও অনুষ্ঠিত হ’ব, যিখন দ্বিতীয় দিনাৰ পৰা জনসাধাৰণৰ বাবে মুকলি হ’ব।

২০২৬ চনৰ ২৭ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ, নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব ই এছ টি আই চি-২০২৬। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে ২০২৬ চনৰ ২৭ অক্টোবৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ই এছ টি আই চি-২০২৬ উদ্বোধন কৰিব। ইয়াৰ পঞ্জীয়ন মুকলি আৰু ১৫ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ইয়াৰ পঞ্জীয়ন বন্ধ হ’ব।

 

*****

 

 

 

NKR/AK/KD


(ৰিলিজ আই ডি : 2309365) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: हिन्दी , English , Urdu , Telugu