প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে য’ত শিক্ষাৰ্থীসকলক তথ্যৰ পৰা প্ৰজ্ঞাৰ দিশত পথ প্ৰদৰ্শন কৰাত শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা আলোকপাত কৰা হৈছে

পোষ্ট কৰা হৈছে: 05 SEP 2026 3:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰীযুত প্ৰলহাদ যোশীয়ে লিখা এটা লেখা শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইবুলি  উল্লেখ কৰে  যে কেন্দ্ৰীয় মন্ত্ৰীয়ে লিখিছে ভাৰতৰ শিক্ষকসকলকলৈ  উদযাপনৰ কৰাৰ অবিৰত পৰম্পৰাই জ্ঞান প্ৰদান কৰাসকলৰ প্ৰতি প্ৰদৰ্শন কৰা গভীৰ সন্মানক প্ৰতিফলিত কৰে। তেওঁ লগতে কয় যে লেখাটোত শিক্ষাৰ্থীক তথ্যৰ পৰা বুজাৰ দিশত তথা  বুজি উঠাৰ পৰা প্ৰজ্ঞাৰ দিশত পথ প্ৰদৰ্শন কৰাত শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকাক উজ্জ্বল কৰি তোলা হৈছে । লগতে ইয়াত আঙুলিয়াই দিয়া হৈছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০য়ে শিক্ষাৰ্থীক শিক্ষাৰ কেন্দ্ৰত ৰাখি এই দিশত  গ্ৰহণ কৰা এক উল্লেখযোগ্য পদক্ষেপক প্ৰতিনিধিত্ব কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে :

“কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী প্ৰলহাদ যোশী  ডাঙৰীয়াই লিখিছে যে ভাৰতৰ শিক্ষকসকলকলৈ উদযাপন কৰাৰ অবিৰত পৰম্পৰাই জ্ঞান প্ৰদান কৰাসকলৰ প্ৰতি জনোৱা গভীৰ সন্মানক প্ৰতিফলিত কৰে।

তেওঁ তথ্যৰ পৰা বুজাৰ দিশত আৰু বুজাৰ পৰা প্ৰজ্ঞাৰ দিশত শিক্ষাৰ্থীক পথ প্ৰদৰ্শন কৰাত শিক্ষকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ত  আলোকপাত কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সন্দৰ্ভত  তেওঁ কৈছে যে শিক্ষাৰ্থীক শিক্ষাৰ কেন্দ্ৰবিন্দুত ৰাখি ই এক উল্লেখযোগ্য পদক্ষেপক প্ৰতিনিধিত্ব কৰে ।”

 

***

MJPS/SS/PRK/DM


(ৰিলিজ আই ডি : 2306995) অতিথি কক্ষ : 6