প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰখ্যাত গুজৰাটী সংগীত সুৰকাৰ শ্ৰী গৌৰাংগ ব্যাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
গুজৰাটী সংগীতলৈ তেওঁৰ অমূল্য অৱদানৰ কথা স্মৰণ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
03 SEP 2026 12:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটী সংগীত জগতৰ প্ৰখ্যাত সংগীত সুৰকাৰ শ্ৰী গৌৰাংগ ব্যাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ পিতৃ অবিনাশ ব্যাসৰ সমৃদ্ধ সংগীতৰ ঐতিহ্যক আগুৱাই লৈ গৈ শ্ৰী গৌৰাংগ ব্যাসে গুজৰাটী সংগীতৰ ক্ষেত্ৰত নিজৰ বাবে এক অনন্য স্থান সৃষ্টি কৰিছিল। তেওঁৰ মৃত্যুত গুজৰাটে এজন প্ৰতিভাশালী সৃষ্টিকৰ্তাক হেৰুওৱাৰ অনুভৱ কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে গুজৰাটী সংগীতলৈ তেওঁৰ অমূল্য অৱদান সদায় স্মৰণীয় হৈ থাকিব।
প্ৰধানমন্ত্ৰীয়ে প্ৰয়াত আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু তেওঁৰ অনুৰাগীসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।
এক্স-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছেঃ
"ગુજરાતી સંગીતજગતના જાણીતા સંગીતકાર શ્રી ગૌરાંગ વ્યાસના અવસાનથી અત્યંત દુઃખ થયું.
પિતા અવિનાશ વ્યાસની સમૃદ્ધ સંગીત પરંપરાને આગળ ધપાવી તેમણે ગુજરાતી સંગીતના ક્ષેત્રમાં પોતાનું આગવું સ્થાન બનાવ્યું હતું. તેમના અવસાનથી ગુજરાતે એક પ્રતિભાશાળી સર્જકને ગુમાવ્યાની લાગણી થાય છે. ગુજરાતી સંગીતક્ષેત્રે તેમનું અમૂલ્ય યોગદાન હંમેશાં યાદ રહેશે.
સદ્ગતના આત્માની શાંતિ માટે પ્રાર્થના તથા શોકગ્રસ્ત પરિવારજનો અને તેમના વિશાળ ચાહકવર્ગને સાંત્વના…
ૐ શાંતિ…!!"
***
MJPS/SS/PRK/DD
(ৰিলিজ আই ডি : 2306265)
অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam