গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

পানাজীত গোৱা আৰক্ষীক ‘প্ৰেছিডেণ্টছ কালাৰ’ সন্মান প্ৰদান কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

গোৱা আৰক্ষীক ‘প্ৰেছিডেণ্টছ কালাৰ’ প্ৰদান কৰাটো হৈছে ইয়াৰ আঠ দশকজোৰা নিৰৱচ্ছিন্ন সেৱা আৰু শৌৰ্যৰ এক ৰাষ্ট্ৰীয় স্বীকৃতি

গোৱা আৰক্ষীয়ে ৰাজ্যখনৰ বিশাল উপকূলীয় অঞ্চল সুৰক্ষিত কৰা, পৰ্যটকৰ নিৰাপত্তা নিশ্চিত কৰা আৰু অৰ্থনীতি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই নিজৰ দায়িত্ব দক্ষতাৰে পালন কৰিছে

আগন্তুক দিনবোৰত ১৯৩০ হেল্পলাইন নম্বৰটো দেশক সকলো প্ৰকাৰৰ চাইবাৰ প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰাৰ এক শক্তিশালী ঢাল হৈ পৰিব

১৯৩০ হেল্পলাইনৰ বাবে গোৱা আৰক্ষীয়ে মুকলি কৰা এআই -ভিত্তিক কল এজেণ্টে সংবিধানৰ অষ্টম সূচীত অন্তর্ভুক্ত সকলো ভাষাতে অভিযোগ পঞ্জীয়ন কৰি সঠিক কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব

গোৱা আৰক্ষীৰ জৰুৰীকালীন হেল্পলাইন সেৱা ১১২ৰ অধীনত আৰক্ষীৰ সঁহাৰিৰ সময় ১৮ মিনিটৰ পৰা মাত্ৰ ৮ মিনিটলৈ হ্ৰাস কৰা হৈছে

নতুন ন্যায় সংহিতাত প্ৰযুক্তি, সংবেদনশীলতা, অগ্ৰাধিকাৰ আৰু ক্ষিপ্ৰ ন্যায় প্ৰদানৰ ক্ষমতাৰ দৰে দিশসমূহ অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে আৰক্ষী ব্যৱস্থাৰ এক বৃহৎ আধুনিকীকৰণক সূচায়

মাত্ৰ এবছৰৰ ভিতৰত গোৱা আৰক্ষীয়ে অপৰাধীৰ দোষী সাব্যস্তকৰণৰ হাৰ ৩০% বৃদ্ধি কৰিলে; এই হাৰ ২৩%ৰ পৰা ৫৩%লৈ বৃদ্ধি পাইছে

গোৱা আৰক্ষীৰ অমৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

‘নিচামুক্ত ভাৰত’ গঢ়ি তোলাৰ বাবে ২০২৬-২০২৯ চনৰ বাবে এখন ৰূপৰেখা প্ৰস্তুত কৰা হৈছে; এই ৰূপৰেখাৰ অধীনত ভাৰতক নিচাজাতীয় দ্ৰব্যৰ পৰা মুক্ত কৰা হ’ব

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে যুঁজতো গোৱা আৰক্ষীয়ে এক অগ্ৰণী বাহিনী হিচাপে আত্মপ্ৰকাশ কৰিব বুলি আশা প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 07 SEP 2026 7:19PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গোৱাৰ ৰাজধানী পানাজীত গোৱা আৰক্ষীক সন্মানীয় ‘প্ৰেছিডেণ্টছ কালাৰ’ সন্মান প্ৰদান কৰে। এই উপলক্ষে গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ ছাৱন্ত, কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শ্ৰীপদ য়েছো নায়ক, কেন্দ্ৰীয় গৃহ সচিব, গোৱাৰ মুখ্য সচিব, গোৱা আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

 

উপস্থিত ৰাইজক সম্বোধন কৰি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে গোৱা আৰক্ষীক ‘প্ৰেছিডেণ্টছ কালাৰ’ প্ৰদান কৰিবলৈ পাই তেওঁ গৌৰৱবোধ কৰিছে। তেওঁ কয় যে আঠ দশকৰ বিশিষ্ট সেৱাৰ পিছত গোৱা আৰক্ষীয়ে আজি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা এই সৰ্বোচ্চ সন্মান গৌৰৱেৰে বহন কৰি দেশৰ অন্যান্য আৰক্ষী বাহিনীৰ সৈতে কান্ধত কান্ধ মিলোৱাত সক্ষম হৈছে। শ্ৰী শ্বাহে কয় যে ‘প্ৰেছিডেণ্টছ কালাৰ’ লাভ কৰা ৰাজ্যসমূহৰ আৰক্ষী বাহিনীয়ে তেওঁলোকৰ গৌৰৱময় ইতিহাস, পেছাদাৰী শ্ৰেষ্ঠত্ব, সাহস, অনুশাসন আৰু নিষ্ঠাৰ বাবে এই সন্মানীয় পুৰস্কাৰ লাভ কৰিছে। তেওঁ কয় যে গোৱা এখন সৰু যদিও অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজ্য। ৰাজ্য গঠনৰ লগে লগে গোৱা আৰক্ষীক এখন সুৰক্ষিত চহৰ, সুৰক্ষিত সমাজ আৰু সুৰক্ষিত সামুদ্ৰিক সীমা নিশ্চিত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। ৰাজ্য গঠনৰ পৰাই গোৱা আৰক্ষীয়ে এই তিনিওটা দায়িত্ব সফলতাৰে পালন কৰি ৰাষ্ট্ৰীয় নিৰাপত্তালৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

শ্ৰী অমিত শ্বাহে কয় যে এখন বিকশিত ৰাষ্ট্ৰৰ বাবে প্ৰথম আৰু প্ৰধান চৰ্ত হ’ল ইয়াৰ সম্পূৰ্ণ আভ্যন্তৰীণ নিৰাপত্তা আৰু সীমাৰ নিৰাপত্তা নিশ্চিত কৰা। তেওঁ কয় যে আভ্যন্তৰীণ নিৰাপত্তা আৰু সীমা সুৰক্ষা—এই উভয় দায়িত্ব পালন কৰাৰ গৌৰৱ গোৱাৰ আছে। গোৱাৰ বিশাল সামুদ্ৰিক সীমা সুৰক্ষিত কৰাৰ দায়িত্ব গোৱা আৰক্ষীৰ ওপৰত ন্যস্ত। এই দায়িত্ব দক্ষতাৰে পালন কৰি গোৱা আৰক্ষীয়ে পৰ্যটকৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে শক্তিশালী অৰ্থনীতিত অৱদান আগবঢ়াই প্ৰশংসনীয় কাম কৰিছে।

 

এই উপলক্ষে গৃহ মন্ত্ৰীগৰাকীয়ে কৰ্তব্যৰ খাতিৰত প্ৰাণ আহুতি দিয়া অমৰ শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিশেষকৈ আৰক্ষী কৰ্মী বলৰাম সিন্দে, অভিষেক শ্বেৰ, শৈলেশ গাওঁকাৰ আৰু বিশ্বাস বি দেকাৰক শ্ৰদ্ধাৰে সুঁৱৰি তেওঁ কয় যে তেওঁলোকৰ উৎসৰ্গিত সেৱাই গোৱা আৰক্ষীক এই সন্মান অৰ্জন কৰাত এক বিশেষ অৱদান আগবঢ়াইছে।

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বিশ্ব কূটনৈতিক পৰিমণ্ডলত ভাৰতৰ প্ৰভাৱ দিনক দিনে ক্ৰমান্বয়ে সম্প্ৰসাৰিত হৈছে। তেওঁ কয় যে বিগত বৰ্ষত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু পৰৱৰ্তী সময়ত উপসাগৰীয় অঞ্চলত ইৰানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ বাবে বিশ্ব কূটনৈতিক পৰিস্থিতিত তীব্ৰ অস্থিৰতাৰ সৃষ্টি হৈছিল। এনে এক প্ৰত্যাহ্বানজনক পৰিবেশত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে একেটা বছৰতে ২২খন দেশ ভ্ৰমণ কৰাৰ বিপৰীতে প্ৰায় ১৫খন দেশৰ ৰাষ্ট্ৰপ্ৰধানে ভাৰত ভ্ৰমণ কৰে। শ্ৰী শ্বাহে কয় যে সমগ্ৰ বিশ্বই অৰ্থনৈতিক অনিশ্চয়তাৰ সৈতে যুঁজি থকাৰ সময়তে ভাৰতে অবিৰত আলোচনাই অৰ্থনৈতিক গতি ৰক্ষা কৰিবলৈ সক্ষম হৈছে। প্ৰতিৰক্ষা, প্ৰযুক্তি, শক্তি, বিনিয়োগ আৰু বাণিজ্যকে ধৰি বিভিন্ন খণ্ডত কেইবাটাও গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে।

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৬ চনৰ ভিতৰত ভাৰতে ৯খন মুক্ত বাণিজ্য চুক্তি (FTA) সম্পূৰ্ণ কৰিছে। এই চুক্তিসমূহ এতিয়া ৩৮খন দেশৰ সৈতে ফলপ্ৰসূ বাণিজ্য ব্যৱস্থা হিচাপে প্ৰতিষ্ঠা হৈছে। সংযুক্ত আৰৱ আমীৰশ্বাহী, অষ্ট্ৰিয়া, অষ্ট্ৰেলিয়া, যুক্তৰাজ্য, ওমান, নিউজিলেণ্ড আৰু ইউৰোপীয় ইউনিয়নৰ সৈতে হোৱা চুক্তিসমূহে ভাৰতৰ বাণিজ্যক এক নতুন গতি প্ৰদান কৰিছে। চলিত বৰ্ষৰ প্ৰথম তিনিমাহত ভাৰতৰ জিডিপি (GDP) বৃদ্ধিৰ হাৰ ৭.৮ শতাংশ পোৱাতো ইয়াৰ এক স্পষ্ট প্ৰমাণ। তেওঁ কয় যে ভাৰতে কেৱল অৰ্থনৈতিক প্ৰগতিয়েই অৰ্জন কৰা নাই, বৰঞ্চ ‘ভেকচিন মৈত্ৰী’, 'ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ'ৰ সফলতা বিশ্ববাসীক অংশগ্ৰহণ কৰোৱা আৰু দুৰ্যোগ সাহায্য তথা সক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত কেইবাখনো দেশক সহায় আগবঢ়াই বিশ্ব সম্প্ৰদায়লৈ বিশেষ অৱদান আগবঢ়াইছে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ কূটনৈতিক স্থিতিয়ে আজি বিশ্ব মঞ্চত এক অনন্য স্থান দখল কৰিছে। তেওঁ কয় যে যেতিয়াই কোনো ডাঙৰ গোলকীয় সমস্যাৰ সৃষ্টি হয়, তেতিয়াই বিশ্বই এই বিষয়ত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী আৰু মতামতৰ বাবে অপেক্ষা কৰে। শ্ৰী শ্বাহে কয় যে সুদীৰ্ঘ ব্যৱধানৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতক পুনৰ এই মৰ্যাদা আৰু স্বীকৃতি ঘূৰাই আনি দিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ গঢ়ি তোলাৰ সংকল্প দেশবাসীৰ আগত দাঙি ধৰিছে। এই লক্ষ্যই আৰম্ভণিতে বিভিন্ন প্ৰত্যাহ্বান আৰু সংশয়ৰ সন্মুখীন হৈছিল যদিও অতি কম সময়ৰ ভিতৰতে ই ১৪০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পলৈ ৰূপান্তৰিত হৈছে। তেওঁ কয় যে প্ৰতিগৰাকী ভাৰতীয় এতিয়া আশাবাদী যে ২০৪৭ চনৰ ১৫ আগষ্টৰ ভিতৰত ভাৰতে প্ৰতিটো খণ্ডতে বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব।

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ডিজিটেল অৰ্থনীতিৰ সম্প্ৰসাৰণৰ লগে লগে চাইবাৰ প্ৰৱঞ্চনাৰ ভাবুকি সমগ্ৰ বিশ্বতে অনুভৱ কৰা হৈছে আৰু ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সকলো ৰাজ্যৰ সৈতে প্ৰত্যক্ষ আলোচনা আৰম্ভ কৰিছে। তেওঁ কয় যে আগন্তুক দিনবোৰত ১৯৩০ হেল্পলাইন নম্বৰটোৱে সকলো ধৰণৰ চাইবাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে এক শক্তিশালী ঢাল হিচাপে কাম কৰিব। তেওঁ কয় যে গোৱা আৰক্ষীয়ে ১৯৩০ হেল্পলাইনৰ বাবে এটা এআইভিত্তিক কল এজেণ্ট মুকলি কৰি এই দিশত এখোজ আগবাঢ়িছে। এই পদক্ষেপত গোৱা আৰক্ষী দেশৰ অন্যান্য ৰাজ্যতকৈ আগবাঢ়ি আছে। তেওঁ কয় যে এই হেল্পলাইনে কংকণী, মাৰাঠী আৰু হিন্দী ভাষাত অভিযোগ পঞ্জীয়ন কৰিবলৈ সক্ষম কৰিব। তদুপৰি, এই সেৱাই অন্যান্য ভাৰতীয় ভাষাতো অভিযোগ পঞ্জীয়নৰ সুবিধা প্ৰদান কৰিব আৰু তাক উপযুক্ত কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব। শ্ৰী শ্বাহে কয় যে দেশ-বিদেশৰ বৃহৎ সংখ্যক পৰ্যটকে গোৱা ভ্ৰমণ কৰে। সেয়েহে, মুখ্যমন্ত্ৰীয়ে নিজৰ দূৰদৰ্শিতা দেখুৱাই এআই এজেণ্টক কেৱল কংকণী আৰু মাৰাঠী ভাষাতে সীমাৱদ্ধ নাৰাখি সংবিধানৰ অষ্টম সূচীত অন্তৰ্ভুক্ত সকলো ভাষাক অন্তৰ্ভুক্ত কৰিবলৈ সম্প্ৰসাৰণ কৰাটো নিশ্চিত কৰে। পৰ্যটকৰ সুবিধাৰ বাবেও ই এক গুৰুত্বপূৰ্ণ আৰু দূৰদৰ্শী পদক্ষেপ বুলি তেওঁ উল্লেখ কৰে।

 

শ্ৰী অমিত শ্বাহে কয় যে গোৱা আৰক্ষীয়ে আৰম্ভণিৰে পৰাই প্ৰতিটো খণ্ডতে প্ৰশংসনীয় কাম কৰি আহিছে। তেওঁ কয় যে ক্ৰীড়া খণ্ডত শ্ৰেষ্ঠত্ব অর্জন কৰাটো গোৱা আৰক্ষীৰ এক বিশেষ বৈশিষ্ট্য। ২০২৯ চনত ভাৰতত 'আন্তঃৰাষ্ট্ৰীয় আৰক্ষী ক্ৰীড়া প্ৰতিযোগিতা' অনুষ্ঠিত হ’ব, য’ত আৰক্ষী আৰু অগ্নিনির্বাপক সেৱাৰ কৰ্মীসকলৰ বাবেও ক্ৰীড়া প্ৰতিযোগিতা থাকিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে গোৱা আৰক্ষীৰ সকলো কৰ্মীসকলক এই সন্মানীয় প্ৰতিযোগিতাত ভাৰত যাতে পদক তালিকাত পিছপৰি নাথাকে তাৰ বাবে এতিয়াৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিবলৈ আৰু সম্পূৰ্ণ উৎসাহেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে গোৱা আৰক্ষীয়ে কেৱল ফুটবলতে নহয়, অন্যান্য ক্ৰীড়া খণ্ডতো শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলাব লাগে। গোৱাৰ দীঘলীয়া উপকূলীয় অঞ্চল আৰু ১৫ লক্ষাধিক জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী বাহিনীটো শাৰীৰিকভাৱে সুস্থ আৰু সক্ৰিয় হৈ থকাটো অত্যন্ত প্ৰয়োজনীয়। ক্ৰীড়া হৈছে আৰক্ষী কৰ্মীসকলক শাৰীৰিকভাৱে সুস্থ, সক্ষম আৰু সতৰ্ক কৰি ৰখাৰ এক শক্তিশালী মাধ্যম।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আঠ দশক ধৰি গোৱা আৰক্ষীৰ অংগীকাৰ আৰু মূল মন্ত্ৰ ‘শান্তি, সেৱা আৰু ন্যায়’ই গোৱাক সুৰক্ষিত কৰি ৰাখিছে। সেইবাবেই গোৱা আৰক্ষীয়ে কেৱল গোৱাৰ ৰাইজৰ পৰাই নহয়, সমগ্ৰ দেশৰ পৰাই ধাৰাবাহিকভাৱে প্ৰশংসা লাভ কৰি আহিছে। তেওঁ কয় যে জৰুৰীকালীন সেৱা ১১২ৰ অধীনত আৰক্ষীৰ সঁহাৰিৰ সময়, যিটো আগতে ১৮ মিনিট আছিল, এতিয়া মাত্ৰ ৮ মিনিটলৈ হ্ৰাস কৰা হৈছে। ৰাইজৰ সেৱাৰ ক্ষেত্ৰত ই এক ডাঙৰ উন্নতি। প্ৰায় ২০,০০০টা ফোন কলত খৰতকীয়া সহায় আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰি তেওঁ বিশ্বাস প্ৰকাশ কৰে যে অধিক বাহন আৰু দুচকীয়া বাহন সংযোজন কৰাৰ লগে লগে সঁহাৰিৰ সময় ৬ মিনিটতকৈও কম হ’ব। তেওঁ কয় যে 'টুৰিষ্ট পুলিচ উইং' বৃহৎ সংখ্যক পৰ্যটক থকা অন্যান্য ৰাজ্যসমূহৰ বাবে আৰ্হি হিচাপে গঢ়ি উঠিব পাৰে।

 

শ্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ অপৰাধ ন্যায় ব্যৱস্থাত পৰিৱৰ্তন আনিবলৈ তিনিখন নতুন ন্যায় সংহিতা কাৰ্যকৰী কৰা হৈছে। এই সংহিতাসমূহত প্ৰযুক্তি, সংবেদনশীলতা, অগ্ৰাধিকাৰ আৰু দ্ৰুত ন্যায় নিশ্চিত কৰাৰ ক্ষমতাৰ দৰে দিশসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ ইয়াক আৰক্ষী ব্যৱস্থাৰ এক ডাঙৰ সংস্কাৰ বুলি বৰ্ণনা কৰে। কাৰাগাৰ, ফৰেনছিক ছায়েন্স লেবৰেটৰী (FSL), আদালত, অধিবক্তা, আৰক্ষী থানা আৰু হাস্পতালকে ধৰি সমগ্ৰ ব্যৱস্থাটোক প্ৰযুক্তিৰ মাধ্যমেৰে একত্ৰিত কৰা আৰু ইয়াৰ ভিত্তিত ন্যায় প্ৰদান কৰাটো এক ডাঙৰ পদক্ষেপ। তেওঁ কয় যে নতুন অপৰাধ সংহিতা ৰূপায়ণত গোৱা আৰক্ষী কেইবামাহো ধৰি দেশৰ ভিতৰতে প্ৰথম স্থানত আছিল। বৰ্তমান ৯৩.৩৮ শতাংশ অগ্ৰগতিৰে ই দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে। গোৱা আৰক্ষীয়ে আটাইকেইটা ৯টা মানদণ্ডতে ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়াইছে। শ্ৰী শ্বাহে কয় যে মাত্ৰ এবছৰৰ ভিতৰতে গোৱা আৰক্ষীয়ে অপৰাধীৰ দোষী সাব্যস্তকৰণৰ হাৰ ৩০ শতাংশ বৃদ্ধি কৰিছে। পূৰ্বে এই হাৰ আছিল ২৩ শতাংশ; এতিয়া ৫৩ শতাংশ এফআইআৰত দোষী সাব্যস্ত কৰাটো নিশ্চিত কৰা হৈছে, যিটো এক বৃহৎ সাফল্য।

 

গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে গৃহ মন্ত্ৰালয়ে আগন্তুক দিনত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰাৰ সিদ্ধান্ত লৈছে। এই উদ্দেশ্যে ২০২৬ চনৰ পৰা ২০২৯ চনলৈকে এক ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। এই ৰূপৰেখাৰ অধীনত সংশ্লিষ্ট সকলো বিভাগ আৰু সকলো ৰাজ্য চৰকাৰৰ অংশগ্ৰহণেৰে ভাৰতৰ প্ৰতিখন গাঁও আৰু চহৰ নিচাজাতীয় দ্ৰব্যৰ পৰা মুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে যুঁজতো গোৱা আৰক্ষীয়ে এক অগ্ৰণী বাহিনী হিচাপে আত্মপ্ৰকাশ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

***

RK/RR/PR/PS


(ৰিলিজ আই ডি : 2307718) অতিথি কক্ষ : 19