প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত আন্তৰ্জাতিক মহাকাশ সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

“মহাকাশৰ সম্ভাৱনা অপাৰ, আমাৰ দায়িত্বও সামূহিক:” প্ৰধানমন্ত্ৰী

“সংঘাত ত্যাগ কৰি সহযোগিতা, হ্ৰস্বম্যাদী লাভৰ বিপৰীতে স্থায়িত্ব আৰু বৰ্জনৰ সলনি অন্তৰ্ভুক্তিক অগ্ৰাধিকাৰ দিব লাগিব:” প্ৰধানমন্ত্ৰী

“আন্তৰ্জাতিক আইন, গঠনমূলক আলোচনা আৰু বহুপাক্ষিক সহযোগিতাৰে পুষ্ট এখন সুৰক্ষিত, শান্তিপূৰ্ণ তথা স্থায়ী মহাকাশ ক্ষেত্ৰৰ পোষকতা কৰো:” প্ৰধানমন্ত্ৰী

“মহাকাশ অভিযানৰ কেন্দ্ৰবিন্দুত থকা 'ইছৰো'ৱে নিজৰ উৎকৃষ্টতা আৰু সুলভ অভিযানসমূহৰ বাবে বিশ্বজুৰি সমাদৰ লাভ কৰিছে:” প্ৰধানমন্ত্ৰী

“পেৰিছ মহাকাশ সন্মিলনে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰক—মানৱজাতিৰ কল্যাণ আৰু অনাগত প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আমি একেলগে অন্বেষণ, উদ্ভাৱন আৰু মহাকাশ সুৰক্ষিত কৰিম:” প্ৰধানমন্ত্ৰী

পোষ্ট কৰা হৈছে: 10 SEP 2026 3:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত ঐতিহাসিক আন্তৰ্জাতিক মহাকাশ সন্মিলনত ভাষণ প্ৰদান কৰে। সময়োপযোগী পদক্ষেপ গ্ৰহণ আৰু সন্মিলনলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। এই গুৰুত্বপূৰ্ণ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয়, "প্ৰথমখন আন্তৰ্জাতিক মহাকাশ সন্মিলনৰ অংশ ল’বলৈ পাই মই অতিশয় আনন্দিত হৈছো।"

 

মহাকাশৰ প্ৰতি মানৱজাতিৰ চিৰন্তন আকৰ্ষণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শ শ বছৰ ধৰি মহাকাশে মানুহৰ কল্পনাক অনুপ্ৰাণিত কৰি আহিছে। বৰ্তমান সময়ত মহাকাশ প্ৰযুক্তিয়ে জলবায়ু, কৃষি, মহাসাগৰৰ পৰা আৰম্ভ কৰি সমাজৰ সৰ্বাঙ্গীণ বিকাশলৈকে পৃথিৱীৰ দৈনন্দিন জীৱন যাত্ৰাক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিছে। তেওঁ উল্লেখ কৰে, "মহাকাশৰ সম্ভাৱনা অপাৰ আৰু ইয়াৰ প্ৰতি আমাৰ দায়িত্বও সামূহিক।"

 

মহাকাশীয় পৰিৱেশৰ ক্ৰমবৰ্ধমান জটিলতা সম্পৰ্কে সতৰ্ক কৰি দি প্ৰধানমন্ত্ৰীয়ে কয় যে কক্ষপথসমূহ ক্ৰমান্বয়ে জনবহুল হৈ পৰাৰ লগতে প্ৰযুক্তি অধিক শক্তিশালী আৰু বিশ্বজুৰি অংশগ্ৰহণকাৰীৰ সংখ্যাও বৃদ্ধি পাইছে। এনে প্ৰেক্ষাপটত গোলকীয় অংশীদাৰিত্বই হ্ৰস্বম্যাদী স্বাৰ্থৰ বিপৰীতে দীৰ্ঘম্যাদী স্থায়িত্বক অগ্ৰাধিকাৰ দিয়াটো অত্যন্ত জৰুৰী। প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ সিদ্ধান্ত স্পষ্ট হ’ব লাগিব—সংঘাত ত্যাগ কৰি সহযোগিতা, হ্ৰস্বম্যাদী লাভৰ বিপৰীতে স্থায়িত্ব আৰু বৰ্জনৰ সলনি অন্তৰ্ভুক্তিক আদৰি ল’ব লাগিব।"

 

