গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

পৰ্যাপ্ত মাত্ৰাত উপলব্ধ পিঁয়াজ: চৰকাৰে কাণ্ডা এক্সপ্ৰেছ আৰু পথ পৰিবহণৰ জৰিয়তে মজুতৰ লক্ষ্য নিৰ্ধাৰিত সৰবৰাহ নিশ্চিত কৰিছে

প্ৰধান কেন্দ্ৰসমূহক যোগান ধৰিবলৈ ৰে'লৱে ৰেক আৰু পথ পৰিবহণৰ জৰিয়তে হাইব্ৰিড পৰিবহণৰ আৰ্হি গ্ৰহণ কৰা হৈছে

মজুত ১৯খন চহৰলৈ সম্প্ৰসাৰিত কৰা হৈছে, দেশজুৰি কাণ্ডা এক্সপ্ৰেছ আৰু ৩০খনতকৈও অধিক ট্ৰাক নিয়োগ কৰা হয়
প্ৰত্যক্ষ ধন পৰিশোধ ব্যৱস্থাৰ জৰিয়তে কৃষকসকলক সময়মতে ধন প্ৰদান কৰাটো নিশ্চিত কৰা হৈছে

এনচিচিএফ , নাফেড,কেন্দ্ৰীয় ভাণ্ডাৰ খুচুৰা বিপণী আৰু মোবাইল ভেনৰ জড়িয়তে খুচুৰা বজাৰত ৩৫ টকা দৰত পিঁয়াজ উপলব্ধ কৰা হৈছে

পোষ্ট কৰা হৈছে: 01 SEP 2026 2:38PM by PIB Guwahati

চৰকাৰে ৰে'লৱে ৰেক (কাণ্ডা এক্সপ্ৰেছ) আৰু প্ৰধান উপভোক্তা কেন্দ্ৰসমূহলৈ পথ পৰিবহণক সামৰি লোৱা হাইব্ৰিড পৰিবহণ মডেলৰ জৰিয়তে পিঁয়াজৰ মজুতৰ সৰবৰাহ আৰম্ভ কৰিছে , যাতে ঋতু অনুসৰি হোৱা  মূল্যৰ চাপ মধ্যমীয়া হয়। মূল্য স্থিতিশীলতা পুঁজি (পিএছএফ)ৰ অধীনত পিঁয়াজৰ সৰবৰাহ ২০২৬ চনৰ ২৪ আগষ্টৰ পৰা নেফেড আৰু এনচিচিএফৰ জৰিয়তে আৰম্ভ কৰা হৈছে।

এই পদক্ষেপৰ অংশ হিচাপে নাছিকৰ পৰা দুখন  কাণ্ডা এক্সপ্ৰেছ প্ৰেৰণ কৰা হৈছে। ২০২৬ চনৰ ২৭ আগষ্টৰ শেষৰ ফালে ৪৫০ মেট্ৰিক টন পিয়াঁজ কঢ়িয়াই অনা প্ৰথম ৰেকখন দিল্লীত উপস্থিত হয়।ইয়াৰে ১৪০ মেট্ৰিক টন পিয়াঁজ পৰৱৰ্তী সময়ত সমগ্ৰ বাৰাণসী, লক্ষ্ণৌ, চণ্ডীগড় আৰু অমৃতসৰত বিতৰণ কৰা হয় আৰু বাকী পৰিমাণ দিল্লী-এনচিআৰ অঞ্চলত বিতৰণ কৰা হয়। ৮৪০ মেট্ৰিক টন পিঁয়াজ কঢ়িয়াই অনা দ্বিতীয়খন ৰেক ২০২৬ চনৰ ৩১ আগষ্টত চেন্নাইত উপস্থিত হয়।তামিলনাডু চৰকাৰে প্ৰতিখন কাৰ্ডত ১ কেজিৰ প্ৰয়োজনীয়তাৰ বিপৰীতে ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএছ)ৰ জৰিয়তে এই পিঁয়াজ বিতৰণ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰস্তাৱিত জিলাভিত্তিক ক্লাষ্টাৰিং অনুসৰি তামিলনাডুৰ বিভিন্ন জিলাত পিঁয়াজ এনেদৰে বিতৰণ কৰাৰ সম্ভাৱনা আছে:

 

 

ক্ৰমিক নং

অঞ্চল

জিলা সংমিশ্ৰণ

উত্তৰ

চেন্নাই পিডিএছ ১ + চেন্নাই পিডিএছ ২

উত্তৰ

তিৰুৱল্লুৰ + কাঞ্চীপুৰম + চেংগলপট্টু + ভেল্লোৰ + ৰানিপেট + তিৰুপট্টুৰ

উত্তৰ

তিৰুৱন্নমলাই + ভিল্লুপুৰম + কল্লকুৰিচি

পশ্চিম

কইম্বাটুৰ + নীলগিৰিছ

পশ্চিম

তিৰুপপুৰ + ইৰোড

পশ্চিম

চেলেম + নামককাল + ধৰ্মপুৰী + কৃষ্ণগিৰি

পূব

কুদ্দালোৰ + মায়লাদুথুৰাই

পূব

নগাপত্টিনাম + তিৰুৱৰুৰ

মধ্য

আৰিয়ালুৰ + পেৰামবলুৰ

১০

মধ্য

ত্ৰিচি + কাৰুৰ

১১

মধ্য

থাঞ্জাভুৰ + পুডুক্কোট্টাই

১২

দক্ষিণ

মাদুৰাই + ডিণ্ডিগুল

১৩

দক্ষিণ

থেনি + বিৰুধুনগৰ

১৪

দক্ষিণ

শিৱগংগাই + ৰামনাথপুৰম

১৫

দক্ষিণ

তিৰুনেলভেলি + টেংকাছি

১৬

দক্ষিণ

টুটিকোৰিন + কন্যাকুমাৰী

 

