নৌ-পৰিবহন মন্ত্ৰালয়
নেচনেল মেৰিটাইম হেৰিটেজ কমপ্লেক্স চচাইটিৰ দ্বিতীয় পৰিচালনা পৰিষদৰ বৈঠকত অধ্যক্ষতা সৰ্বানন্দ সোণোৱালৰ; লোথাল প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা
প্ৰথম পৰ্যায় '১এ'ৰ আনুমানিক ৮২ শতাংশ কাম সম্পূৰ্ণ; ভাৰতৰ সামুদ্ৰিক ঐতিহ্য প্ৰকল্পৰ বাবে ১৩ খন দেশে স্বাক্ষৰ কৰিলে বুজাবুজিৰ চুক্তি
৩৫তকৈও অধিক দেশৰ সৈতে বিশ্বজুৰি সহযোগিতা সম্প্ৰসাৰণৰ অংশস্বৰূপে ইতিমধ্যে ১৩খন দেশ অন্তৰ্ভুক্ত
পোষ্ট কৰা হৈছে:
11 SEP 2026 8:08PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 'নেচনেল মেৰিটাইম হেৰিটেজ কমপ্লেক্স' (এনচিএইচি) চচাইটিৰ দ্বিতীয়খন পৰিচালনা পৰিষদৰ বৈঠকত সভাপতিত্ব কৰে। বৈঠকত গুজৰাটৰ লোথালত পাঁচ সহস্ৰাব্দতকৈও অধিক পুৰণি ভাৰতৰ সামুদ্ৰিক ঐতিহ্যক পুনৰুজ্জীৱিত আৰু প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা আকাংক্ষী প্ৰকল্পটোৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়।
এনএমএইচচিক ভাৰত চৰকাৰে গ্ৰহণ কৰা অন্যতম গুৰুত্বপূৰ্ণ সাংস্কৃতিক আৰু সামুদ্ৰিক পদক্ষেপ বুলি অভিহিত কৰি সোণোৱালে কয় যে এই প্ৰকল্পৰ মূল উদ্দেশ্য হৈছে লোথালক সামুদ্ৰিক ঐতিহ্য, জ্ঞান, শিক্ষা আৰু পৰ্যটনৰ এক বিশ্ববিখ্যাত কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা।
"লোথালৰ এনএমএইচচি হৈছে ভাৰত চৰকাৰে হাতত লোৱা অন্যতম তাৎপৰ্যপূৰ্ণ সাংস্কৃতিক আৰু সামুদ্ৰিক উদ্যোগ," সোণোৱালে ২০২৫ চনৰ জুন মাহত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত পৰিচালনা পৰিষদৰ বৈঠকত নিৰ্ধাৰিত স্পষ্ট দৃষ্টিভংগী আৰু দিশৰ কথা স্মৰণ কৰি এইদৰে কয়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰতিষ্ঠানটোৱে আয়কৰ ৰেহাই, চিএছআৰ আৰু দৰ্পণ পঞ্জীয়নকে ধৰি মূল বৈধানিক পঞ্জীয়নসমূহ ইতিমধ্যে সম্পূৰ্ণ কৰিছে, যিয়ে ভৱিষ্যতে সম্পদ সংগ্ৰহৰ বাবে ইয়াৰ প্ৰতিষ্ঠানিক কাঠামো শক্তিশালী কৰি তুলিছে। প্ৰকল্পটোৱে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় সঁহাৰিক লৈ তেওঁ বিশেষভাৱে উৎসাহিত হয়। পৰ্তুগাল, ইউএই, ভিয়েটনাম, থাইলেণ্ড, নেদাৰলেণ্ড, ডেনমাৰ্ক, ওমান, ইজৰাইল, জাৰ্মানী, কোৰিয়া গণৰাজ্য, ইটালী, নিউজিলেণ্ড আৰু ছিংগাপুৰকে ধৰি ১৩খন দেশে সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। তদুপৰি ৩৫খনতকৈও অধিক অংশীদাৰিত্বৰ প্ৰস্তাৱিত আঁচনিৰ বাবে আন কেইবাখনো দেশৰ সৈতে আলোচনা চলি আছে। সোণোৱালে কয়, "এই অংশীদাৰিত্বসমূহে পুৰাতাত্ত্বিক সামগ্ৰী, প্ৰতিমূৰ্তি, জাহাজৰ আৰ্হি, গৱেষণা সহযোগিতা আৰু সাংস্কৃতিক আদান-প্ৰদান সম্ভৱ কৰি তুলিছে, যিয়ে এনএমএইচচিক সামুদ্ৰিক কূটনীতিৰ এক শক্তিশালী মাধ্যম কৰি তুলিছে।"
নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি সন্দৰ্ভত পৰিষদক অৱগত কৰা হয় যে প্ৰথম পৰ্যায় '১এ'ৰ কাম প্ৰায় ৮২ শতাংশ সমাপ্ত হৈছে। গেলেৰী ৪ আৰু ৬, লোথাল টাউন আৰু একুৱাটিক থিমিঙৰ দৰে বাকী থকা অংশসমূহ ২০২৬ চনৰ ৩১ অক্টোবৰৰ সংশোধিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ কাৰ্যকৰী সংস্থাসমূহক সুক্ষ্ম দৃষ্টি ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ লগতে স্থাপনৰ বাবে ইতিমধ্যে প্ৰস্তুত কৰি তোলা ১,৪৯২টা পুৰাতাত্ত্বিক সামগ্ৰীৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে আৰু দৰ্শনাৰ্থীৰ বাবে প্ৰদৰ্শনীসমূহ সময়মতে মুকলি কৰিব পৰাকৈ জৰুৰী অনুমোদন প্ৰদানৰ পোষকতা কৰে।
সংগ্ৰহালয়ৰ উপৰিও পৰিষদে প্ৰথম পৰ্যায় '১বি' আৰু দ্বিতীয় পৰ্যায়ৰ পৰিকল্পনাসমূহ পৰ্যালোচনা কৰে। ইয়াৰ অধীনত অতিৰিক্ত গেলেৰী, এটা ৫ডি ডম থিয়েটাৰ, ক'ষ্টাল ষ্টেটছ পেভিলিয়ন, ডাইৰেক্টৰেট জেনেৰেল অৱ লাইটহাউছেছ এণ্ড লাইটশ্বিপছৰ (ডিজিএলএল) সহযোগিতাত এটা লাইটহাউছ সংগ্ৰহালয়, ইণ্ডিয়ান মেৰিটাইম ইউনিভাৰ্চিটিৰ (আইএমইউ) সৈতে মেৰিটাইম ৰিচাৰ্চ ইনষ্টিটিউট (এমআৰআই), এটা মিউজিয়’টেল আৰু এটা ইক’ ৰিজৰ্ট গঢ়ি তোলা হ’ব। প্ৰস্তাৱিত লাইটহাউছ সংগ্ৰহালয়টো বিশ্বৰ আটাইতকৈ ওখ 'লাইটহাউছ মিউজিয়াম' হৈ পৰাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
পৰিচালনা পৰিষদে বাহ্যিক আন্তঃগাঁথনিৰ অগ্ৰগতিৰো বুজ লয়। ইয়াৰ ভিতৰত সম্পূৰ্ণ হোৱা ধোলেৰা এক্সপ্ৰেছৱে’, হাই-স্পীড ৰে'ল কৰিডৰৰ চূড়ান্ত পৰিকল্পনা আৰু ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ দ্বাৰা লোথালত চলাই থকা খনন কাৰ্য (যি বৰ্তমান ৭০ শতাংশ সম্পূৰ্ণ হৈছে) অন্তৰ্ভুক্ত। তদুপৰি যোগাযোগ, বিদ্যুৎ, পানী আৰু দৰ্শনাৰ্থীৰ সুবিধাৰ ক্ষেত্ৰত গুজৰাট চৰকাৰে নিৰৱচ্ছিন্ন সমৰ্থন আগবঢ়াইছে। প্ৰতিষ্ঠানটোক এক সম্পূৰ্ণ কাৰ্যক্ষম সংস্থালৈ ৰূপান্তৰিত কৰাৰ বাবে এক প্ৰশাসনিক কাঠামো প্ৰদান কৰি চচাইটিৰ প্ৰস্তাৱিত এনএমএইচচি বিধি পৰিষদে বিবেচনা কৰে আৰু অনুমোদন জনায়।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰকল্পৰ ক্ষিপ্ৰ অগ্ৰগতিৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শীতাক প্ৰদান কৰে, যাৰ নেতৃত্বত ভাৰতৰ সামুদ্ৰিক ঐতিহ্যক ৰাষ্ট্ৰীয় নীতিৰ কেন্দ্ৰবিন্দুত স্থান দিয়া হৈছে। সোণোৱালে কয়, "প্ৰধানমন্ত্ৰী মোদীৰ গতিশীল নেতৃত্বত আমি কেৱল লোথালত এটা সংগ্ৰহালয় নিৰ্মাণ কৰা নাই, বৰঞ্চ ভাৰতৰ পাঁচ হাজাৰ বছৰীয়া সামুদ্ৰিক সভ্যতাক পুনৰুজ্জীৱিত কৰি বিশ্বৰ সন্মুখত দাঙি ধৰিছো।"
সোণোৱালে এনএমএইচচি দল, আইপিআৰচিএল, গুজৰাট চৰকাৰ, ভাৰতীয় নৌসেনা, আইএমইউ, মুখ্য বন্দৰসমূহ আৰু সহযোগী মন্ত্ৰালয়সমূহক তেওঁলোকৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ধাৰাবাহিক প্ৰচেষ্টাৰ জৰিয়তে এনএমএইচচিয়ে ভাৰতৰ সামুদ্ৰিক গৌৰৱ আৰু ভৱিষ্যতৰ আকাংক্ষাক প্ৰতিফলিত কৰা এক বিশ্বজুৰি পৰিচিত স্থান হিচাপে আত্মপ্ৰকাশ কৰিব বুলি তেওঁ দৃঢ় বিশ্বাস প্ৰকাশ কৰে।





***
Samrat/Indu/DB
(ৰিলিজ আই ডি : 2309359)
অতিথি কক্ষ : 12