ভাৰতীয় প্ৰাচীন দৰ্শনক মহাকাশ গৱেষণাৰ সৈতে একত্ৰিত কৰি প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ সকলো পদক্ষেপ 'বসুধৈৱ কুটুম্বকম্'—অৰ্থাৎ ' পৃথিৱীখন এটা পৰিয়াল, এটা ভৱিষ্যত'ৰ মহান নীতিৰ ওপৰত প্ৰতিষ্ঠিত। এখন সুৰক্ষিত আৰু সাৰ্বজনীন মহাকাশ ক্ষেত্ৰ গঢ়ি তুলিবলৈ এই ঐক্যবদ্ধ ভাৱনাক পৃথিৱীৰ সীমাৰ ঊৰ্ধ্বত সম্প্ৰসাৰিত কৰাৰ আহ্বান জনাই তেওঁ কয়, "আমি আন্তৰ্জাতিক আইন, গঠনমূলক আলোচনা আৰু বহুপাক্ষিক সহযোগিতাৰে পুষ্ট এখন সুৰক্ষিত, শান্তিপূৰ্ণ তথা স্থায়ী মহাকাশ ক্ষেত্ৰৰ পোষকতা কৰো।"

 

স্বচ্ছ আৰু দায়িত্বশীল গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ব্যক্ত কৰে যে ভাৰতৰ মহাকাশ অভিযান বিশ্বজনীন কল্যাণৰ আদৰ্শেৰে পৰিচালিত। মানৱজাতিৰ সামূহিক প্ৰগতিৰ বাবে বৈজ্ঞানিক তথ্যৰ নৈতিক সংৰক্ষণ আৰু ভাগ-বাটোৱাৰা অপৰিহাৰ্য বুলি দোঁহাৰি তেওঁ কয়, "বৈজ্ঞানিক তথ্য আৰু জ্ঞান মুক্ত মন তথা সম্পূৰ্ণ সততাৰে সমগ্ৰ মানৱজাতিৰ কল্যাণত নিয়োজিত হ'ব লাগে।"

 

দেশৰ মহাকাশ উদ্যোগৰ সফলতাৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে বতৰৰ পূৰ্বাভাস, দুৰ্যোগ ব্যৱস্থাপনা আৰু যোগাযোগ ব্যৱস্থাত উপগ্ৰহ প্ৰযুক্তিৰ ব্যৱহাৰিক অৱদানৰ কথা উল্লেখ কৰে। এনে আধুনিক প্ৰযুক্তিয়ে কৃষক আৰু মাছমৰীসকলকে ধৰি একদম তৃণমূল পৰ্যায়ৰ ৰাইজক প্ৰত্যক্ষভাৱে উপকৃত কৰিছে। এই প্ৰসংগত তেওঁ কয়, "মহাকাশ যাত্ৰাৰ কেন্দ্ৰবিন্দুত থকা 'ইছৰো'ৱে নিজৰ উৎকৃষ্টতা আৰু সুলভ অভিযানসমূহৰ বাবে বিশ্বজুৰি সমাদৰ লাভ কৰিছে।"

 

মহাকাশ উৎক্ষেপণ সেৱাত ভাৰতৰ আন্তৰ্জাতিক সফলতাৰ বুজ লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় ৰকেটৰ জৰিয়তে সফলভাৱে ৩৪খন দেশৰ ৪৩০টাৰো অধিক পেলোড মহাকাশলৈ প্ৰেৰণ কৰা হৈছে। এই যৌথ বৈজ্ঞানিক প্ৰচেষ্টাসমূহৰ বিশ্বজনীন উপযোগিতাৰ কথা উল্লেখ কৰি তেওঁ কয়, "ইছৰোৰ প্ৰযুক্তি আৰু মৈত্ৰীয়ে কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে সেৱা কৰিছে।"

 

এই প্ৰাতিষ্ঠানিক সাফল্যৰ সমগ্ৰ কৃতিত্ব দেশৰ মানৱ সম্পদক অৰ্পণ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় বিজ্ঞানী, অভিযন্তা আৰু প্ৰযুক্তিবিদসকলৰ ধাৰাবাহিক সমৰ্পিত সেৱাক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টাই ভাৰতক বিশ্বৰ মহাকাশ গৱেষণা খণ্ডত এক গৌৰৱোজ্জ্বল স্থানত অধিষ্ঠিত কৰিছে। "দিনে-ৰাতিয়ে কাম কৰি আমাৰ বিজ্ঞানীসকলে প্ৰতিটো সফল অভিযানেৰে ইছৰোৰ গোলকীয় ভাবমূৰ্তি উজ্জ্বল কৰি তুলিছে,"—প্ৰধানমন্ত্ৰীয়ে কয়।

 

মহাকাশ বিজ্ঞানত ভাৰতৰ ঐতিহাসিক সাফল্যৰ তালিকা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে 'আদিত্য-এল১' অভিযানে বৰ্তমান সূৰ্যৰ নিগূঢ় ৰহস্য উদ্ঘাটনত ব্ৰতী হৈ আছে, আনহাতে যোৱা বছৰ এজন ভাৰতীয় মহাকাশচাৰীয়ে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰিছে। চন্দ্ৰপৃষ্ঠত অৱতৰণৰ ঐতিহাসিক মুহূৰ্তটোক স্মৰণ কৰি তেওঁ গৌৰৱেৰে কয়, "চন্দ্ৰযান-৩ৰ সাফল্যৰ জৰিয়তে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে ইতিহাস সৃষ্টি কৰিলে।"

