গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

৭ ছেপ্টেম্বৰ, ২০২৬, সোমবাৰে গোৱাৰ ৰাজধানী পানাজীত পশ্চিম আঞ্চলিক পৰিষদৰ ২৮সংখ্যক বৈঠকত অধ্যক্ষতা কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে সমবায় যুক্তৰাষ্ট্ৰীয়তাবাদৰ ভিত্তিত দেশৰ বাবে 'টিম ভাৰত'ৰ ধাৰণা আগবঢ়াইছে আৰু এই দিশত আঞ্চলিক পৰিষদসমূহে এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে

আঞ্চলিক পৰিষদসমূহে দুই বা ততোধিক ৰাজ্য বা কেন্দ্ৰ আৰু ৰাজ্যসমূহক একেলগে প্ৰভাৱিত কৰা বিষয়সমূহৰ ওপৰত আলোচনা আৰু কথোপকথনৰ বাবে এক সুসংগঠিত ব্যৱস্থা প্ৰদান কৰাৰ লগতে এই প্ৰক্ৰিয়াৰ জৰিয়তে পৰস্পৰৰ সহযোগিতা বৃদ্ধিৰ এক মঞ্চ হিচাপে কাম কৰে

সকলো ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ সহযোগত ২০১৪ চনৰ জুন মাহৰ পৰা বিভিন্ন আঞ্চলিক পৰিষদ আৰু ইয়াৰ স্থায়ী সমিতিৰ মুঠ ৭০খন বৈঠক অনুষ্ঠিত হৈছে

কেন্দ্ৰ আৰু সদস্য ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত তথা সদস্য ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নিজৰ মাজৰ বিষয় আৰু বিবাদসমূহ নিৰ্স্পত্তি কৰিবলৈ আৰু অঞ্চলটোৰ উন্নয়নৰ কাম ক্ষিপ্ৰতৰ কৰিবলৈ আঞ্চলিক পৰিষদসমূহে এক উৎকৃষ্ট মঞ্চ প্ৰদান কৰে

এই পৰিষদসমূহে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ ব্যাপ্ত বিষয়সমূহৰ ওপৰতো আলোচনা কৰে, যেনে—মহিলা আৰু শিশুৰ ধৰ্ষণ সংক্ৰান্তীয় গোচৰৰ দ্ৰুত তদন্ত নিশ্চিত কৰা, দ্ৰুত নিৰ্পত্তিৰ বাবে 'ফাষ্ট ট্ৰেক স্পেচিয়েল ক'ৰ্ট' ৰূপায়ণ কৰা, জৰুৰীকালীন সঁহাৰি সহায়ক ব্যৱস্থা ৰূপায়ণ কৰা আদি

পোষ্ট কৰা হৈছে: 05 SEP 2026 3:27PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৭ ছেপ্টেম্বৰ, ২০২৬, সোমবাৰে গোৱাৰ ৰাজধানী পানাজীত পশ্চিম আঞ্চলিক পৰিষদৰ ২৮সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। পশ্চিম আঞ্চলিক পৰিষদত গোৱা, গুজৰাট আৰু মহাৰাষ্ট্ৰ ৰাজ্যৰ লগতে দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ কেন্দ্ৰীয় শাসিত অঞ্চল অন্তৰ্ভুক্ত হৈ আছে। ১৯৫৬ চনৰ ৰাজ্য পুনৰগঠন আইনৰ ১৫ৰ পৰা ২২ নং ধাৰাৰ অধীনত পশ্চিম আঞ্চলিক পৰিষদকে ধৰি মুঠ পাঁচখন আঞ্চলিক পৰিষদ গঠন কৰা হৈছিল।

 

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহ পশ্চিম আঞ্চলিক পৰিষদৰ সভাপতি, আনহাতে গোৱাৰ মুখ্যমন্ত্ৰী ইয়াৰ উপ-সভাপতি। পৰ্যায়ক্ৰমে প্ৰতি বছৰে সদস্য ৰাজ্যসমূহৰ ভিতৰত কোনো এজন মুখ্যমন্ত্ৰীয়ে পৰিষদৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই বৈঠকখন ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ আন্তঃৰাজ্যিক পৰিষদ সচিবালয়ৰ দ্বাৰা আয়োজন কৰা হৈছে আৰু গোৱা চৰকাৰে ইয়াৰ আতিথ্য বহন কৰিছে। এই আঞ্চলিক পৰিষদত পশ্চিম অঞ্চলৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰতিখন ৰাজ্যৰ দুগৰাকীকৈ জ্যেষ্ঠ মন্ত্ৰী সদস্য হিচাপে অন্তৰ্ভুক্ত থাকে। বৈঠকখনত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়াসকলেও অংশগ্ৰহণ কৰিব।

