উপ-ৰাষ্ট্ৰপতি সচিবালয়
মইৰাঙত থকা আই এন এ সংগ্ৰহালয় আৰু ইম্ফলৰ সৈনিক স্কুল পৰিদৰ্শন কৰিলে উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে
উত্তৰ-পূব ভাৰতৰ এক অবিচ্ছেদ্য তথা অনন্য অংগ; ইয়াৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু অৱদান সঁচাকৈয়ে প্ৰশংসনীয়: উপ-ৰাষ্ট্ৰপতি
এক ভাৰত-শ্ৰেষ্ঠ ভাৰতৰ মনোভাব শক্তিশালী কৰাত সৈনিক বিদ্যালয়ৰ বিশেষ ভূমিকা আছে : উপ-ৰাষ্ট্ৰপতি
প্ৰতিদিনে বিকশিত ভাৰতলৈ অৰিহণা যোগোৱাৰ বাবে নিজৰ কৰ্তব্য পালন কৰি যাওক: ইম্ফলৰ সৈনিক বিদ্যালয়ৰ কেডেটসকলৰ প্ৰতি উপ-ৰাষ্ট্ৰপতিৰ আহ্বান
উপ-ৰাষ্ট্ৰপতিয়ে কেডেটসকলক দেশপ্ৰেম আৰু সততাৰ কালজয়ী মূল্যবোধক প্ৰযুক্তিগত সজাগতা তথা অভিযোজন ক্ষমতাৰ সৈতে সংযুক্ত কৰিবলৈ আহ্বান জনায়
পোষ্ট কৰা হৈছে:
08 SEP 2026 4:30PM by PIB Guwahati
ইণ্ডিয়ান নেচনেল আৰ্মীৰ বীৰত্ব আৰু ত্যাগক শ্ৰদ্ধাঞ্জলি জনাই আজি উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে মণিপুৰৰ মইৰাংস্থিত আই এন এ সংগ্ৰহালয় পৰিদৰ্শন কৰে। ভাৰতীয় মূল ভূখণ্ডত আই এন এৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতীয় ত্ৰিৰংগা উত্তোলন কৰা ঐতিহাসিক স্থান পৰিদৰ্শন কৰি আই এন এ ৱাৰ মিউজিয়ামৰ গেলেৰীও তেওঁ পৰিদৰ্শন কৰে। তেওঁ লগতে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰৱৰ্তী সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ইম্ফলৰ সৈনিক স্কুল পৰিদৰ্শন কৰি যুদ্ধ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সৈনিক স্কুলখনৰ কেডেটসকলে তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে।
মইৰাঙৰ সৈনিক স্কুল ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামত আই এন এৰ ঐতিহাসিক ভূমিকাৰ কথা স্মৰণ কৰে। তেওঁ উল্লেখ কৰে যে তামিলনাডুকে ধৰি সমগ্ৰ দেশৰ কেইবাগৰাকীও স্বাধীনতা সংগ্ৰামীয়ে আই এন এত যোগদান কৰি দেশৰ বাবে সৰ্বোচ্চ বলিদান দিছিল।
নেতাজী সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় ত্ৰিৰংগা উত্তোলন কৰা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভ্ৰমণৰ কথা স্মৰণ কৰি তেওঁ কয় যে এই ঐতিহাসিক স্থানসমূহে নৱ প্ৰজন্মক ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ সাহস, দেশপ্ৰেম আৰু ত্যাগৰ কথা সোঁৱৰাই দিয়ে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এটা প্ৰতিষ্ঠানৰ প্ৰকৃত উত্তৰাধিকাৰ কেৱল ইয়াৰ অট্টালিকা বা অভিলেখতেই সীমাৱদ্ধ হৈ নাথাকে , ইয়াৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ চৰিত্ৰতো সেয়া প্ৰতিফলিত হয়। তেওঁ কেডেটসকলক অনুশাসন, সাহস আৰু নেতৃত্বৰ বিকাশৰ বাবে আহ্বান জনায়। “যদি আপোনালোক কম প্ৰতিভাশালীও হয় তথাপি অনুশাসনৰ দ্বাৰা আপোনালোক জিলিকি উঠিব,” অনুশাসনে উৎকৃষ্টতাৰ ভেটি প্ৰদান কৰে বুলি উল্লেখ কৰি শ্ৰী চি পি ৰাধাকৃষ্ণণে কয়। সাহসৰ প্ৰসংগত তেওঁ কয় যে প্ৰকৃত সাহসৰ অৰ্থ হ’ল কাৰোবাক কোনোবাই অযথা ক্ষতি কৰিলে ক্ষতিগ্ৰস্তজনৰ পক্ষত