ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

ডিজিটেল ইণ্ডিয়া ভাষিণী বিভাগৰ উদ্যোগত নেপালত ভাষিণী শিল্পী সম্পন্ন; ভাষা এআই-ৰ ভৱিষ্যৎ গঢ়িবলৈ ডেভেলপাৰসকলক একত্ৰিত

ইন্টাৰেক্টিভ ডেভেলপাৰ অধিৱেশনত ভাষা প্ৰযুক্তিৰ জৰিয়তে বাস্তৱ-জগতৰ প্ৰত্যাহ্বানসমূহক অন্তৰ্ভুক্ত, বহুভাষিক ডিজিটেল সমাধানলৈ ৰূপান্তৰিতকৰণৰ উপায় সম্পৰ্কে আলোচনা

পোষ্ট কৰা হৈছে: 31 AUG 2026 6:43PM by PIB Guwahati

ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ (MeitY) ডিজিটেল ইণ্ডিয়া কৰ্পৰেচনৰ (DIC) অধীনস্থ ডিজিটেল ইণ্ডিয়া ভাষিণী বিভাগ(DIBD) উদ্যোগত আজি কাঠমাণ্ডুস্থিত ভাৰতৰ দূতাবাসভাষিণী শিল্পী (BHASHINI शिल्पी) অধিৱেশন অনুষ্ঠিত হয়। এই অধিৱেশনত নেপালৰ ডেভেলপাৰ, প্ৰযুক্তি প্ৰেকটিচনাৰ আৰু উদ্ভাৱকসকল একত্ৰিত হৈ ভাষা এআই-ৰ সৈতে নিৰ্মাণৰ সম্ভাৱনাসমূহ অন্বেষণ কৰে।

ডেভেলপাৰ, ছাত্ৰ-ছাত্ৰী আৰু উদ্ভাৱকৰ বাবে এক আকৰ্ষণীয় আৰু ইন্টাৰেক্টিভ প্লেটফৰ্ম হিচাপে ডিজাইন কৰা ভাষিণী শিল্পী এক গতানুগতিক প্ৰযুক্তি অধিৱেশনতে সীমাবদ্ধ নাথাকি এনে এখনি মঞ্চ প্ৰশস্ত কৰে য'ত অংশগ্ৰহণকাৰীসকলে ভাষা এআই-ৰ সৈতে শিকা, পৰীক্ষা-নিৰীক্ষা কৰা, সমাধান কৰিব পৰা আৰু নিৰ্মাণ কৰিবলৈ সক্ষম হৈ উঠে। এই অধিৱেশনত ধাৰণা আৰু প্ৰযুক্তি একত্ৰিত হয়। ইয়াত অংশগ্ৰহণকাৰীসকলক ভাষিণীৰ সৈতে বিকাশ, সমাধান, স্কেলিং আৰু উদ্ভাৱনৰ যাত্ৰাৰ মাজেৰে আগবঢ়াই নিয়া হয়। একে সময়তে তেওঁলোকক বাস্তৱ-জগতৰ প্ৰত্যাহ্বানসমূহ অন্বেষণ কৰিবলৈ, ধাৰণাৰ আদান-প্ৰদান কৰিবলৈ আৰু অন্তৰ্ভুক্ত, বহুভাষিক ডিজিটেল সমাধান সৃষ্টিৰ বাবে নতুন সম্ভাৱনা আৱিষ্কাৰ কৰিবলৈ উৎসাহিত কৰা হয়। অংশগ্ৰহণকাৰীসকলক কথোপকথনৰ কেন্দ্ৰবিন্দুত ৰাখি ভাষিণী শিল্পীয়ে ভাষা প্ৰযুক্তি ব্যৱহাৰ কৰি মানুহ, ভাষা আৰু সমাজৰ বাবে প্ৰাসংগিক সমাধান সৃষ্টি কৰিব পৰা নিৰ্মাতাৰ এখন ক্ৰমবৰ্ধমান সমাজক লালন-পালন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ইয়াত লাইভ প্ৰদৰ্শন, ব্যৱহাৰিক আলোচনা আৰু মুকলি প্ৰশ্নোত্তৰ অধিৱেশন অনুষ্ঠিত হয়। ইয়াত অংশগ্ৰহণকাৰীসকলে ভাষিণী টীমৰ সৈতে পোনপটীয়াকৈ মত-বিনিময় কৰাৰ, প্ৰশ্ন সোধাৰ সমান্তৰালভাৱে ভাষিণীৰ সৈতে সমাধান বিকশিত কৰাৰ সম্ভাৱনাসমূহ অন্বেষণ কৰাৰ সুযোগ লাভ কৰে। অংশগ্ৰহণকাৰীসকলক ভাষিণী এপিআই আৰু ডেভেলপাৰ সমলৰ সৈতে পৰিচয় কৰাই দিয়া হয়। একেদৰে ভাষিণীৰ সৈতে বিকাশ, ভাষিণীৰ সৈতে সমাধান, ভাষিণীৰ সৈতে স্কেল আৰু ভাষিণীৰ সৈতে উদ্ভাৱনৰ যাত্ৰাৰ মাজেৰে লৈ যোৱা হয়। ইয়াত কেনেকৈ আৰম্ভ কৰিব পাৰি, প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব পাৰি, প্ৰাৰম্ভিক ধাৰণাসমূহৰ পৰা স্কেলৰ দিশত সমাধান কৰিব পাৰি আৰু বাস্তৱ-জগতৰ সমস্যাৰ বিবৃতি তথা ব্যৱহাৰৰ ক্ষেত্ৰসমূহত ভাষা এআই প্ৰয়োগ কৰিব পাৰি সেই বিষয়ে অন্বেষণ কৰা হয়। ইয়াৰ এটি উল্লেখযোগ্য দিশ আছিল ইন্টাৰেক্টিভ “ভাষিণীৰ সৈতে উদ্ভাৱন” খণ্ড। ইয়াত অংশগ্ৰহণকাৰীসকলে ধাৰণাসমূহৰ আদান-প্ৰদান কৰে। ইয়াৰ জৰিয়তে ভাষিণীয়ে সমস্যাসমূহক প্ৰ’ট’টাইপ আৰু স্কেলেবল সমাধানলৈ ৰূপান্তৰিত কৰাত কেনেকৈ সহায় কৰিব পাৰে সেই বিষয়ে অন্বেষণ কৰা হয়।