 

আঞ্চলিক পৰিষদে মুখ্য সচিব পৰ্যায়ত এখন স্থায়ী সমিতিও গঠন কৰিছে। ৰাজ্যসমূহে প্ৰস্তাৱ কৰা বিষয়সমূহ আলোচনাৰ বাবে প্ৰথমে আঞ্চলিক পৰিষদৰ স্থায়ী সমিতিৰ সন্মুখত উপস্থাপন কৰা হয়। চিন্তা-চৰ্চাৰ পিছতো যিবোৰ বিষয় অমীমাংসিত হৈ থাকে, সেইবোৰ পৰৱৰ্তী সময়ত বিবেচনাৰ বাবে আঞ্চলিক পৰিষদৰ বৈঠকত দাখিল কৰা হয়।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে সমবায় যুক্তৰাষ্ট্ৰীয়তাবাদৰ নীতিৰ ভিত্তিত দেশৰ বাবে 'টিম ভাৰত'ৰ ধাৰণা আগবঢ়াইছে আৰু আঞ্চলিক পৰিষদসমূহে এই দিশত এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে সৰ্বাংগীন উন্নয়ন লাভ কৰিবলৈ সমবায় আৰু প্ৰতিযোগিতামূলক যুক্তৰাষ্ট্ৰীয়তাবাদৰ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

 

"শক্তিশালী ৰাজ্যইহে এক শক্তিশালী ৰাষ্ট্ৰ গঠন কৰে"— এই ভাৱনাৰে আঞ্চলিক পৰিষদসমূহে দুই বা ততোধিক ৰাজ্য বা কেন্দ্ৰ আৰু ৰাজ্যসমূহক একেলগে প্ৰভাৱিত কৰা বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে এক সুসংগঠিত ব্যৱস্থা প্ৰদান কৰে আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে পৰস্পৰৰ সহযোগিতা বৃদ্ধিৰ এক মঞ্চ হিচাপে কাম কৰে।

 

আঞ্চলিক পৰিষদসমূহৰ ভূমিকা মূলত পৰামৰ্শমূলক; তথাপিও, বিগত কেইবছৰমানৰ ভিতৰত এই পৰিষদসমূহে বিভিন্ন খণ্ডত পাৰস্পৰিক বুজাবুজি আৰু সহযোগিতাৰ এক সুস্থ সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে আত্মপ্ৰকাশ কৰিছে।

 

সকলো ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ সহযোগত বিগত ১২ বছৰত (২০১৪ চনৰ জুন মাহৰ পৰা বৰ্তমানলৈকে) বিভিন্ন আঞ্চলিক পৰিষদ আৰু ইয়াৰ স্থায়ী সমিতিৰ মুঠ ৭০ খন বৈঠক অনুষ্ঠিত হৈছে।

 

এই পৰিষদসমূহে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ ব্যাপক বিষয়সমূহৰ ওপৰতো আলোচনা কৰে, যিবোৰৰ ভিতৰত আছে— মহিলা আৰু শিশুৰ ধৰ্ষণ সংক্ৰান্তীয় গোচৰৰ দ্ৰুত তদন্ত আৰু দ্ৰুত নিষ্পত্তিৰ বাবে 'ফাষ্ট ট্ৰেক স্পেচিয়েল ক'ৰ্ট' ৰূপায়ণ; জৰুৰীকালীন সঁহাৰি সহায়ক ব্যৱস্থা ৰূপায়ণ; খাদ্য সুৰক্ষাৰ মানদণ্ড সম্পৰ্কীয় বিষয়; প্ৰতিখন গাঁৱৰ এক নিৰ্দিষ্ট ব্যাসাৰ্ধৰ ভিতৰত প্ৰত্যক্ষ বেঙ্কিং সুবিধা প্ৰদান; আৰু পুষ্টি, শিক্ষা, স্বাস্থ্য, বিদ্যুৎ খণ্ডৰ সংস্কাৰ, নগৰ উন্নয়ন পৰিকল্পনা, সমবায় ব্যৱস্থা শক্তিশালীকৰণ, চাইবাৰ অপৰাধ আৰু ডিজিটেল আন্তঃগাঁথনি আদি সংক্ৰান্তীয় বিষয়সমূহ।

 

*******

RK/RR/PR/PS/DB


(ৰিলিজ আই ডি : 2307128) অতিথি কক্ষ : 6