থিয় দিয়াটো। নেতৃত্বৰ ক্ষেত্ৰত তেওঁ কয় যে এজন প্ৰকৃত নেতাই দায়িত্ব গ্ৰহণ কৰে, আদৰ্শ দাঙি ধৰে, আনৰ কথা শুনে আৰু সঠিক সিদ্ধান্ত ল’বলৈ নৈতিক সাহস বজাই ৰাখে। জাতীয় সংহতিৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি শ্ৰী চি পি ৰাধাকৃষ্ণণে কয় যে ভাৰতৰ ভাষা, পৰম্পৰা আৰু অঞ্চলৰ বৈচিত্ৰ্যক এক অংশীদাৰী জাতীয় পৰিচয়েৰে একত্ৰিত কৰা হৈছে। তেওঁ কয় যে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱক শক্তিশালী কৰাৰ ক্ষেত্ৰত সৈনিক বিদ্যালয়সমূহৰ বিশেষ ভূমিকা আছে, কিয়নো ইয়াত বিভিন্ন পটভূমিৰ ছাত্ৰ-ছাত্ৰীয়ে একেলগে শিকে, প্ৰশিক্ষণ লয়, খাদ্য গ্ৰহণ কৰে আৰু খেলে।
প্ৰযুক্তিগত পৰিৱৰ্তনৰ দ্ৰুত গতিৰ কথা উল্লেখ কৰি তেওঁ কেডেটসকলক অনুশাসন, সততা আৰু দেশপ্ৰেমৰ কালজয়ী মূল্যবোধ সংৰক্ষণ কৰাৰ লগতে সময়ৰ সৈতে খাপ খোৱাৰ লগতে উদ্ভাৱনী তথা প্ৰযুক্তিগতভাৱে সচেতন হ’বলৈও আহ্বান জনায়। তেওঁ কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ প্ৰযুক্তি, জৈৱ প্ৰযুক্তি, চাইবাৰ সুৰক্ষা আৰু ৰবটিক্সৰ দৰে উদীয়মান ক্ষেত্ৰসমূহক নৱ প্ৰজন্মক নতুন সুযোগ প্ৰদান কৰা ক্ষেত্ৰ হিচাপে উল্লেখ কৰে।
কেডেটসকলৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ এক অবিচ্ছেদ্য তথা সুন্দৰ অংগ বুলি অভিহিত কৰি ইয়াৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু অৱদানৰ প্ৰশংসা কৰে। পৰিৱৰ্তন পৃথিৱীৰ একমাত্ৰ ধ্ৰুৱক কথাষাৰৰ বিষয়ত আলোকপাত কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পৰিৱৰ্তনৰ লগত নিজকে খাপ খুৱাই লৈ ভালখিনি বজাই ৰাখিবলৈ উৎসাহিত কৰে ।
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ চেলুলাৰ জেল ভ্ৰমণৰ প্ৰসংগত শিক্ষাৰ্থীসকলে সোধা এক প্ৰশ্নৰ উত্তৰত শ্ৰী চি পি ৰাধাকৃষ্ণণে ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলে সহ্য কৰা কষ্টসমূহ বুজিবলৈ ঐতিহাসিক স্থান পৰিদৰ্শন কৰিবলৈ উৎসাহিত কৰে। তেওঁ কয় যে এনে ভ্ৰমণে দেশপ্ৰেমৰ প্ৰেৰণা যোগায় আৰু স্বাধীনতা সংগ্ৰামৰ সময়ত বহুতে কৰা ত্যাগৰ কথা নৱপ্ৰজন্মক সোঁৱৰাই দিয়ে। উন্নত ভাৰত গঢ়াত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে নিজৰ সামৰ্থ্য অনুসৰি নিজৰ কৰ্তব্য পালন কৰি অৰিহণা যোগাব পাৰে। তেওঁ কয় যে প্ৰতিদিনে নিজৰ শ্ৰেষ্ঠ কাম কৰিলে সেই কামে সামূহিকভাৱে বিকশিত ভাৰতৰ বাস্তৱায়নত অৰিহণা যোগাব।
এই ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মণিপুৰৰ ৰাজ্যপাল শ্ৰীযুত অজয় কুমাৰ ভল্লা, মুখ্যমন্ত্ৰী শ্ৰীযুত ৱাই খেমচান্দ সিং, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰীমতী দীপ্তি মহিল চাওলা, মেজৰ জেনেৰেল শুভংকৰ বসু, ভি এছ এম, সৈনিক স্কুল ছ’চাইটিৰ পৰিদৰ্শন বিষয়া, প্ৰতিৰক্ষা মন্ত্ৰালয়, ব্ৰিগেডিয়াৰ অমিত চেটাৰ্জী আৰু সৈনিক স্কুল ইম্ফলৰ অধ্যক্ষ কৰ্ণেল এ ৰাজীৱকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
***
PR/ASM/VM/DM
(ৰিলিজ আই ডি : 2307914)
অতিথি কক্ষ : 15