প্ৰায় ১০০০ মেট্ৰিক টন পিয়াঁজ স্থলপথেৰে লৈ যোৱা হৈছে। একে সময়তে বজাৰৰ প্ৰচলিত পৰিস্থিতি আৰু মূল্যৰ ধাৰাসমূহৰ ওপৰত ভিত্তি কৰি প্ৰায় ১০০০ মেট্ৰিক মেট্ৰিক পিয়াঁজ পথৰ জৰিয়তে প্ৰধান উপভোক্তা কেন্দ্ৰসমূহলৈ পৰিবহণ কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে উপলব্ধতা উন্নত কৰা আৰু ঋতুভিত্তিক মূল্যৰ চাপ মধ্যমীয়া কৰা। খুচুৰা বজাৰত পিঁয়াজৰ উপলব্ধতা ১৯খন চহৰলৈ যথেষ্ট সম্প্ৰসাৰিত কৰা হৈছে, ব্যাপক উপলব্ধতা নিশ্চিত কৰিবলৈ ৩০খনতকৈও অধিক ট্ৰাক ব্যৱহাৰ  কৰা হৈছে । এই চহৰসমূহৰ ভিতৰত আছে দিল্লী, জয়পুৰ, জম্মু, ডেৰাডুন, ছিমলা, অমৃতসৰ, চণ্ডীগড়, কলকাতা, গুৱাহাটী, লক্ষ্ণৌ, বাৰাণসী, পাটনা, ভোজপুৰ (বিহাৰ), শ্বৰীফ (বিহাৰ), ভুৱনেশ্বৰ, চেন্নাই, মাদুৰাই, ত্ৰিশূৰ আৰু কোচি। লক্ষ্ণৌতো এই খুচুৰা পদক্ষেপৰ শুভাৰম্ভ কৰিছে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বি.এল. ভাৰ্মাই।

খুচুৰা  বজাৰত পিয়াঁজ প্ৰতি কিলোগ্ৰামত ৩৫  টকাত উপলব্ধ হৈছে। এনচিচিএফ, নেফেড, কেন্দ্ৰীয় ভাণ্ডাৰ আউটলেট আৰু মোবাইল ভেনৰ  জৰিয়তে প্ৰতি কিলোগ্ৰামত ৩৫ টকা দৰত পিঁয়াজ গ্ৰাহকৰ বাবে সুলভ মূল্যৰ জড়িয়তে  উপলব্ধ কৰাটো  নিশ্চিত কৰা হৈছে। আজিলৈকে মুঠ প্ৰায় ৬৬৯ মেট্ৰিক টন পিঁয়াজ বিক্ৰী কৰা হৈছে, য’ত ই-নেম পৰ্টেল আৰু অনুৰূপ অনলাইন প্লেটফৰ্মৰ জৰিয়তে প্ৰচলিত মাণ্ডীৰ মূল্যত বাল্ক চেনেলৰ জৰিয়তে ২২৩ মেট্ৰিক টন আৰু সমগ্ৰ দেশতে খুচুৰা চেনেলৰ জৰিয়তে ৪৪৬ মেট্ৰিক টন পিঁয়াজ বিক্ৰী হৈছে।

মূল্যৰ স্থিৰতা  সমৰ্থন কৰিবলৈ উপলব্ধতা বৃদ্ধি কৰা হৈছে। মজুতস্থলীৰ  পৰা পিঁয়াজ মুকলি কৰাৰ ফলত বজাৰত উপলব্ধতা উন্নত হৈছে আৰু মূল্য হ্ৰাস পাইছে, বিশেষকৈ যিবোৰ কেন্দ্ৰত পিঁয়াজৰ যোগান ধৰা গৈছে, যেনে বাৰাণসী, অমৃতসৰ, দিল্লী আৰু ওচৰৰ বজাৰসমূহত উপলব্ধতা উন্নত হৈছে। পিঁয়াজৰ সৰবৰাহ  আৰম্ভ হোৱাৰ পিছদিনাখনৰ পৰা মূল্য হ্ৰাস পোৱা দেখা গৈছে। লগতে  বৃদ্ধি পোৱা যোগানে মূল্যৰ স্থিতিশীলতাক আৰু অধিক সমৰ্থন কৰিব বুলি আশা কৰা হৈছে।

কৃষকক সময়মতে ধন প্ৰদান

তদুপৰি প্ৰায় ৩৪০০ কৃষকক পোনপটীয়াকৈ ২১০ কোটি টকা প্ৰদান কৰা হৈছে, যাৰ ফলত সময়মতে ধন পৰিশোধ কৰাটো নিশ্চিত কৰা হৈছে। গ্ৰাহকৰ বাবে পৰ্যাপ্ত আৰু সুলভ মূল্যৰ উপলব্ধতা নিশ্চিত কৰাৰ লগতে পিঁয়াজ খেতিয়কসকলক সহায় কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। ৰে’লৱে ৰেকৰ জৰিয়তে বৃহৎ পৰিমাণৰ পিঁয়াজৰ সৰবৰাহ  কৰাৰ সময়ত সকলো ধৰণৰ সুৰুঙা  ৰোধ কৰাৰ বাবে আৰু নিৰাপত্তাজনিত উদ্বেগ দূৰ কৰাৰ বাবেও চৰকাৰে শক্তিশালী নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে।

***

RT/ ARC/DM


(ৰিলিজ আই ডি : 2305635) অতিথি কক্ষ : 3