প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

পোষ্ট কৰা হৈছে: 11 SEP 2026 5:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত অষ্টাদশ ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে। এয়া আছিল চলিত বৰ্ষত দুয়োগৰাকী নেতাৰ দ্বিতীয়খন বৈঠক। ইয়াৰ পূৰ্বে ৩১ আগষ্ট, ২০২৬ত বিছকেকত ২৬সংখ্যক এছচিঅ' সন্মিলনৰ সময়তো দুয়োগৰাকী নেতাৰ সাক্ষাৎ হৈছিল।

 

দুয়োগৰাকী নেতাই ৰাজনৈতিক, অৰ্থনৈতিক, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, দক্ষতা অৰ্জন আৰু জনসাধাৰণৰ মাজত পাৰস্পৰিক সম্পৰ্ক আদি ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ২০২৬ চনৰ ৯ৰ পৰা ১১ ছেপ্টেম্বৰলৈ ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় উদ্যোগিক প্ৰদৰ্শনী "ইন'প্ৰম ইণ্ডিয়া"ক দুয়োগৰাকী নেতাই আদৰণি জনায় আৰু বাণিজ্য তথা ঔদ্যোগিক সম্পৰ্ক অধিক সম্প্ৰসাৰণৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বৰ কথা উল্লেখ কৰে। দুয়োগৰাকী নেতাই "ইন'প্ৰম ইণ্ডিয়া" প্ৰদৰ্শনীস্থলীও পৰিদৰ্শন কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলৰ সৈতে মতবিনিময় কৰে।

 

নেতাদ্বয়ে বহুদেশীয় মঞ্চত ভাৰত-ৰাছিয়াৰ অংশগ্ৰহণ, বিশেষকৈ ২০২৬ চনৰ বাবে ভাৰতৰ অধ্যক্ষতাত ব্ৰিকছৰ কাৰ্যসূচীৰ বিষয়ে মতামত বিনিময় কৰে। তদুপৰি, তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজড়িত গুৰুত্বপূৰ্ণ আঞ্চলিক আৰু বিশ্বজনীন বিষয়সমূহৰ ওপৰত আলোকপাত কৰে। ইয়াত পশ্চিম এছিয়া আৰু কৃষ্ণ সাগৰীয় অঞ্চলৰ সংঘাতৰ বিষয়েও আলোচনা কৰা হয়, যিয়ে সামুদ্ৰিক বাণিজ্যৰ লগতে ভাৰতীয় নাবিকসকলৰ নিৰাপত্তাক প্ৰভাৱিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে পুনৰ দোঁহাৰে যে আলোচনা আৰু কূটনীতিয়েই সংঘাত সমাধানৰ একমাত্ৰ পথ আৰু শান্তি প্ৰচেষ্টাত সহায় কৰিবলৈ ভাৰত সদায় প্ৰস্তুত।

 

ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ মাজতো বিশেষ গতি লাভ কৰা আৰু স্থায়িত্ব প্ৰদৰ্শন কৰা দুয়োখন দেশৰ মাজৰ 'বিশেষ আৰু বিশেষাধিকাৰ প্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব' অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিবলৈ সন্মত হয়।

 

ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰীক ২৪সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ৰাছিয়া ভ্ৰমণৰ নিমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰীয়ে এই নিমন্ত্ৰণ গ্ৰহণ কৰে। কূটনৈতিক মাধ্যমৰ জৰিয়তে দুয়োপক্ষৰ সুবিধা অনুসৰি সন্মিলনৰ দিন ধাৰ্য কৰা হ'ব।

**********

MJPS/SS/ST/DB


(ৰিলিজ আই ডি : 2309363) অতিথি কক্ষ : 10