উপ-ৰাষ্ট্ৰপতি সচিবালয়
গুৱাহাটী বিশ্ববিদ্যালয়ত ১১০ কোটি টকা ব্যয়সাপেক্ষ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন উপ-ৰাষ্ট্ৰপতিৰ
উপ-ৰাষ্ট্ৰপতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকা আৰু অসমীয়া অভিধান তত্ত্বৰ ওপৰত গ্ৰন্থ উন্মোচন কৰে
অসমীয়া-তামিল সাহিত্যৰ অনুবাদসমূহে ভাৰতৰ সাংস্কৃতিক ঐক্য প্ৰতিফলিত কৰেঃ উপ-ৰাষ্ট্ৰপতি
ড্ৰাগছক না কওক, সময় ভালদৰে পৰিচালনা কৰক আৰু শৃঙ্খলাবদ্ধ হৈ থাককঃ যুৱপ্ৰজন্মৰ প্ৰতি উপ-ৰাষ্ট্ৰপতিৰ আহ্বান
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীয়ে সমগ্ৰ ভাৰতত উচ্চ শিক্ষাৰ সুযোগ সম্প্ৰসাৰিত কৰিছেঃ উপ-ৰাষ্ট্ৰপতি
শিক্ষা, আন্তঃগাঁথনি আৰু নিয়োগৰ ক্ষেত্ৰত অসমৰ অগ্ৰগতিক প্ৰশংসা উপ-ৰাষ্ট্ৰপতিৰ
পোষ্ট কৰা হৈছে:
07 SEP 2026 2:24PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত ১১০ কোটি টকা ব্যয়সাপেক্ষ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত আছে এক নতুন বহুবিষয়ক শৈক্ষিক ভৱন, এটা নতুন ছাত্ৰাবাস আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী নিবাসৰ লগতে প্ৰেক্ষাগৃহ আৰু পুথিভঁৰালৰ সৈতে সম্পৰ্কিত কাম।
এই উপলক্ষে সমবেতসকলক সম্বোধন কৰি শ্ৰী চি পি ৰাধাকৃষ্ণণে ভাৰতৰত্ন গোপীনাথ বৰদলৈকে ধৰি বিশিষ্ট নেতাসকলৰ নেতৃত্বত এক ধাৰাবাহিক ৰাজহুৱা আন্দোলনৰ পাছত ১৯৪৮ চনৰ ২৬ জানুৱাৰীত উত্তৰ-পূব ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে স্থাপিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে বিশ্ববিদ্যালয়খনে এন আই আৰ এফ ২০২৫-ত ‘নাক’ৰ এ + স্বীকৃতি আৰু ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ৯ম স্থান লাভ কৰি অঞ্চলটোৰ এক প্ৰধান প্ৰতিষ্ঠানলৈ বিকশিত হৈছে।
ভাৰতৰ ভাষিক ঐতিহ্য সংৰক্ষণৰ বাবে বিশ্ববিদ্যালয়খনৰ প্ৰচেষ্টাক প্ৰশংসা কৰি তেওঁ কয় যে ভাষাই সভ্যতাৰ স্মৃতি, প্রজ্ঞা আৰু পৰিচয় বহন কৰে। তেওঁ অসমীয়া আৰু তামিল সাহিত্যৰ পৰস্পৰৰ ভাষালৈ অনুবাদক আদৰণি জনায়। অসম আৰু তামিলনাডুৰ মাজত অধিক শৈক্ষিক আৰু সাহিত্যিক আদান-প্ৰদানক উৎসাহিত কৰি তেওঁ কয় যে ভাৰতৰ ভাষিক বৈচিত্ৰ্য ইয়াৰ সাংস্কৃতিক ঐক্যৰ দ্বাৰা সমৃদ্ধ হৈছে।
শ্ৰী চি পি ৰাধাকৃষ্ণণে ব্ৰহ্মপুত্ৰ অৱবাহিকা, বিপন্ন ভাষা, বহুভাষাবাদ, মহিলা অধ্যয়ন, পৰিৱেশৰ সুস্থিৰতা আৰু ভাৰতীয় জ্ঞান প্ৰণালীৰ ওপৰত বিশ্ববিদ্যালয়খনৰ গৱেষণাক প্ৰশংসা কৰে। ব্ৰহ্মপুত্ৰক এক পৰিৱেশগত, অৰ্থনৈতিক আৰু সভ্যতাৰ শক্তি হিচাপে বৰ্ণনা কৰি তেওঁ আঞ্চলিক আৰু ৰাষ্ট্ৰীয় দুয়োটা প্ৰত্যাহ্বানৰ মোকাবিলা কৰা গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
