উপ-ৰাষ্ট্ৰপতি সচিবালয়
শ্বিলঙত ৰাজহুৱা অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনৰ; ১,০০০ কোটি টকাকো অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন
২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ সপোন বাস্তৱায়িত কৰিবলৈ প্ৰতিখন ৰাজ্য, গাঁও আৰু প্ৰতিগৰাকী নাগৰিক ‘বিকশিত’ হ’ব লাগিব: উপ-ৰাষ্ট্ৰপতি
প্ৰাক্তন লোকসভাৰ সতীৰ্থ প্ৰয়াত পি এ চাংমাক এগৰাকী মহান নেতা আৰু সাংসদ হিচাপে স্মৰণ উপ-ৰাষ্ট্ৰপতিৰ
পোষ্ট কৰা হৈছে:
07 SEP 2026 7:25PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি শ্বিলঙৰ ছোছো থাম প্ৰেক্ষাগৃহত মেঘালয়ৰ জনসাধাৰণ আৰু ৰাজ্য চৰকাৰে তেওঁৰ সন্মানাৰ্থে আয়োজন কৰা এক ৰাজহুৱা অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। উষ্ম আদৰণিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে মেঘালয়ৰ উন্নয়নৰ যাত্ৰাত তেওঁ সদায় ৰাজ্যবাসীৰ কাষত থিয় দিব।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে মেঘালয়ৰ চহকী সাংস্কৃতিক ঐতিহ্য, প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াৰ মাতৃপ্ৰধান পৰম্পৰাকে ধৰি স্বকীয় সামাজিক ব্যৱস্থাসমূহৰ কথা উল্লেখ কৰে। ৰাজ্যখনৰ সজীৱ তৃণমূল পৰ্যায়ৰ অনুষ্ঠানসমূহে ভাৰতৰ বৈচিত্ৰ্য আৰু গণতান্ত্ৰিক পৰম্পৰাক প্ৰতিফলিত কৰে বুলি তেওঁ মন্তব্য কৰে। লোকসভাৰ তেওঁৰ প্ৰাক্তন সতীৰ্থ প্ৰয়াত পি এ চাংমাক স্মৰণ কৰি তেওঁক এগৰাকী মহান নেতা আৰু প্ৰতিভাবান বক্তা বুলি অভিহিত কৰে, যিয়ে সংসদীয় গণতন্ত্ৰলৈ যথেষ্ট অৱদান আগবঢ়াইছিল।
শ্ৰী চি পি ৰাধাকৃষ্ণনে কয় যে প্ৰকৃত ধৰ্ম নিৰপেক্ষতাৰ অৰ্থ হ’ল ইজনে সিজনৰ চিন্তাধাৰা আৰু বিশ্বাসক শ্ৰদ্ধা কৰা। তেওঁ গুৰুত্ব আৰোপ কৰে যে জনসাধাৰণে পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা আৰু সম্প্ৰীতিৰে একেলগে বাস কৰা উচিত। তেওঁ লগতে দৃঢ়তাৰে কয় যে উন্নয়ন সমাৱেশী আৰু সমাজৰ কোনো এটা শ্ৰেণীও যাতে পিছপৰি নাথাকে সেইটো নিশ্চিত হ’ব লাগিব।
যোগাযোগ ব্যৱস্থাৰ গুৰুত্বৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দুৰ্গম গাঁওসমূহক নগৰ-চহৰৰ সৈতে একত্ৰিত কৰিবলৈ সকলো প্ৰকাৰৰ প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ উল্লেখ কৰে যে যোৱা দশকত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (পিএমজিএছৱাই)ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত ৪৭,০০০ কোটি টকাৰো অধিক ব্যয়েৰে ৪৬,০০০ কিলোমিটাৰৰো অধিক গ্ৰাম্য পথ নিৰ্মাণ কৰা হৈছে। জল জীৱন মিছন ২.০-ৰ অধীনত মেঘালয়ৰ সংস্কাৰভিত্তিক বুজাবুজিৰ চুক্তিকো তেওঁ প্ৰশংসা কৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ১,০১০.৯৫ কোটি টকাৰ পাঁচটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত ‘আৰবান চেলেঞ্জ ফাণ্ড’ৰ অধীনত নিউ শ্বিলং পানী যোগান প্ৰকল্পৰ দ্বিতীয় পৰ্যায়, অংশ ‘ক’ (৮৫০.৫৮ কোটি টকা), নেছিডছৰ অধীনত দুটা পথ যোগাযোগ প্ৰকল্প, শ্বিলং অসামৰিক চিকিৎসালয়ত এটা ৩০খন বিচনাযুক্ত আয়ুষ চিকিৎসা কেন্দ্ৰ আৰু পিএম-ডেভাইনৰ অধীনত মাওখানুত এটা ১৩২/৩৩ কেভি উপ-কেন্দ্ৰ উল্লেখযোগ্য।
তেওঁ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত ৩১.০৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা নংষ্টোইনৰ মাতৃ আৰু শিশু চিকিৎসালয়খনো উদ্বোধন কৰে। তেওঁ কয় যে মুঠ প্ৰায় ১,০৪২ কোটি টকাৰ এই প্ৰকল্পসমূহে মেঘালয়ৰ পানী যোগান, যোগাযোগ, স্বাস্থ্যসেৱা আৰু বিদ্যুৎ আন্তঃগাঁথনি শক্তিশালী কৰিব।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যখনৰ আন্তঃগাঁথনি আৰু পৰ্যটন খণ্ডত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ, যেনে— হোমষ্টে’ কাৰ্যসূচী, চিএম-ইলেভেট আৰু ‘গ্ৰীন মেঘালয়’ৰ ভূয়সী প্ৰশংসা কৰে। ৰাজ্যখনৰ প্ৰগতিৰ বাবে তেওঁ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে. চাংমা, তেওঁৰ মন্ত্ৰীপৰিষদ আৰু মেঘালয়ৰ ৰাইজক অভিনন্দন জনায়।
২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ লক্ষ্য প্ৰসংগ উল্লেখ কৰি শ্ৰী চি পি ৰাধাকৃষ্ণনে মেঘালয়ৰ চহকী পৰিৱেশ, সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা কৰাৰ লগতে উন্নয়ন যাতে সমাৱেশী হয় আৰু সমাজৰ কোনো শ্ৰেণী পিছপৰি নাথাকে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাজ্যখনৰ জীৱন্ত গছৰ সাঁকো (living-root bridges) আৰু ছোহৰা তথা মৌচিনৰামৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে মেঘালয়ে প্ৰকৃতিৰ সৈতে মিলাপ্ৰীতিৰে কেনেকৈ বাস কৰিব লাগে তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে. চাংমা, উপ-মুখ্যমন্ত্ৰীদ্বয় শ্ৰী প্ৰেষ্টন ত্যনছং আৰু শ্ৰী স্নিয়াভালং ধৰ, মন্ত্ৰী শ্ৰী চানবৰ শ্বুল্লাই, মুখ্য সচিব ড° শ্বাকিল পি. আহমেদৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
***
PR/ASM/VMJ/DB
(ৰিলিজ আই ডি : 2307659)
অতিথি কক্ষ : 5