গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

মুম্বাইত বেংক আৰু ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰিব কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে

পোষ্ট কৰা হৈছে: 02 SEP 2026 4:42PM by PIB Guwahati

গ্ৰামোন্নয়ন মন্ত্ৰালয়ে ভাৰত চৰকাৰৰ অন্যতম প্ৰধান কাৰ্যসূচী দীনদয়াল অন্ত্যোদয় যোজনা-ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (DAY-NRLM) ৰূপায়ণ কৰি আছে। এয়া হৈছে ভাৰত চৰকাৰে গ্ৰাম্য অঞ্চলত সম্প্ৰদায়ভিত্তিক প্ৰতিষ্ঠান গঢ়ি তোলা আৰু বহনক্ষম জীৱিকাৰ সৈতে সংযোগ কৰাৰ অন্যতম প্ৰধান কাৰ্যসূচী। বিগত ডেৰ দশকত মিছনে ১০ কোটিতকৈ অধিক গ্ৰাম্য মহিলাক ৯৩ লাখৰো অধিক আত্মসহায়ক গোট (এছ এইচ জি) আৰু তেওঁলোকৰ ফেডাৰেচনত সংগঠিত কৰিছে। এই যাত্ৰাত বেংকিং খণ্ডই মূল অংশীদাৰ হিচাপে কাম কৰি আহিছে, য’ত আত্ম সহায়ক গোট সমূহলৈ ঋণ প্ৰদানৰ পৰিমাণ  ১৩.৬৭ লাখ কোটি টকা হৈছে।

প্ৰতিষ্ঠানিক ঋণৰ শক্তিশালী প্ৰবাহে বৃহৎ সংখ্যকআত্ম সহায়ক গোটৰ সদস্যক জীৱিকা নিৰ্বাহৰ বাবে উদ্যোগ স্থাপন আৰু সম্প্ৰসাৰণ কৰিবলৈ সক্ষম কৰিছে, ৩.৪৬ কোটি মহিলাই লাখপতি দিদি হিচাপে আত্মপ্ৰকাশ কৰিছে। এই উদ্যোগসমূহৰ বহুতেই বিকাশৰ  পৰ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে আৰু নতুন উদ্যোগৰ উত্থান অব্যাহত থকাৰ সময়তে এই অভিযানৰ  পৰৱৰ্তী কৌশলগত অগ্ৰাধিকাৰ হৈছে মহিলা নেতৃত্বাধীন উদ্যোগসমূহক লালন-পালন কৰা, সেইবোৰৰ বাবে  বিত্তীয় সুবিধা শক্তিশালী কৰা আৰু সেইবোৰক বহনক্ষম গ্ৰাম্য ব্যৱসায়লৈ পৰিৱৰ্তনত সহায় কৰা।

২০২৬ চনৰ ৩ ছেপ্টেম্বৰত মুম্বাইত আত্ম সহায়ক গোট -বেংকৰ সংযোগ আৰু ব্যক্তিগত উদ্যোগৰ বিত্তীয় সাহায্যৰ ভিত্তিত  বেংক আৰু ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান (এছ আৰ এল এম)ৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত শিৱৰাজ সিং চৌহানৰ সভাপতিত্বত  বৈঠকখন অনুষ্ঠিত হ'ব ।  বৈঠকত কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু যোগাযোগ ৰাজ্য মন্ত্ৰী ড° চন্দ্ৰ শেখৰ পেম্মাছানী, গ্ৰামোন্নয়ন ৰাজ্যৰ মাননীয় মন্ত্ৰী শ্ৰী কমলেশ পাছোৱান আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ গ্ৰামোন্নয়ন তথা  পঞ্চায়তী ৰাজ দপ্তৰৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াও উপস্থিত থাকিব।

এই বৈঠকত ভাৰতীয় ৰিজাৰ্ভ বেংক, বিত্তীয় সেৱা বিভাগ, ৰাজহুৱা খণ্ডৰ বেংক, ব্যক্তিগত খণ্ডৰ বেংক, আঞ্চলিক গ্ৰাম্য বেংক, সমবায় বেংক, নাবাৰ্ড, পিএফআৰডিএ, কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান আৰু অন্যান্য গুৰুত্বপূৰ্ণ অংশীদাৰ প্ৰতিষ্ঠানসমূহৰ জ্যেষ্ঠ প্ৰতিনিধিসকলো উপস্থিত থাকিব।

বৈঠকত অন্যান্য বিষয় পৰ্যালোচনাৰ পূৰ্বে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰাম্য উন্নয়ন মন্ত্ৰীয়ে আত্মসহায়ক গোটৰ দিদিসকলৰ সৈতে মত বিনিময় কৰিব,  তেওঁলোকৰ ভিতৰৰে কেইবাগৰাকীও  লাখপতি দিদিয়ে প্ৰতিষ্ঠিত গ্ৰাম্য উদ্যোগ চলাই আছে।

 

বৈঠকত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকৰ পৰিচালন সঞ্চালক তথা  কাৰ্যবাহী সঞ্চালক, আঞ্চলিক গ্ৰাম্য বেংক আৰু এপেক্স সমবায় বেংকৰ অধ্যক্ষ,ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে লাভ কৰা অগ্ৰগতি তথা আগন্তুক  পৰিকল্পনাৰ বিষয়ত তেওঁলোকৰ চিন্তা-চৰ্চা ভাগ-বাটোৱাৰা কৰিব।

বৈঠকত অন্যান্য বিষয়ৰ লগতে ব্যক্তিগত উদ্যোগৰ ঋণ পৰ্টফলিঅ’ দুগুণ কৰা, আত্ম সহায়ক গোটসমূহলৈ ঋণৰ গড় পৰিমাণ বৃদ্ধি কৰা, ঋণ অনুমোদন তথা  বিতৰণৰ টাৰ্ণআউটৰ সময় হ্ৰাস কৰা, দুৰ্গম অঞ্চলসমূহকে ধৰি বাকী আত্ম সহায়ক গোটসমূহৰ ঋণ সংযোগৰ কৌশল নিৰ্ধাৰণ  আৰু জিলা কেন্দ্ৰীয় সমবায় বেংক (ডি চি চি বি) , প্ৰাথমিক কৃষি ঋণ ছ’চাইটি (পিএচিএছ) আদিৰ ভূমিকা শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিব ।

এই বৈঠকে বিত্তীয় অন্তৰ্ভুক্তি ২.০ দৃষ্টিভংগী ৰূপায়ণৰ দিশত ভৱিষ্যতৰ কাৰ্য্য পৰিকল্পনাক গতি প্ৰদান কৰিব। যাৰ লক্ষ্য হৈছে আত্ম সহায়ক গোটসমূহৰ বাবে সময়মতে তথা  পৰ্যাপ্ত ঋণ নিশ্চিত কৰা, মহিলা নেতৃত্বাধীন উদ্যোগসমূহৰ বাবে নিবেদিত বিত্তীয় সাহায্যৰ দিহা কৰা  তথা ভাৰতৰ গ্ৰাম্য অঞ্চলত উচ্চ পৰ্যায়ৰ বিত্তীয় সেৱাৰ সম্প্ৰসাৰণ ঘটোৱা।

 

*****

RC/PU/DM


(ৰিলিজ আই ডি : 2306329) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , Bengali , Gujarati , Tamil , Malayalam