প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ইৰানৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
পোষ্ট কৰা হৈছে:
11 SEP 2026 8:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ইছলামিক ৰিপাব্লিক অৱ ইৰানৰ ৰাষ্ট্ৰপতি ড° মাছুদ পেজেস্কিয়ানৰ সৈতে এক বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাৰ মাজত দুসপ্তাহৰো কম সময়ৰ ভিতৰত এইখন আছিল দ্বিতীয়খন বৈঠক। ইয়াৰ পূৰ্বে যোৱা ৩১ আগষ্টত বিছকেকত অনুষ্ঠিত এছচিঅ’ সন্মিলনৰ সমান্তৰালভাৱে তেওঁলোকৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল।
বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ সত্ত্বেও ব্ৰিকছ সম্পৰ্কীয় বৈঠকসমূহত ইৰানৰ নিয়মীয়া আৰু উচ্চ পৰ্যায়ৰ অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইৰানক ধন্যবাদ জ্ঞাপন কৰে। গ্ল’বেল ছাউথৰ দেশসমূহৰ মাজত সুস্থিৰতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতাৰ ভাৱনা গঢ়ি তোলাৰ ক্ষেত্ৰত ব্ৰিকছৰ সম্ভাৱনাৰ কথা তেওঁ উল্লেখ কৰে। তদুপৰি ব্ৰিকছ ব্যৱসায়িক ফ’ৰামৰ নেতৃবৰ্গৰ অধিৱেশনত অংশগ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি পেজেস্কিয়ানক ধন্যবাদ জনায়।
দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিঘটনাসমূহৰ সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। ধাৰাবাহিকভাৱে বজাই ৰখা ভাৰতৰ স্থিতিক দোঁহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো সমস্যা আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে সমাধান হ’ব লাগে। অঞ্চলটোত স্থায়ী শান্তি আৰু সুস্থিৰতা নিশ্চিত কৰা, জাহাজ চলাচল আৰু বাণিজ্যৰ স্বাধীনতা সুৰক্ষিত কৰা আৰু সাগৰীয় কৰ্মীসকলৰ সুৰক্ষা তথা কল্যাণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই থকাৰ আৱশ্যকতাৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে।
ব্ৰিকছকে ধৰি বহুপাক্ষিক সংগঠনসমূহত পৰস্পৰৰ স্বাৰ্থজড়িত বিষয়সমূহত দুয়োপক্ষৰ মাজত চলি থকা নিৰৱচ্ছিন্ন সহযোগিতাক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।
.
******
MJPS/SS/ST/DB
(ৰিলিজ আই ডি : 2309361)
অতিথি কক্ষ : 7