ডিজিটেল ইণ্ডিয়া ভাষিণী বিভাগৰ চিইঅ’ শ্ৰী অমিতাভ নাগে কয়ঃ

"জনতাই গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰিব পৰা মাত্ৰেকে ভাষা এআই সঁচাকৈয়ে অৰ্থপূৰ্ণ হৈ পৰে। ভাষিণী শিল্পী হৈছে ডেভেলপাৰ, ছাত্ৰ-ছাত্ৰী আৰু উদ্ভাৱকসকলক এই যাত্ৰাত একত্ৰিত কৰা, তেওঁলোকক পৰীক্ষা-নিৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰা, প্ৰশ্ন কৰা, ধাৰণাৰ আদান-প্ৰদান কৰা আৰু বাস্তৱ-জগতৰ প্ৰত্যাহ্বানসমূহক সমাধানলৈ ৰূপান্তৰ কৰাত সমৰ্থন আগবঢ়োৱা। নেপালৰ সৈতে আমাৰ সহযোগিতাৰ লক্ষ্য হৈছে এই বাতাবৰণক একেলগে গঢ়ি তোলা আৰু ভাষা তথা সমাজসমূহৰ মাজত উপযোগী প্ৰযুক্তি সৃষ্টি কৰা।"

উৎসাহপূৰ্ণ অংশগ্ৰহণ, প্ৰশ্ন আৰু মুকলি ধাৰণাৰ আদান-প্ৰদান কাৰ্য্যই নেপালৰ প্ৰযুক্তি আৰু উদ্ভাৱন সমাজৰ মাজত বৈচিত্ৰ্যময় ভাষিক প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে ভাষা এআই-ৰ প্ৰয়োগ কৰিবলৈ ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহকে প্ৰতিফলিত কৰে।

ভাষিণী শিল্পীয়ে ডেভেলপাৰ, শিক্ষাবিদ আৰু উদ্ভাৱকসকলৰ বাবে পৰস্পৰে-পৰস্পৰৰ পৰা শিকিবলৈ, ধাৰণাৰ আদান-প্ৰদান আৰু অধিক অন্তৰ্ভুক্ত ডিজিটেল ভৱিষ্যতৰ বাবে সমাধান সহযোগী সৃষ্টি কৰাৰ সুযোগ সৃষ্টি কৰি ভাষা প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত-নেপালৰ সহযোগিতাক অধিক গভীৰ কৰে।

অধিৱেশনত ভাষিণী শিল্পীৰ মনোভাৱ অক্ষুণ্ণ ৰখা হয়ঃ কেৱল ভাষা এআই-এ কি কৰিব পাৰে তাক প্ৰদৰ্শন কৰাই নহয়, বৰঞ্চ প্ৰশ্ন সুধিবলৈ, সমস্যা সমাধান কৰিবলৈ, ধাৰণাৰ আদান-প্ৰদান কৰিবলৈ আৰু আমি একেলগে কি গঢ়ি তুলিব পাৰো আৱিষ্কাৰ কৰিবলৈ এখনি মঞ্চ প্ৰশস্ত কৰে।

ডিজিটেল ইণ্ডিয়া ভাষিণী বিভাগৰ (DIBD) সম্পৰ্কে

ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ (MeitY) ডিজিটেল ইণ্ডিয়া কৰ্পৰেচনৰ (DIC) অধীনস্থ ডিজিটেল ইণ্ডিয়া ভাষিণী বিভাগ (DIBD) হৈছে এআই-চালিত বহুভাষিক ডিজিটেল অন্তৰ্ভুক্তিৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় মঞ্চ। ভাষিণীয়ে ৮০০-ৰো অধিক চৰকাৰী ৱেবছাইটক সমৃদ্ধ কৰিছে, ৯ বিলিয়নৰো অধিক ক্ৰমবৰ্ধমান এআই ইনফাৰেন্স সক্ষম কৰিছে, দৈনিক ২৪ নিযুতৰো অধিক এআই ইনফাৰেন্স পৰিচালনা কৰিছে আৰু ৩৬ ভাৰতীয় পাঠ্য ভাষা, ২৩ ভাৰতীয় কণ্ঠ ভাষা তথা ৩৫ আন্তঃৰাষ্ট্ৰীয় ভাষাক সমৰ্থন কৰিছে। ইয়াৰ ফলশ্ৰুতিত ভাষা এআই-ৰ জৰিয়তে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি অধিক সুলভ হৈ পৰিছে।

****

Vinod Kumar / Kanishk Sharma/SB


(ৰিলিজ আই ডি : 2305639) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi , Tamil , Kannada