২০১৪ চনৰ পৰা ভাৰতৰ উচ্চ শিক্ষা পৰিৱেশতন্ত্ৰৰ সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰি শ্ৰী চি পি ৰাধাকৃষ্ণণে নতুন আই আই টি, আই আই এম, আই আই আই টি, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, এইমছ আৰু অন্যান্য প্ৰতিষ্ঠান স্থাপনৰ কথা উল্লেখ কৰি সমগ্ৰ দেশতে শিক্ষাৰ সুযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বক প্ৰশংসা কৰে। তেওঁ লগতে উচ্চ শিক্ষাত মহিলাৰ নামভৰ্তি ২০১৪-১৫ চনত ১.৫৭ কোটিৰ পৰা ২০২৩-২৪ত ২.২৪ কোটিলৈ বৃদ্ধিৰ জৰিয়তে ৪২.২ শতাংশলৈ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি মহিলাৰ বৰ্ধিত অংশগ্ৰহণ আৰু শৈক্ষিক সাফল্যক সবলীকৰণৰ এক গুৰুত্বপূৰ্ণ সূচক হিচাপে বৰ্ণনা কৰে।
তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ উন্নয়ন বিশেষকৈ আন্তঃগাঁথনি, সংযোগ, শিক্ষা, বিনিয়োগ আৰু নিয়োগৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিক প্ৰশংসা কৰে। তেওঁ ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰত উন্নত প্ৰদৰ্শন, আইআইএম গুৱাহাটীত এমবিএৰ প্ৰথম বেটচৰ আৰম্ভণি আৰু ২০২১ চনৰ পৰা ১.৬৪ লাখ টকাৰো অধিকক যোগ্যতাৰ ভিত্তিত চৰকাৰী নিযুক্তিৰ ওপৰত আলোকপাত কৰে।
শ্ৰী চি পি ৰাধাকৃষ্ণণে ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক বিকশিত ভাৰত@ ২০৪৭ লৈ অৰিহণা যোগাবলৈ আহ্বান জনাই তেওঁলোকক সাহসৰে সপোন দেখিবলৈ, সামূহিক প্ৰত্যাহ্বানৰ মোকাবিলা কৰি গৱেষণা অব্যাহত ৰাখিবলৈ, প্ৰযুক্তিয়ে মানৱতাৰ সেৱা কৰাটো নিশ্চিত কৰিবলৈ আৰু উদ্ভাৱনক অন্তৰ্ভুক্তিমূলক বিকাশৰ বাহন হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। স্বামী বিবেকানন্দৰ উদ্ধৃতি দি তেওঁ যুৱপ্ৰজন্মক "জাগক উঠক আৰু লক্ষ্যত উপনীত নোহোৱালৈকে থমকি নৰ’ব" বুলি আহ্বান জনায়।
এই উপলক্ষে শ্ৰী চি পি ৰাধাকৃষ্ণণে অঙ্কুৰণ দত্ত আৰু ননী গোপাল মহন্তৰ দ্বাৰা সম্পাদিত ভূপেন হাজৰিকাঃ হানড্ৰেড ইয়াৰ্ছ অৱ এ ৱাণ্ডাৰিং ছংছ আৰু চন্দ্ৰকান্ত অভিধানৰ পঞ্চম সংশোধিত আৰু সম্প্ৰসাৰিত সংস্কৰণ মুকলি কৰে।
উপ-ৰাষ্ট্ৰপতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা এক সাংস্কৃতিক কাৰ্যসূচীও প্ৰত্যক্ষ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য অংশগ্ৰহণকাৰীসকলক "নো টু ড্ৰাগছ" শপতবাক্য গ্ৰহণৰো নেতৃত্ব দিয়ে আৰু যুৱক-যুৱতীসকলক মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ, আত্ম-অনুশাসন অনুশীলন কৰিবলৈ, তেওঁলোকৰ সময় বিচক্ষণতাৰে পৰিচালনা কৰিবলৈ আৰু অত্যাধিক ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ সীমিত কৰিবলৈ আহ্বান জনায়।
এই কাৰ্যসূচীত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মুখ্য সচিব ড০ ৰবি কোটা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰী ননী গোপাল মহন্ত, পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
***
PR/ASM/VMJ/HS
(ৰিলিজ আই ডি : 2307457)
অতিথি কক্ষ : 13