 

ৰাষ্ট্ৰীয় মহাকাশ পথনক্সাৰ ভবিষ্যৎ লক্ষ্যসমূহ দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে ভাৰতে ২০৩৫ চনৰ ভিতৰত স্বদেশী মহাকাশ কেন্দ্ৰ স্থাপন কৰিব আৰু ২০৪০ চনৰ ভিতৰত চন্দ্ৰলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব। এই সমগ্ৰ দীৰ্ঘম্যাদী প্ৰচেষ্টা এক মূল উদ্দেশ্যৰে পৰিচালিত বুলি উল্লেখ কৰি তেওঁ কয়, "আমাৰ সকলো প্ৰচেষ্টাৰ মূল মাৰ্গদৰ্শী নীতি হৈছে—ইয়াৰ সুফল যাতে সমগ্ৰ মানৱজাতিৰ ওচৰলৈ সম্প্ৰসাৰিত হয়।"

 

দেশৰ ব্যক্তিগত মহাকাশ খণ্ডৰ দ্ৰুত বিকাশৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰী প্ৰতিষ্ঠানসমূহৰ সমান্তৰালভাৱে ভাৰতৰ ব্যক্তিগত খণ্ডয়ো মহাকাশ বিজ্ঞানত এক নতুন বিপ্লৱৰ সূচনা কৰিছে। নতুন ষ্টাৰ্টআপ আৰু অভিজ্ঞ প্ৰতিষ্ঠানসমূহৰ যৌথ প্ৰচেষ্টাক প্ৰশংসা কৰি তেওঁ কয়, "ব্যৱসায়িক খণ্ডৰ নতুন উদ্যম এতিয়া ইছৰোৰ প্ৰতিভা আৰু উৎকৃষ্টতাৰ সৈতে একত্ৰিত হৈছে।"

 

ফ্ৰান্সৰ সৈতে থকা দ্বিপাক্ষিক সম্পৰ্কক বিশেষ গুৰুত্ব দি প্ৰধানমন্ত্ৰীয়ে ১৯৬০ৰ দশকত থুম্বাত ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ সূচনা পৰ্বৰ পৰাই ফ্ৰান্স ভাৰতৰ এক বিশ্বাসযোগ কৰ্মী আৰু অংশীদাৰ বুলি সোঁৱৰণ কৰে। বৰ্তমান সময়ত এই যৌথ প্ৰচেষ্টাই উন্নত গৱেষণাক সামাজিক কল্যাণৰ সৈতে সফলতাৰে সংযোজিত কৰিছে। তেওঁ কয়, "আজি আমাৰ সহযোগিতা পৃথিৱী পৰ্যবেক্ষণৰ পৰা আৰম্ভ কৰি অত্যাধুনিক প্ৰযুক্তিলৈ সম্প্ৰসাৰিত হৈছে, যিয়ে বৈজ্ঞানিক সাফল্যক মানৱীয় উদ্দেশ্যৰ সৈতে সুন্দৰভাৱে একত্ৰিত কৰিছে।"

 

আন্তৰ্জাতিক অংশীদাৰসকলক মুকলি আমন্ত্ৰণ জনাই প্ৰধানমন্ত্ৰীয়ে অনাগত অন্বেষণ অভিযানসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ বিশ্ব সম্প্ৰদায়ক আহ্বান জনায়। মহাকাশ গৱেষণাৰ নতুন দিগন্ত উন্মোচনত একেলগে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰি তেওঁ কয়, "আমি ফ্ৰান্সৰ লগতে সমগ্ৰ বিশ্বক ভাৰতৰ পৰৱৰ্তী মহাকাশ যাত্ৰাত সহযাত্ৰী হ'বলৈ সাদৰেৰে আমন্ত্ৰণ জনাইছো।"

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে সন্মিলনত উপস্থিত সকলো বিশিষ্ট প্ৰতিনিধিক শুভেচ্ছা জ্ঞাপন কৰে। একেলগে অন্বেষণ আৰু উদ্ভাৱনৰ জৰিয়তে মহাকাশীয় পৰিৱেশ সংৰক্ষণ কৰিবলৈ বিশ্ববাসীক আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, "পেৰিছ মহাকাশ সন্মিলনে বিশ্ববাসীৰ ওচৰত স্পষ্ট বাৰ্তা প্ৰেৰণ কৰক—সমগ্ৰ মানৱজাতি আৰু অনাগত প্ৰজন্মৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমি একেলগে অন্বেষণ কৰিম, একেলগে উদ্ভাৱন কৰিম আৰু একেলগে মহাকাশ সুৰক্ষিত কৰিম।"

***


MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2309157) অতিথি কক্ষ : 6